পূৰ্বতে মেক্স লাইফ ইঞ্চুৰেন্স কোম্পানী লিমিটেড নামেৰে জনাজাত এক্সিছ মেক্স লাইফ ইঞ্চুৰেন্স লিমিটেডে ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে যোগ্য পলিচীধাৰকসকলৰ বাবে ২,৫৩০ কোটি টকাৰ এক অংশগ্ৰহণকাৰী বোনাছ ঘোষণা কৰিছে, যি প্ৰতিষ্ঠানটোৰ ধাৰাবাহিক ২৪ সংখ্যক বাৰ্ষিক বোনাছ ঘোষণা চিহ্নিত হৈছে আৰু ভাৰতৰ জীৱন বীমা খণ্ডত নিজৰ স্থিতি অধিক শক্তিশালী হৈছে।এই শেহতীয়া বোনাছে ২১ লাখতকৈও অধিক যোগ্য অংশগ্ৰহণকাৰী পলিচিধাৰীক উপকৃত কৰিব আৰু ই ২০২৬ চনৰ জুলাই মাহৰ পৰা বিতৰণ কৰা হ’ব। এই ঘোষণাৰ জৰিয়তে যোৱা ২৪ বছৰত বীমাকাৰীজনৰ সঞ্চিত বোনাছ পৰিশোধ ১৮,৩৭৭ কোটি টকাত উপনীত হৈছে, যাৰ পৰা গ্ৰাহকসকলৰ বাবে দীৰ্ঘম্যাদী মূল্য সৃষ্টি কৰাৰ প্ৰতি প্ৰতিষ্ঠানটোৰ প্ৰতিশ্ৰুতি প্ৰতিফলিত হৈছে।

বুক ভেল্যু ভিত্তিত পৰিমাপ কৰা কোম্পানীটোৰ পিএআৰ ফাণ্ড ২০২৫ বিত্তীয় বৰ্ষৰ ৭৪,১১৯ কোটি টকাৰ পৰা বৃদ্ধি পাই ২০২৬ বিত্তীয় বৰ্ষত ৭৯,০০৩ কোটি টকা হৈছে। এক্সিছ মেক্স লাইফে কয় যে এই ফাণ্ডটো যোৱা দশকটোত ১৭ শতাংশ মিশ্ৰিত বাৰ্ষিক বৃদ্ধিৰ হাৰ (চিএজিআৰ) প্ৰাপ্ত কৰি অভিলেখ গঢ়িছে। বোনাছ পৰিশোধেও স্থিৰ বৃদ্ধি প্ৰত্যক্ষ কৰিছে, যি পৰিমাণ ২০২২ বিত্তীয় বৰ্ষৰ ১,৪৬৯ কোটি টকাৰ পৰা বৃদ্ধি পাই ২০২৩ বিত্তীয় বৰ্ষত ১,৬০৪ কোটি টকা, ২০২৪ বিত্তীয় বৰ্ষত ১,৮২৬ কোটি টকা, ২০২৫ বিত্তীয় বৰ্ষত ২,১৩৫ কোটি টকা আৰু ২০২৬ বিত্তীয় বৰ্ষত ২,৫৩০ কোটি টকা হৈছেগৈ। এক্সিছ মেক্স লাইফৰ অংশগ্ৰহণকাৰী বিকল্পসমূহে একাধিক বোনাছৰ বিকল্প প্ৰদান কৰে, যাৰ ভিতৰত নগদ বোনাছ, ৰিভাৰ্চনেৰী বোনাছ আৰু টাৰ্মিনেল বোনাছ আদি অন্তৰ্ভুক্ত। মূল বীমাকৃত ধনৰাশিক প্ৰভাৱিত নকৰাকৈ গ্ৰাহকসকলে বোনাছ সঞ্চয়, সঞ্চিত বোনাছৰ আংশিক প্ৰত্যাহাৰ, পৰিশোধ সংযোজন আৰু প্ৰিমিয়াম অফচেটৰ দৰে সুবিধাসমূহৰ পৰাও লাভান্বিত হয়।

গুৱাহাটী মহানগৰীত এই অভিলেখসংখ্যক বোনাছ ঘোষণাই সমগ্ৰ উত্তৰ-পূব ভাৰতত অংশগ্ৰহণকাৰী বীমা বিকল্পসমূহৰ প্ৰতি আস্থা বৃদ্ধি কৰাৰ সম্ভাৱনা আছে। বিত্তীয় পৰিকল্পনা, দীৰ্ঘম্যাদী সম্পত্তি সৃষ্টি আৰু সুৰক্ষা-সংলগ্ন সঞ্চয় সামগ্ৰীসমূহৰ সম্পৰ্কে বৃদ্ধি পোৱা সজাগতাই এই অঞ্চলটোত চাহিদা বৃদ্ধি কৰিছে, যাৰ ফলত পলিচীধাৰকসকলে ক্ৰমান্বয়ে তেনে বীমাকাৰীসকলক অগ্ৰাধিকাৰ দিছে, যিসকলে ধাৰাবাহিক ফাণ্ড বৃদ্ধি আৰু নিয়মীয়া বোনাছ পৰিশোধ প্ৰদৰ্শন কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *