২০০ বছৰৰ কাৰাদণ্ডৰে দণ্ডিত হ’ল ২০১৯ চনৰ বিশ্বকঁপোৱা আক্ৰমণৰ ঘটনাত দোষী সাব্যস্ত হোৱা ১৫ জন অপৰাধী। শেহতীয়াকৈ শ্ৰীলংকাৰ উচ্চ ন্যায়ালয়ে অপৰাধীকেইজনক প্ৰতিজনকে ২০০ বছৰৰো অধিক কাৰাদণ্ডৰ শাস্তি বিহে। পাঁচ বছৰজোৰা দীঘলীয়া বিচাৰ প্ৰক্ৰিয়াৰ অন্তত তিনিজনীয়া বিশেষ বিচাৰপীঠে মঙলবাৰে এই নজিৰবিহীন ঐতিহাসিক ৰায়দান ঘোষণা কৰে। গোচৰটোৰ মুঠ ২৪ জন অভিযুক্তৰ ভিতৰত ১৪ জনক হত্যা, সন্ত্ৰাসবাদী ষড়যন্ত্ৰ আৰু মাৰণাস্ত্ৰ মজুত ৰখাৰ সকলো অভিযোগতে দোষী সাব্যস্ত কৰা হয়। আন এজন অভিযুক্তৰ বিৰুদ্ধে আংশিক অভিযোগ প্ৰমাণিত হোৱাৰ বিপৰীতে বাকী ৯ জনক আদালতে দোষমুক্ত ঘোষণা কৰে। আদালতে শাস্তি ঘোষণা কৰা লোকসকলৰ ভিতৰত মূল মাষ্টাৰমাইণ্ড মহম্মদ নৌফাৰো অন্তৰ্ভুক্ত, যিয়ে আত্মঘাতী দলটোক সকলো ধৰণৰ প্ৰশিক্ষণ আৰু যোগান আগবঢ়াইছিল। আদালতে দোষীসকলৰ সকলো স্থাৱৰ-অস্থাৱৰ সম্পত্তি বাজেয়াপ্ত কৰাৰো নিৰ্দেশ দিয়ে। উল্লেখ্য যে, ২০১৯ চনৰ ২১ এপ্ৰিলত ইষ্টাৰ দেওবাৰৰ দিনা শ্ৰীলংকাৰ তিনিখন বিলাসী হোটেল আৰু তিনিটা গীৰ্জাত ধাৰাবাহিকভাৱে আত্মঘাতী বোমা বিস্ফোৰণ সংঘটিত হৈছিল। দেশখনৰ ইতিহাসৰ অন্যতম ভয়ংকৰ এই সন্ত্ৰাসবাদী কাণ্ডত ৪৫ গৰাকী বিদেশী নাগৰিকসহ মুঠ ২৭৯ জন নিৰীহ লোকে প্ৰাণ হেৰুৱাইছিল আৰু ৫০০ৰো অধিক লোক গুৰুতৰভাৱে আহত হৈছিল। বিচাৰপীঠৰ এই ঐতিহাসিক ৰায়ক দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্তত লাভ কৰা ন্যায় বুলি অভিহিত কৰি আদৰণি জনাইছে শ্ৰীলংকাৰ ৰোমান কেথলিক গীৰ্জা কৰ্তৃপক্ষই। অৱশ্যে এই সন্ত্ৰাসবাদী কাণ্ডৰ আঁৰত অধিক বৃহৎ ষড়যন্ত্ৰ নিহিত থকা বুলি গীৰ্জা কৰ্তৃপক্ষই এতিয়াও সন্দেহ ব্যক্ত কৰি আহিছে। ইফালে উচ্চ ন্যায়ালয়ৰ এই নজিৰবিহীন শাস্তিৰ বিৰুদ্ধে দেশখনৰ উচ্চতম ন্যায়ালয়ত আপীল কৰাৰ কথা ঘোষণা কৰিছে দোষীসকলৰ অধিবক্তাই। আনহাতে চোৰাংচোৱাৰ আগতীয়া সতৰ্কবাৰ্তা থকাৰ পিছতো সময়মতে নিৰাপত্তামূলক ব্যৱস্থা গ্ৰহণ নকৰাৰ অপৰাধত যোৱা জুলাই মাহত শ্ৰীলংকাৰ প্ৰাক্তন আৰক্ষী প্ৰধান আৰু প্ৰাক্তন প্ৰতিৰক্ষা সচিবক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰিছিল আদালতে। Share this:FacebookX Related Post navigation ডেৰ মাহত ৮ বাৰ সৰ্পদংশনৰ বলি ছাত্ৰী! হাথৰছৰ এটা পৰিয়ালত আতংকৰ সৃষ্টি এডাল সাপৰ অনুপ্ৰেৰণামূলক! মেধা আৰু অধ্যাৱসায়ৰে উজ্বলিল অটোৰিক্সা চালকৰ পুত্ৰ প্ৰভাত যাদৱ, ভৰি দিলে চিকিৎসক হোৱাৰ বাটত