আন্তৰ্জাতিক ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিলে অষ্ট্ৰেলিয়া ক্ৰিকেট দলৰ তাৰকা বেটাৰ উছমান খোৱাজাই। আগন্তুক দেওবাৰৰ পৰা ছিডনীত আৰম্ভ হ’বলগীয়া ইংলেণ্ডৰ বিৰুদ্ধে পঞ্চম তথা অন্তিমখন এছেজ টেষ্টৰ পাছতে তেওঁ ক্ৰিকেট জগতক বিদায় জনাব। ৩৯ বছৰীয়া বাওঁহতীয়া বেটাৰগৰাকীয়ে ১৫ বছৰীয়া কেৰিয়াৰৰ অন্তত এই সিদ্ধান্ত গ্ৰহণ কৰে। ২০১১ চনত এই ছিডনী ক্ৰিকেট গ্ৰাউণ্ডতে ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট অভিষেক ঘটাই অষ্ট্ৰেলিয়াৰ প্ৰথমগৰাকী মুছলমান ক্ৰিকেটাৰ হিচাপে ইতিহাস সৃষ্টি কৰিছিল খোৱাজাই। অৱসৰ ঘোষণা কৰি খোৱাজাই তেওঁৰ সুদীৰ্ঘ কেৰিয়াৰত সন্মুখীন হোৱা বৰ্ণবৈষম্য আৰু নেতিবাচক মানসিকতাৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰে। তেওঁ কয় যে পাকিস্তানৰ পৰা অহা এজন মুছলমান ল’ৰা হিচাপে তেওঁক বহুতে কেতিয়াও অষ্ট্ৰেলিয়াৰ হৈ খেলিব নোৱাৰিব বুলি কৈছিল। আনকি শেহতীয়া এছেজ শৃংখলাৰ সময়ত পিঠিৰ বিষত আক্ৰান্ত হোৱাৰ পাছত সংবাদ মাধ্যম আৰু একাংশ প্ৰাক্তন খেলুৱৈয়ে তেওঁক ‘এলেহুৱা’, ‘স্বাৰ্থপৰ’ আৰু ‘প্ৰশিক্ষণৰ প্ৰতি দায়বদ্ধ নহয়’ বুলি কৰা মন্তব্যই তেওঁক মৰ্মাহত কৰিছে। খোৱাজাই ইয়াক পুৰণি বৰ্ণবাদী ধাৰণাৰ প্ৰতিফলন বুলি অভিহিত কৰে। পাকিস্তানৰ ইছলামবাদত জন্মগ্ৰহণ কৰা আৰু পাছলৈ অষ্ট্ৰেলিয়ালৈ প্ৰব্ৰজন কৰা খোৱাজাই বৰ্তমানলৈকে ৮৭ খন টেষ্টত ৬,২০৬ ৰান সংগ্ৰহ কৰিছে। তেওঁৰ নামত ১৬ টা টেষ্ট শতক আছে আৰু তেওঁৰ গড় ৪৩.৩৯। ইয়াৰ উপৰি তেওঁ ৪০ খন এদিনীয়া আৰু ৯ খন টি-২০ মেচত অষ্ট্ৰেলিয়াক প্ৰতিনিধিত্ব কৰিছে। ক্ৰিকেট অষ্ট্ৰেলিয়াৰ মুখ্য কাৰ্যবাহী টড গ্ৰীণবাৰ্গে খোৱাজাক এজন অত্যন্ত আড়ম্বৰপূৰ্ণ আৰু স্থিতিস্থাপক বেটাৰ হিচাপে অভিহিত কৰি তেওঁৰ অৱদানৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। উল্লেখ্য যে, কেৱল ক্ৰিকেট খেলপথাৰতে নহয়, সামাজিক কাম-কাজৰ বাবেও খোৱাজা সদায় চৰ্চাত আছিল। ‘উছমান খোৱাজা ফাউণ্ডেশ্যন’ৰ জৰিয়তে তেওঁ শৰণাৰ্থী, প্ৰব্ৰজনকাৰী আৰু দুখীয়া পৰিয়ালৰ সন্তানক ক্ৰিকেট তথা শিক্ষাৰ ক্ষেত্ৰত সহায় কৰি আহিছে। এজন অৰ্হতাসম্পন্ন পাইলট হিচাপেও পৰিচিত খোৱাজাই নিজৰ চৰ্তত আৰু মৰ্যাদা সহকাৰে বিদায় ল’বলৈ পাই সন্তুষ্টি প্ৰকাশ কৰে। Share this:FacebookX Related Post navigation সংস্কাৰঃ পিতৃৰ আশীৰ্ব্বাদ লৈ হাৰিয়ানাৰ নতুন ডিজিপি হিচাপে দায়িত্ব ল’লে অজয় সিংঘলে নিউয়ৰ্কৰ মেয়ৰ জোহৰান মমদানীৰ সমৰ্থনঃ কাৰাৰুদ্ধ ওমৰ খালিদলৈ লিখিলে আৱেগিক পত্ৰ