ইউৰোপ আৰু উপসাগৰীয় দেশসমূহৰ সৈতে ভাৰতৰ ভূ-ৰাজনৈতিক তথা অৰ্থনৈতিক সম্পৰ্ক অধিক শক্তিশালী কৰাৰ এক বিশেষ লক্ষ্য হাতত লৈছে কেন্দ্ৰীয় চৰকাৰে। এই পৰিকল্পনাৰ অংশ হিচাপেই শুকুৰবাৰে পাঁচখন দেশৰ ভ্ৰমণসূচীৰে বিদেশলৈ ৰাওনা হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। অহা ২০ মে’লৈকে চলিবলগীয়া এই ভ্ৰমণকালত প্ৰধানমন্ত্ৰীগৰাকীয়ে ক্ৰমে সংযুক্ত আৰৱ আমিৰশ্বাহী, নেদাৰলেণ্ড, চুইডেন, নৰৱে আৰু ইটালী ভ্ৰমণ কৰিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে ১৫ মে’ত সংযুক্ত আৰৱ আমিৰশ্বাহীৰ পৰাই আৰম্ভ কৰে তেওঁৰ এই পাঁচদিনীয়া বিদেশ ভ্ৰমণ। আবু ধাবীত তেওঁ দেশখনৰ ৰাষ্ট্ৰপতি মহম্মদ বিন জায়েদ অল নাহিয়ানৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ’ব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তথ্য অনুসৰি এই আলোচনাত শক্তি খণ্ডৰ সহযোগিতা, বাণিজ্য, বিনিয়োগ আৰু আঞ্চলিক ইছ্যুসমূহক অগ্ৰাধিকাৰ দিয়া হৈছে। ইউ এ ই চৰকাৰে প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণক দ্বিপাক্ষিক বাণিজ্য আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত এক নতুন মাইলৰ খুঁটি বুলি অভিহিত কৰিছে। ইউ এ ই ভ্ৰমণৰ পাছতে ১৫ মে’ৰ পৰা ১৭ মে’লৈ নেদাৰলেণ্ডত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। তাত তেওঁ ডাচ প্ৰধানমন্ত্ৰী ৰব জেটেনৰ সৈতে আলোচনাত মিলিত হোৱাৰ লগতে কিং উইলিয়াম আলেকজেণ্ডাৰ আৰু কুইন মেক্সিমাকো সাক্ষাৎ কৰিব। এই ভ্ৰমণৰ মূল লক্ষ্য হৈছে ছেমিকণ্ডাক্টৰ, গ্ৰীন হাইড্ৰ’জেন, উদ্ভাৱন আৰু জল ব্যৱস্থাপনাৰ দৰে গুৰুত্বপূৰ্ণ খণ্ডসমূহত সহযোগিতা বৃদ্ধি কৰা। ইয়াৰ পাছতে ১৭ মে’ত চুইডেনত উপস্থিত হৈ প্ৰধানমন্ত্ৰীয়ে চুইডিছ প্ৰধানমন্ত্ৰী উলফ ক্ৰিষ্টাৰছনৰ সৈতে দ্বিপাক্ষিক আলোচনাত অংশ ল’ব। ইয়াৰ উপৰিও দুয়োগৰাকী নেতাই ইউৰোপীয় আয়োগৰ অধ্যক্ষ উৰ্চুলা ভন ডাৰ লেয়েনৰ উপস্থিতিত ‘ইউৰোপীয় ৰাউণ্ড টেবুল ফৰ ইণ্ডাষ্ট্ৰী’ক সম্বোধন কৰাৰ কথা আছে। এই আলোচনাত কৃত্ৰিম বুদ্ধিমত্তা, নব্য প্ৰযুক্তি আৰু পৰিৱেশ অনুকূল শক্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে নেতাসকলে। প্ৰধানমন্ত্ৰী মোদীয়ে ১৯ মে’ত নৰৱেৰ অছল’ত অনুষ্ঠিত হ’বলগীয়া তৃতীয় ‘ইণ্ডিয়া-নৰ্ডিক সন্মিলন’তো অংশগ্ৰহণ কৰিব। এই সন্মিলনত ডেনমাৰ্ক, ফিনলেণ্ড, আইচলেণ্ড আৰু চুইডেনৰ নেতাসকলৰ সৈতেও তেওঁ বৈঠকত মিলিত হ’ব। ভাৰত আৰু ইউৰোপীয় সংঘৰ মাজত শেহতীয়াকৈ স্বাক্ষৰিত হোৱা মুক্ত বাণিজ্য চুক্তিৰ পাছত প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণে বাণিজ্য আৰু বিনিয়োগৰ ক্ষেত্ৰত এক নতুন গতি প্ৰদান কৰিছে। Share this:FacebookX Related Post navigation পুনৰ ইন্ধনৰ মূল্যবৃদ্ধি, পেট্ৰ’ল-ডিজেলত লিটাৰপ্ৰতি ৩ টকাকৈ বৃদ্ধি তৰমুজ খোৱাৰ পিছতেই অসুস্থ ৯জন, উত্তৰ প্ৰদেশত খাদ্য বিষক্ৰিয়াক লৈ হুৱাদুৱা