ভাৰতীয় শ্বুটিঙৰ ইতিহাসত এক স্বৰ্ণিল অধ্যায় ৰচনা কৰি মাত্ৰ ৪৯ বছৰ বয়সতে শেষ নিশ্বাস ত্যাগ কৰিলে শ্বুটিং কিংবদন্তি যশপাল ৰাণাই। বিশ্বমঞ্চত ভাৰতৰ হৈ একাধিক গৌৰৱ কঢ়িয়াই অনাৰ লগতে নতুন প্ৰজন্মৰ বহু সফল শ্বুটাৰ গঢ়ি তোলা এই প্ৰখ্যাত শ্বুটিং প্ৰশিক্ষক আৰু প্ৰাক্তন খেলুৱৈয়ে শুকুৰবাৰে শেষ নিশ্বাস ত্যাগ কৰে। যোৱা কিছুদিন ধৰি অসুস্থ হৈ আছিল ৰাণা। জাৰ্মানীৰ মিউনিখত অনুষ্ঠিত আইএছএছএফ বিশ্বকাপৰ পৰা ভাৰতলৈ উভতি অহাৰ সময়ত বুকুৰ বিষ আৰু অস্বস্তি অনুভৱ কৰিছিল তেওঁ। প্ৰথমে সাধাৰণ এছিডিটিৰ সমস্যা বুলি ভাবিলেও পিছত অসুস্থতা বৃদ্ধি পোৱাত দিল্লীত অৱতৰণ কৰাৰ পাছতে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। চিকিৎসকসকলে হৃদযন্ত্ৰত ব্লকেজ ধৰা পেলাই এটা ষ্টেণ্ট সংস্থাপন কৰিছিল। স্বাস্থ্যৰ উন্নতি ঘটিছে বুলিও প্ৰাথমিকভাৱে জানিব পৰা গৈছিল। কিন্তু শুকুৰবাৰে পুৱা তেওঁৰ মৃত্যুৰ খবৰে স্তম্ভিত কৰি তোলে ক্ৰীড়াজগতক। যশপাল ৰাণাৰ ভাতৃ সুভাষ ৰাণাই সংবাদ মাধ্যমৰ সন্মুখত কিংবদন্তি শ্বুটাৰগৰাকীৰ মৃত্যুৰ খবৰ নিশ্চিত কৰে। এগৰাকী খেলুৱৈ হিচাপে যশপাল ৰাণাই ভাৰতীয় শ্বুটিঙক নতুন উচ্চতালৈ লৈ গৈছিল। ১৯৯৪ চনত মিলানত অনুষ্ঠিত বিশ্ব শ্বুটিং চেম্পিয়নশ্বিপত জুনিয়ৰ শাখাত বিশ্ব অভিলেখসহ সোণৰ পদক জয় কৰি আন্তঃৰাষ্ট্ৰীয় খেলত আত্মপ্ৰকাশ কৰিছিল তেওঁ। একে বছৰতে এছিয়ান গেমছতো সোণৰ পদক দখল কৰি দেশজুৰি সুনাম অৰ্জন কৰে। পৰৱৰ্তী সময়ত এছিয়ান গেমছ, কমনৱেলথ গেমছ আৰু এছিয়ান চেম্পিয়নশ্বিপত একাধিক পদক জয় কৰি ভাৰতৰ অন্যতম সফল শ্বুটাৰ হিচাপে নিজকে প্ৰতিষ্ঠা কৰে ৰাণাই। কমনৱেলথ গেমছত ১৫টা পদক, তাৰ ভিতৰত ৯টা সোণৰ পদক জয় কৰি আজিও অভিলেখৰ অধিকাৰী হৈ আছে তেওঁ। উল্লেখ্য যে, খেলুৱৈ জীৱনৰ অন্তত প্ৰশিক্ষক হিচাপেও সমানে সফল হৈছিল যশপাল ৰাণা। ২০১২ চনত ৰাষ্ট্ৰীয় দলৰ সৈতে জড়িত হোৱাৰ পাছত বহু উদীয়মান শ্বুটাৰক বিশ্বমঞ্চৰ বাবে প্ৰস্তুত কৰি তোলে তেওঁ। মনু ভাকৰ, সৌৰভ চৌধুৰী, অনীশ ভানৱালা আৰু চিংকী যাদৱৰ দৰে একাধিক শীৰ্ষ শ্বুটাৰৰ সফলতাৰ আঁৰত আছিল তেওঁৰ গুৰুত্বপূৰ্ণ অৱদান। বিশেষকৈ মনু ভাকৰৰ সৈতে তেওঁৰ সফল অংশীদাৰিত্বে ২০২৪ চনৰ পেৰিছ অলিম্পিকত ঐতিহাসিক ফলাফল কঢ়িয়াই আনে। সেই অলিম্পিকত দুটা ব্ৰঞ্জৰ পদক জয় কৰি স্বাধীনতাৰ পিছত একেটা অলিম্পিকত দুটা পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈ হিচাপে ইতিহাস ৰচনা কৰিছিল মনু ভাকৰে। তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে দেশৰ ৰাজনৈতিক আৰু ক্ৰীড়া মহলে। কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয়, “যশপাল ৰাণাৰ আকস্মিক মৃত্যুৰ খবৰে মোক গভীৰভাৱে মৰ্মাহত কৰিছে। তেওঁ কেৱল এগৰাকী অসাধাৰণ খেলুৱৈ আৰু প্ৰশিক্ষকেই নাছিল, অতি সহজ-সৰল আৰু সদয় হৃদয়ৰ মানুহো আছিল। ভাৰতত শ্বুটিং খেলক জনপ্ৰিয় কৰি তোলাত তেওঁৰ ভূমিকা অতুলনীয়।” অলিম্পিক স্বৰ্ণজয়ী শ্বুটাৰ অভিনৱ বিন্দ্ৰাইয়ো শোক প্ৰকাশ কৰি কয়, “যশপাল মোৰ সতীৰ্থ আছিল। ভাৰতীয় শ্বুটিঙৰ বিকাশত তেওঁৰ অৱদান অনস্বীকাৰ্য। তেওঁৰ বিয়োগত আমাৰ খেলখন অপূৰণীয় ক্ষতিৰ সন্মুখীন হৈছে।” যশপাল ৰাণাৰ অকাল বিয়োগত ভাৰতীয় শ্বুটিঙে হেৰুৱালে এগৰাকী কিংবদন্তি খেলুৱৈ, সফল প্ৰশিক্ষক আৰু এক প্ৰজন্মক অনুপ্ৰাণিত কৰা ব্যক্তিত্বক। তেওঁৰ ক্ৰীড়া জীৱন আৰু অৱদান ভাৰতীয় শ্বুটিঙৰ ইতিহাসত চিৰদিন স্মৰণীয় হৈ থাকিব। Share this:FacebookX Related Post navigation আজিৰে পৰা সীমান্তত প্ৰতিবাদ; ভাৰতৰ পৰা বাংলাদেশীৰ ‘পুশ্ব-ইন’ৰ বিৰুদ্ধে সৰৱ জামায়াত নেতৃত্বাধীন মিত্ৰজোঁট ৰাজ্যসভা নিৰ্বাচনক লৈ কংগ্ৰেছৰ বাবে আঘাত; মীনাক্ষী নটৰাজনৰ আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ