নিৰ্বাচনৰ পাছতে দেশৰ জনতাৰ মূৰত পৰিল মূল্যবৃদ্ধিৰ মাধমাৰ। অসম, পশ্চিমবংগ, কেৰালা, পুডুচেৰী আৰু তামিলনাডুৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ এপষেক নৌহওঁতেই বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য। বিশ্ব বজাৰত অপৰিশোধিত তেলৰ মূল্যবৃদ্ধিয়ে সৃষ্টি কৰা প্ৰত্যাহ্বানৰ মাজতে শুকুৰবাৰে ইন্ধনৰ দৰ বৃদ্ধিৰ এই ঘোষণা কৰে তৈল প্ৰতিষ্ঠানসমূহে। মূল্য সংশোধনৰ পাছত দিল্লীত পেট্ৰ’লৰ দৰ ৯৪.৭৭ টকাৰ পৰা ৯৭.৭৭ টকালৈ বৃদ্ধি পায়। ডিজেলৰ মূল্যও ৯০.৬৭ টকা স্পৰ্শ কৰে ৰাজধানী চহৰখনত। দেশৰ আন মহানগৰীসমূহৰ ভিতৰত কলকাতাত পেট্ৰ’লৰ নতুন দৰ ১০৮.৭৪ টকা আৰু মুম্বাইত ১০৬.৬৮ টকালৈ বৃদ্ধি পাইছে। একেদৰে প্ৰতি কেজি চি এন জিৰ মূল্যও দিল্লীত ২ টকাকৈ বৃদ্ধি পাইছে। পশ্চিম এছিয়াৰ চলি থকা যুদ্ধৰ পৰিপ্ৰেক্ষিতত বিশ্ব বজাৰত অপৰিশোধিত তেলৰ মূল্য এতিয়া প্ৰতি বেৰেলত ১১৪ ডলাৰ পৰ্যন্ত হৈছে। ইয়াৰ পূৰ্বে ভাৰতে আমদানি কৰা তেলৰ মূল্য ফেব্ৰুৱাৰী মাহত গড়ে ৬৯ ডলাৰ আছিল। বিশ্ব বজাৰৰ এই অস্থিৰতাৰ বাবেই দেশৰ বজাৰত ইন্ধনৰ দৰ বৃদ্ধি কৰিবলৈ বাধ্য হোৱা বুলি সদৰি কৰিছে ৰাজহুৱা খণ্ডৰ তেল কোম্পানীসমূহে। ইণ্ডিয়ান অইল কৰ্প’ৰেশ্যন, ভাৰত পেট্ৰ’লিয়াম আৰু হিন্দুস্তান পেট্ৰ’লিয়ামে দীৰ্ঘদিন ধৰি মূল্য সুস্থিৰ কৰি ৰাখিছিল যদিও লোকচানৰ পৰিমাণ বৃদ্ধি পোৱাত এই সিদ্ধান্ত গ্ৰহণ কৰে। ২০২৪ চনৰ মাৰ্চ মাহত লোকসভা নিৰ্বাচনৰ ঠিক আগে আগে মাত্ৰ এবাৰহে ইন্ধনৰ মূল্য ২ টকাকৈ হ্ৰাস কৰিছিল চৰকাৰে। প্ৰায় ১১ সপ্তাহ ধৰি সুস্থিৰ হৈ থকা ইন্ধনৰ দৰ বৃদ্ধি পোৱাৰ পাছত এতিয়া সৰ্বসাধাৰণৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ইন্ধনৰ মূল্য পুনৰ বৃদ্ধি পাব পাৰে বুলি চলি থকা চৰ্চাৰ বাবে দেশৰ বিভিন্ন প্ৰান্তৰ পেট্ৰ’ল পাম্পত যোৱা কেইবাদিনো ধৰি গ্ৰাহকৰ ভিৰ পৰিলক্ষিত হয়। দিল্লী-এনচিআৰ, উত্তৰ প্ৰদেশ আৰু বিহাৰৰ দৰে ৰাজ্যত ইন্ধন ভৰাবলৈ যান-বাহনৰ দীঘলীয়া শাৰীয়ে পৰিস্থিতি জটিল কৰি তোলে। সামগ্ৰিকভাৱে বৈশ্বিক পৰিস্থিতিৰ বাবে গ্ৰহণ কৰা এই সিদ্ধান্তই এতিয়া বজাৰৰ আন সামগ্ৰীৰ মূল্যৰ ওপৰতো প্ৰভাৱ পেলাইছে। Share this:FacebookX Related Post navigation এপ্ৰিল মাহত শোধক তেলৰ দাম বৃদ্ধিৰ ফলে জিডিপি মুদ্ৰাস্ফীতি ৮.৩০% লৈ বৃদ্ধি পাঁচখন দেশ ভ্ৰমণলৈ প্ৰধানমন্ত্ৰীৰ বৃহৎ কূটনৈতিক সফৰ আৰম্ভ