এগৰাকী আৰক্ষী জোৱানৰ ৰহস্যজনক মৃত্যুৱে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে তামুলপুৰত। শুকুৰবাৰে নিশা ২৪ সংখ্যক অসম আৰক্ষী বেটেলিয়নৰ হাবিলদাৰ ঘনকান্ত মালাকাৰ গুলীবিদ্ধ হৈ মৃত অৱস্থাত উদ্ধাৰ হোৱাৰ পিছতে ঘটনাক কেন্দ্ৰ কৰি চাঞ্চল্য বিয়পি পৰে। ঘটনাটো সংঘটিত হয় তমুলপুৰ থানাৰ অন্তৰ্গত দৰঙা মেলা আৰক্ষী আৱাসিক চৌহদত। নিহত হাবিলদাৰজন বজালী জিলাৰ পাঠশালাৰ বৰগাঁও অঞ্চলৰ বাসিন্দা ৫১ বছৰীয়া ঘনকান্ত মালাকাৰ বুলি জানিব পৰা গৈছে। প্ৰাথমিক তদন্তত পোহৰলৈ অহা তথ্য অনুসৰি, নিশা প্ৰায় ১১.৪০ বজাত আৱাসিক চৌহদৰ শৌচাগাৰৰ ওচৰত নিজৰ ৯ মিলিমিটাৰ চাৰ্ভিছ কাৰ্বাইন ব্যৱহাৰ কৰিছিল মালাকাৰে। গুলীৰ শব্দ শুনি সহকৰ্মী আৰক্ষী ঘটনাস্থলীলৈ দৌৰি আহে যদিও তেতিয়ালৈকে তেওঁৰ মৃত্যু ঘটে। ঘটনাটোক আত্মহত্যা বুলি প্ৰাথমিকভাৱে সন্দেহ কৰিছে তদন্তকাৰীসকলে। এই চূড়ান্ত সিদ্ধান্তত উপনীত হ’বলৈ অৱশ্যে অধিক তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। কি কাৰণত এনে ঘটনা সংঘটিত হ’ল, সেয়া এতিয়াও স্পষ্ট হোৱা নাই। ঘটনাটোৰ আঁৰৰ প্ৰকৃত কাৰণ উদ্ঘাটনৰ লক্ষ্যৰে তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। Share this:FacebookX Related Post navigation মানাহত কেমেৰাত বন্দী দুৰ্লভ ক’লা নাহৰফুটুকীৰ দৃশ্য ৮ বছৰ পুৰণি গোচৰত দোষী সাব্যস্ত বিজেপি বিধায়ক! চাৰি বছৰৰ কাৰাদণ্ডৰ শাস্তি