মধ্যপ্ৰদেশৰ ৰাজ্যসভা নিৰ্বাচনক কেন্দ্ৰ কৰি কংগ্ৰেছৰ বাবে এক আইনী বিপত্তিৰ সৃষ্টি হয় শুকুৰবাৰে। দলটোৰ প্ৰাৰ্থী মীনাক্ষী নটৰাজনৰ মনোনয়নপত্ৰ বাতিলক প্ৰত্যাহ্বান জনাই দাখিল কৰা আবেদন খাৰিজ কৰে উচ্চতম ন্যায়ালয়ে। ৰাজ্যসভা নিৰ্বাচনী যুঁজৰ মাজতে নিজৰ মনোনয়নপত্ৰ পুনৰ বহাল ৰখাৰ দাবীত উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল নটৰাজনে। কিন্তু নিৰ্বাচনী প্ৰক্ৰিয়া চলি থকা অৱস্থাত আদালতে হস্তক্ষেপ কৰিব নোৱাৰে বুলি স্পষ্ট কৰি আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে সৰ্বোচ্চ আদালতৰ বিচাৰপীঠে। নিৰ্বাচন সম্পূৰ্ণ হোৱাৰ পাছত আইনী প্ৰক্ৰিয়াৰ জৰিয়তে বিষয়টো প্ৰত্যাহ্বান জনাব পাৰিব বুলি উল্লেখ কৰি বিচাৰপীঠে কয় যে চলি থকা নিৰ্বাচনী প্ৰক্ৰিয়াত আদালতৰ হস্তক্ষেপৰ সুযোগ অতি সীমিত। উল্লেখ্য যে, মনোনয়নপত্ৰ পৰ্যালোচনাৰ সময়ত বিজেপিয়ে উত্থাপন কৰা আপত্তিৰ ভিত্তিত মীনাক্ষী নটৰাজনৰ মনোনয়নপত্ৰ বাতিল কৰিছিল ৰিটাৰ্নিং বিষয়াই। অভিযোগ অনুসৰি, তেলেংগানাত চলি থকা এটা গোচৰৰ তথ্য নিৰ্বাচনী শপতনামাত উল্লেখ কৰা নাছিল তেওঁ। কংগ্ৰেছৰ হৈ আদালতত উপস্থিত থকা জ্যেষ্ঠ অধিবক্তা অভিষেক মনু সিংভিয়ে যুক্তি আগবঢ়াই কয় যে উক্ত গোচৰটো এতিয়াও প্ৰাথমিক পৰ্যায়ত আছে। আদালতে গোচৰটোৰ জ্ঞান গ্ৰহণ কৰা নাই বা অভিযোগ গঠনো কৰা নাই। সেয়েহে সেই তথ্য উল্লেখ নকৰাটো মনোনয়ন বাতিলৰ ভিত্তি হ’ব নোৱাৰে বুলি তেওঁ দাবী কৰে। আনহাতে, ৰিটাৰ্নিং বিষয়াৰ সিদ্ধান্তত হস্তক্ষেপ কৰিবলৈ অস্বীকাৰ কৰি উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰে যে নিৰ্বাচন সম্পূৰ্ণ হোৱাৰ পাছত নিৰ্বাচনী আবেদন দাখিল কৰাটোৱেই এই ক্ষেত্ৰত উপযুক্ত আইনী পথ। এই সিদ্ধান্তৰ ফলত মধ্যপ্ৰদেশৰ ৰাজ্যসভা নিৰ্বাচনত কংগ্ৰেছৰ সম্ভাৱনাত প্ৰভাৱ পৰিব বুলি ধাৰণা কৰা হৈছে। ইফালে আদালতৰ ৰায়ৰ পিছতে বিষয়টোক লৈ কংগ্ৰেছ আৰু বিজেপিৰ মাজত নতুনকৈ ৰাজনৈতিক তৰ্ক-বিতৰ্ক আৰম্ভ হৈছে। কংগ্ৰেছ নেতাসকলে এই সিদ্ধান্তত অসন্তুষ্টি প্ৰকাশ কৰাৰ বিপৰীতে বিজেপিয়ে ইয়াক নিৰ্বাচনী বিধি-নিয়মৰ সঠিক প্ৰয়োগ বুলি মন্তব্য কৰে। অৱশ্যে মনোনয়নপত্ৰ বাতিলৰ সিদ্ধান্তক নিৰ্বাচন সম্পূৰ্ণ হোৱাৰ পাছত পুনৰ আইনীভাৱে প্ৰত্যাহ্বান জনোৱাৰ পথ নটৰাজনৰ বাবে এতিয়াও খোলা আছে। Share this:FacebookX Related Post navigation শোকস্তব্ধ ভাৰতীয় ক্ৰীড়াজগত! হৃদৰোগত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ শ্বুটিং কিংবদন্তি যশপাল ৰাণাৰ