সম্পত্তি তেওঁৰ ৩,৩৮৩ কোটিৰো অধিক টকা। সমগ্ৰ মহাৰাষ্ট্ৰৰ ভিতৰতে আটাইতকৈ ধনী বিধায়ক হিচাপে পৰিচিত তেওঁ। কিন্তু তাৰ পিছতো ৰাজপথত দেখা গ’ল সম্পূৰ্ণ ভিখাৰীৰ বেশত। শেহতীয়াকৈ মহাৰাষ্ট্ৰৰ ঘাটকোপা অঞ্চলৰ বিধায়ক পৰাগ শ্বাহে ৰাজপথত নামি দিনজোৰা সময় কটালে ভিক্ষাৰীৰ ৰূপত। সুৰক্ষাকৰ্মী, বিলাসী গাড়ী আৰু সকলো বহুমূলীয়া সামগ্ৰী এৰি ঘাটকোপাৰৰ ৰাজপথত ভিক্ষা মাগি জীৱনৰ বাস্তৱ অভিজ্ঞতা লাভ কৰাৰ কথা সদৰী কৰে বিজেপি বিধায়কজনে। ভিখাৰীৰ সাজ পিন্ধা বিধায়কগৰাকীৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পাছতেই এই সমগ্ৰ ঘটনা পোহৰলৈ আহে। নিজৰ জৈন ধৰ্মগুৰু নম্ৰমুনীৰ পৰামৰ্শ মতেই তেওঁ এই কাৰ্যসূচী গ্ৰহণ কৰে। পবিত্ৰ ধৰ্মীয় মাহৰ অংশ হিচাপে মানুহে যাতে চিনি নাপায়, তাৰ বাবে মুখত বিশেষ মেক-আপ কৰি কেইবা ঘণ্টাও ৰাজপথত কটোৱাৰ লগতে আনৰ পৰা পোৱা খাদ্য খাই পথৰ দাঁতিতে বহি সময় পাৰ কৰে তেওঁ। এই সন্দৰ্ভত নিজৰ অভিজ্ঞতা প্ৰকাশ কৰি বিধায়ক শ্বাহে কয় যে পদ আৰু মৰ্যাদা থাকিলে মানুহে সন্মুখত শাৰী পাতে, কিন্তু সেই একেখিনি মানুহৰে ওচৰলৈ ভিখাৰীৰ বেশত গ’লে জীৱনৰ প্ৰকৃত ৰূপটো অনুধাৱন কৰিব পাৰি। মুম্বাইৰ সাধাৰণ মানুহৰ সহায়শীল মনোভাৱৰ কথাও তেওঁ উল্লেখ কৰে। তেওঁ কয় যে এগৰাকী ব্যক্তিয়ে তেওঁক ২০ টকা দি খোৱাৰ বাবে অনুৰোধ কৰিছিল। আন এজন চিঙৰা বিক্ৰেতাই ধন নথকা বুলি কোৱাৰ পাছতো কোনো ধৰণৰ খং-ৰাগ নকৰি এটা হাঁহিৰে বিনামূলীয়াকৈ চিঙৰা খাবলৈ দিয়ে। পিছত মেক-আপ আঁতৰাই বিধায়কজনে সেই স্থানসমূহলৈ পুনৰ গৈ মানুহখিনিৰ সৈতে কথা পাতে। উল্লেখ্য যে, ৰিয়েল এষ্টেট ব্যৱসায়ী পৰাগ শ্বাহে ২০২৪ চনৰ মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ শপতনামাত ৩,৩৮৩ কোটিৰো অধিক টকাৰ সম্পত্তি ঘোষণা কৰি ৰাজ্যখনৰ আটাইতকৈ ধনী প্ৰাৰ্থী হিচাপে পৰিগণিত হৈছিল। Share this:FacebookX Related Post navigation নগাঁৱত জয়ী হ’লে ২০৩১ৰ নিৰ্বাচনত ১২৬ খন আসনেই লাভ কৰিব বিজেপিয়েঃ মুখ্যমন্ত্ৰী ২০২৫ বৰ্ষত শূন্য চোৰাং চিকাৰ; এশিঙীয়া গঁড় সুৰক্ষাত অসমৰ ঐতিহাসিক মাইলষ্ট’ন