অসমৰ চহকী উদ্যানশস্যৰ উৎপাদনক আন্তঃৰাষ্ট্ৰীয় বজাৰত অধিক প্ৰসাৰিত কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত তেজপুৰৰ ভৌগোলিক সূচক (জি.আই.) টেগযুক্ত লিচুৰ এক চালান ৰপ্তানিৰ বাবে আনুষ্ঠানিকভাৱে পতাকা জোকাৰি শুভাৰম্ভ কৰে।

ছিংগাপুৰলৈ ৰপ্তানি কৰা ৫০০ কিলোগ্ৰামৰ এই চালানত আছে বিখ্যাত “পিয়াজী” প্ৰজাতিৰ লিচু। ইয়াৰ জৰিয়তে অসমৰ কৃষক সমাজৰ বাবে এক নতুন অধ্যায়ৰ সূচনা হৈছে। শেহতীয়াকৈ ডুবাইলৈ অসমৰ জি.আই. টেগযুক্ত লিচু সফলভাৱে ৰপ্তানি হোৱাৰ পিছত ছিংগাপুৰৰ বজাৰখন মুকলি হোৱাটোৱে ৰাজ্যখনৰ উৎকৃষ্ট কৃষিজাত সামগ্ৰীৰ প্ৰতি বঢ়া আন্তঃৰাষ্ট্ৰীয় চাহিদাকে প্ৰতিফলিত কৰিছে। বজাৰ সংযোগ, মূল্য শৃংখলা আৰু ৰপ্তানি আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে ৰাজ্য চৰকাৰে চলোৱা নিৰন্তৰ প্ৰচেষ্টাৰ ফলতেই এই সাফল্য সম্ভৱ হৈছে।

অনুষ্ঠানৰ পিছত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে যোৱা কেইবছৰমানৰ ভিতৰত তেজপুৰৰ লিচুৱে আন্তঃৰাষ্ট্ৰীয় বজাৰত স্থান দখল কৰিবলৈ সক্ষম হৈছে। তেওঁ জনায় যে কিছুদিন পূৰ্বে কৃষি আৰু প্ৰক্ৰিয়াকৃত খাদ্য সামগ্ৰী ৰপ্তানি উন্নয়ন প্ৰাধিকৰণ (এপেডা)ৰ জৰিয়তে ২,০০০ কিলোগ্ৰাম লিচু ডুবাইলৈ ৰপ্তানি কৰা হৈছিল। আজি পতাকা জোকাৰি শুভাৰম্ভ কৰা ৫০০ কিলোগ্ৰামৰ চালানটো ভূটানৰ পৰা গুৱাহাটী হৈ অহা ড্ৰুক এয়াৰৰ বিমানেৰে ছিংগাপুৰলৈ প্ৰেৰণ কৰা হ’ব। তেওঁ লগতে জনায় যে ছিংগাপুৰৰ হাইকমিছনাৰে ইতিমধ্যে অতিৰিক্ত ৫০০ কিলোগ্ৰাম তেজপুৰৰ লিচু ক্ৰয়ৰ আগ্ৰহ প্ৰকাশ কৰিছে।

মুখ্যমন্ত্ৰীগৰাকীয়ে মত প্ৰকাশ কৰে যে উচিত পৰিকল্পনা আৰু নিৰন্তৰ প্ৰচেষ্টাৰে অসমে লিচু, কাজি নেমু, ভোট জলকীয়া আদিৰ দৰে কেইবাবিধো স্বকীয় কৃষিজাত সামগ্ৰী আন্তঃৰাষ্ট্ৰীয় বজাৰলৈ ৰপ্তানি কৰিব পাৰে। তেওঁ কয় যে কঠালৰ দৰে সামগ্ৰীয়েও বিদেশত স্থান পাব পাৰে। অৱশ্যে ৰপ্তানিৰ বাবে সাৰৰ ব্যৱহাৰ আৰু উৎপাদন পদ্ধতিৰ সৈতে চূড়ান্ত সামগ্ৰীৰ সামঞ্জস্যৰ ক্ষেত্ৰত নিৰ্দিষ্ট মানদণ্ড কঠোৰভাৱে মানি চলাটো আৱশ্যক। অসমত আদাৰ খেতি আৰু ৰপ্তানিৰ যথেষ্ট সম্ভাৱনা আছে বুলি উল্লেখ কৰি তেওঁ কয় যে অহা বছৰবোৰত কৃষিজাত সামগ্ৰীৰ ৰপ্তানি বৃদ্ধিৰ বাবে চৰকাৰে বিশেষ প্ৰচেষ্টা চলাব।

বৰ্তমানৰ উৎপাদনৰ সীমাবদ্ধতাৰ বিষয়ে আলোকপাত কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বৰ্তমান তেজপুৰৰ লিচু মাত্ৰ প্ৰায় ৩,০০০ জোপা গছৰ পৰাহে চপোৱা হয়। এই ফলবিধৰ অসমৰ লগতে ভাৰতৰ অন্যান্য প্ৰান্ততো যথেষ্ট চাহিদা থকাৰ বাবে আন্তঃৰাষ্ট্ৰীয় চাহিদা বৃদ্ধি পোৱাৰ পিছতো এই বছৰ অধিক পৰিমাণে ৰপ্তানি কৰা সম্ভৱ হোৱা নাই। তেওঁ লগতে কয় যে শেহতীয়াকৈ তেওঁ প্ৰধানমন্ত্ৰী আৰু কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীলৈ তেজপুৰৰ লিচু পঠিয়াইছিল, আৰু সকলোৱেই এই ফলবিধৰ গুণগত মান আৰু সোৱাদৰ যথেষ্ট প্ৰশংসা কৰিছে।

By Tarali

Leave a Reply

Your email address will not be published. Required fields are marked *