উৎসৱ উদযাপনৰ সময়ত গুলীচালনাৰ এক পুৰণি গোচৰত দোষী সাব্যস্ত হ’ল বিজেপিৰ এজন বিধায়ক। এই গোচৰৰ চূড়ান্ত ৰায় প্ৰদান কৰি বিজেপি বিধায়ক ৰাজু কুমাৰ সিঙক চাৰি বছৰৰ কাৰাদণ্ডৰ শাস্তি বিহে আদালতে। ইয়াৰ পিছতে ৰাজু কুমাৰৰ বিধায়ক পদো খাৰিজ কৰা হয়। উল্লেখ্য যে, দোষী সাব্যস্ত ৰাজু কুমাৰ সিং বিহাৰৰ চাহেবগঞ্জ সমষ্টিৰ বিধায়ক। ২০১৮ চনত সংঘটিত এই ঘটনাৰ ৰায়দান কৰি দিল্লীৰ ৰাউজ এভিনিউ আদালতে শনিবাৰে শাস্তি ঘোষণা কৰে। একেলগে নিহত মহিলাগৰাকীৰ পৰিয়ালক ২৫ লাখ টকাৰ ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশো দিয়ে আদালতে। আদালতৰ ৰায় অনুসৰি, ভাৰতীয় দণ্ডবিধিৰ ৩০৪ (দ্বিতীয় অংশ) ধাৰা আৰু অস্ত্ৰ আইনৰ বিভিন্ন ধাৰাত দোষী সাব্যস্ত হৈছে ৰাজু কুমাৰ সিং। ২০১৮ চনৰ ৩১ ডিচেম্বৰৰ নিশা নৱবৰ্ষ উদযাপনৰ সময়ত কৰা হৰ্ষধ্বনি গুলীচালনাত ডাঃ অৰ্চনা গুপ্তা নামৰ এগৰাকী মহিলা চিকিৎসকৰ মৃত্যু হৈছিল। ৰায়দানৰ সময়ত আদালতে মন্তব্য কৰে যে, হৰ্ষধ্বনি গুলীচালনা দেশত এক গুৰুতৰ সামাজিক সমস্যা হিচাপে পৰিণত হৈছে। ৰাজু কুমাৰ সিঙৰ অসাৱধানতাৰ ফলতেই এই মৃত্যুৰ ঘটনা সংঘটিত হৈছিল বুলিও আদালতে উল্লেখ কৰে। তদন্তৰ সময়ত অভিযুক্তৰ পৰা অস্ত্ৰ আৰু গুলী-বৰুদ উদ্ধাৰ কৰা হৈছিল। বিচাৰৰ সময়ত অভিযোগকাৰী পক্ষই যুক্তি দাঙি ধৰি কয় যে, আইন প্ৰণয়ন কৰা এজন জনপ্ৰতিনিধিয়েই এই ঘটনাত আইন ভংগ কৰিছে। জনপ্ৰতিনিধিত্ব আইনৰ বিধান অনুসৰি, কোনো সাংসদ বা বিধায়কক যদি কোনো ফৌজদাৰী গোচৰত দুবছৰ বা তাতকৈ অধিক কাৰাদণ্ড দিয়া হয়, তেন্তে দোষী সাব্যস্ত হোৱাৰ দিনৰ পৰাই তেওঁ জনপ্ৰতিনিধি হিচাপে অযোগ্য হৈ পৰে। সেই অনুসৰিয়েই ৰাজু কুমাৰ সিঙৰ বিধায়ক পদো বাতিল হৈছে। ৰাজু কুমাৰ সিং ২০০৫ চনৰ পৰা একাধিকবাৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছে। লোক জনশক্তি পাৰ্টি, জনতা দল (ইউনাইটেড), ভিআইপি আৰু পাছলৈ বিজেপিৰ প্ৰাৰ্থী হিচাপেও তেওঁ নিৰ্বাচনত জয়ী হৈছিল। পূৰ্বে বিহাৰ চৰকাৰৰ পৰ্যটন মন্ত্ৰী হিচাপেও দায়িত্ব পালন কৰিছিল তেওঁ। Share this:FacebookX Related Post navigation নিজৰ চাৰ্ভিছ অস্ত্ৰেৰে গুলীয়াই আত্মহনন আৰক্ষী জোৱানৰ, তামুলপুৰত চাঞ্চল্য