প্ৰতিটো ভাৰতীয় পৰিয়ালৰ ভিতৰত ঘৰুৱা কাম-কাজৰ অ-সমান বিভাজনৰ সমাধানৰ বাবে সকলোৰে মাজত সমানে ভাগ-বতৰাক প্ৰচাৰৰ বাবে এৰিয়েল ইণ্ডিয়াই এক অভিযান আৰম্ভ কৰিছে। এই অভিযানৰ লক্ষ্য হৈছে পুৰুষসকলক #শ্বেয়াৰদ্যলোড কৰিবলৈ আৰু হোমটীম হিচাপে টীম এট হোম হিচাপে কাম কৰিবলৈ উৎসাহিত কৰা হৈছে। ২০১৫ চনত ঘৰুৱা কাম-কাজ কেৱল মহিলাৰে দায়িত্ব বুলি বিশ্বাস কৰা পুৰুষৰ শতকৰা হাৰ ৭৯%ৰ পৰা আজিৰ তাৰিখত ২৫%লৈ হ্ৰাস পাইছে। এৰিয়েলে এই ইতিবাচক বাৰ্তাসমূহ আগুৱাই আনি পুৰুষক ঘৰৰ কামৰ ক্ষেত্ৰত শাৰীৰিক দিশটো গ্ৰহণ আৰু ঘৰখনত এটা দল বা একত্ৰিত ৰূপত কাম কৰি মানসিক বোজা ভাগ কৰিবলৈ উৎসাহিত কৰিছে।

অনিল কাপুৰ, সোনম কাপুৰ, মুক্তা মহেশ্বৰী, ছচী প’লকে ধৰি বলীউডৰ জনপ্ৰিয় তাৰকাসমৃদ্ধ পেনেলে মুকলি কৰা প্ৰচাৰ অভিযানত প্ৰকৃত অংশীদাৰিত্ব আৰু সমান ঘৰুৱা কামৰ গুৰুত্বৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰে। অভিনেত্ৰী সোনম কাপুৰৰ স্বামী আনন্দ আহুজাই অনুষ্ঠানত অংশগ্ৰহণ কৰি ঘৰুৱা দায়িত্ব পালন, সম্পৰ্ক আগবঢ়াই নিবলৈ সকলো কামতে ভাগ-বতৰা কৰা আৰু একত্ৰিতভাৱে কাম-কাজ প্ৰদৰ্শন কৰি প্ৰকৃত অংশীদাৰিত্বৰ উদাহৰণ দাঙি ধৰাৰ কথা অৱগত কৰে। ইয়াৰ জৰিয়তে পেছাদাৰী আৰু ঘৰুৱা দায়িত্বৰ মাজত ভাৰসাম্য ৰক্ষাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰা হৈছে।

ছুপাৰষ্টাৰ অনিল কাপুৰে শুভাৰম্ভণি কৰা প্ৰচাৰ অভিযানৰ এই অনুষ্ঠানত লিংগ সমতা বা ভূমিকাৰ পৰিৱৰ্তনশীল ৰূপ আৰু সম্পৰ্কৰ ক্ষেত্ৰত প্ৰকৃত অংশীদাৰিত্বৰ গুৰুত্বৰ বিষয়ে উল্লেখ কৰে। পত্নী সুনীতা কাপুৰক পৰিয়ালৰ সমান অংশীদাৰ হিচাপে উল্লেখ কৰি পাৰস্পৰিক সন্মানৰ গুৰুত্ব আৰু সম্পৰ্কত অংশীদাৰী দায়বদ্ধতাৰ ওপৰত বিশেষভাৱে জোৰ দিয়ে।বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী সোনম কাপুৰে এই বিষয়ে নিজৰ অভিমত ব্যক্ত কৰি কয় যে, “আমাৰ নিজৰ ঘৰখনত সদায়ে আনন্দ আৰু প্ৰকৃত অংশীদাৰীত্বত বিশ্বাস কৰো আৰু দায়িত্ববোৰ ভাগ-বতৰা কৰোঁ। এই অভিযান আমাৰ সৈতে গভীৰভাৱে অনুৰণিত কিয়নো ই আমাৰ মৰমৰ মূল্যবোধ প্ৰতিফলিত কৰাই নহয় লগতে পাৰস্পৰিক সন্মান, বুজাবুজি আৰু অংশীদাৰিত্বও প্ৰকাশ কৰিছে।”

Leave a Reply

Your email address will not be published. Required fields are marked *