দেশপ্ৰেমৰ প্ৰতীকস্বৰূপ ‘বন্দে মাতৰম’ ধ্বনিক ঘৃণাৰ ভাষালৈ ৰূপান্তৰিত কৰিছে শাসকীয় পক্ষই। এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছ নেতা ৰণদীপ সিং সুৰজেৱালাই। মঙলবাৰে এক বক্তব্যত ৰাজ্যসভাৰ সাংসদগৰাকীয়ে অভিযোগ কৰে যে বিজেপিয়ে হাৰিয়ানাত এক বিভাজনকাৰী ৰাজনৈতিক আৰ্হি অনুসৰণ কৰি বিভিন্ন সম্প্ৰদায়ৰ মাজত সংঘাত সৃষ্টি কৰিছে। তেওঁৰ মতে, মাতৃভূমিৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা শ্লোগানটোক এতিয়া ঘৃণা বিয়পোৱাৰ আহিলা হিচাপে ব্যৱহাৰ কৰা হৈছে। সুৰজেৱালাৰ মতে, বিগত কেইবছৰমানত হাৰিয়ানাক জাট বনাম অনা-জাট, পঞ্জাবী বনাম আগৰৱালা, শিখ বনাম হিন্দু আদি বিভিন্ন ধৰণে বিভক্ত কৰাৰ চেষ্টা চলোৱা হৈছে। আনকি দুখীয়া শ্ৰেণীৰ মাজতো ৰবিদাসিয়া বনাম বাল্মীকি বা ব্ৰাহ্মণ বনাম আৰ্থিকভাৱে পিছপৰা শ্ৰেণীৰ মাজত বিভাজনৰ সৃষ্টি কৰা হৈছে বুলি তেওঁ দাবী কৰে। ইয়াৰ উপৰি মেৱাট অঞ্চলত হিন্দু আৰু মুছলমানৰ মাজত মেৰুকৰণ সৃষ্টি কৰাৰ বাবেও তেওঁ বিজেপিক দোষাৰোপ কৰে। নেতাগৰাকীয়ে আক্ষেপ প্ৰকাশ কৰি কয় যে ভগৱান কৃষ্ণৰ শিক্ষাৰে পুত-পৱিত্ৰ কাইথল-কপিষ্ঠলৰ দৰে ভূমিটো এতিয়া মানুহে ইজনে আনজনক গালি-গালাজ কৰা বা বহিৰাগত বুলি আখ্যা দিয়াৰ দৰে পৰিবেশৰ সৃষ্টি হৈছে। কৃষিপ্ৰধান ৰাজ্যখনত কোনে এই ‘ঘৃণাৰ বীজ’ সিঁচিছে, সেই বিষয়ে চিন্তা কৰিবলৈ তেওঁ হাৰিয়ানাৰ যুৱ প্ৰজন্ম আৰু কৃষকসকলক আহ্বান জনায়। সুৰজেৱালাৰ মতে, বৰ্তমান মনে মনে থকাৰ সময় পাৰ হৈ গৈছে আৰু ৰাইজে সকলো বিভাজনৰ ঊৰ্ধ্বত উঠি ভগৱদ গীতাৰ প্ৰেম, কৰ্তব্য তথা ধৰ্মৰ পথ অনুসৰণ কৰাৰ প্ৰয়োজন আছে। তেওঁ মন্তব্য কৰে যে যেতিয়া অপৰাধীৰ সন্মুখত আইন অসহায় হৈ পৰে, তেতিয়া কেৱল ৰাইজৰ সামূহিক বিবেক আৰু প্ৰজ্ঞাইহে একমাত্ৰ আশাৰ ৰেঙণি হ’ব পাৰে। Share this:FacebookX Related Post navigation ঘন কুঁৱলীৰ বাবে দ খাৱৈত পৰিল যাত্ৰীবাহী বাছ: কমেও ৬ জন যাত্ৰীৰ মৃত্যু এঞ্জেল চাকমাৰ হত্যাকাণ্ডঃ বৰ্ণবৈষম্যৰ অভিযোগ অস্বীকাৰ উত্তৰাখণ্ড আৰক্ষীৰ