মাত্ৰ ৫ টকাৰ ৰেহাই মূল্যত সপ্তাহত দুদিনকৈ মাছ-ভাত যোগান ধৰাৰ এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে পশ্চিম বংগ চৰকাৰে। ৰাজ্যখনৰ প্ৰায় ৪০০ খন নিৰ্দিষ্ট কেণ্টিনৰ জৰিয়তে সৰ্বসাধাৰণ ৰাইজক এই খাদ্য যোগান ধৰা হ’ব।

মঙলবাৰে নাদিয়া জিলাৰ কল্যাণীত অনুষ্ঠিত এক প্ৰশাসনিক বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ আগত এই ঘোষণা কৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে।

একেখন প্ৰশাসনিক বৈঠকতে মুখ্যমন্ত্ৰীগৰাকীয়ে মহিলাসকলৰ বাবে ‘অন্নপূৰ্ণা আঁচনি’ আৰম্ভ কৰাৰ কথাও ঘোষণা কৰে। এই আঁচনিৰ অধীনত ৰাজ্যৰ মহিলাসকলক প্ৰতি মাহে ৩,০০০ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব।

এই সন্দৰ্ভত মুখ্যমন্ত্ৰী অধিকাৰীয়ে কয়, “অহা ২৭ মে’ৰ পৰা ৰাজ্যিক সচিবালয়ৰ পৰা অন্নপূৰ্ণা আঁচনিৰ প্ৰপত্ৰসমূহ বিতৰণ কৰা হ’ব। বংগৰ সকলো যোগ্য মহিলাই এই আঁচনিৰ লাভাম্বিত হ’ব পাৰিব।”

ইফালে, ৰাজ্যখনৰ সুৰা বিপণীসমূহৰ ক্ষেত্ৰতো চৰকাৰে এক কঠোৰ নীতি গ্ৰহণ কৰিছে। নতুন নিয়ম অনুসৰি, কোনো ধৰণৰ শিক্ষানুষ্ঠান, মহাবিদ্যালয় আৰু উপাসনা স্থলীৰ এক কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত কোনো সুৰাৰ বিপণী চলোৱাৰ অনুমতি প্ৰদান কৰা নহ’ব।

ইয়াৰ উপৰিও, স্বাস্থ্য বিভাগৰ পৰা আঁতৰাই পশ্চিম বংগ চৰকাৰে এক সুকীয়া ‘আয়ুষ’ বিভাগ গঠন কৰিব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে সদনত স্পষ্ট কৰি দিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *