জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অন্যতম অভিযুক্ত অমৃতপ্ৰভা মহন্ত আজি সোঁশৰীৰে ফাষ্ট ট্ৰেক আদালতত হাজিৰ হয় । ইমান দিনে চলি অহা বিচাৰ প্ৰক্ৰিয়াত অভিযুক্ত অমৃতপ্ৰভা মহন্তই কাৰাগাৰৰ পৰা ভাৰ্চুৱেল মাধ্যমেৰে আদালতত হাজিৰ হৈ আহিছিল। কিন্তু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত জামিন লাভ কৰি কালি হাফলং উপ কাৰাগাৰৰ পৰা মুকলি হোৱাৰ পৰিপ্ৰেক্ষিতত আদালতে অভিযুক্ত অমৃতপ্ৰভা মহন্তক আজি সোঁশৰীৰে উপস্থিত হ’বলৈ নিৰ্দেশ দিছিল।

আনহাতে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত সাক্ষীৰ সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া অব্যাহত আছে। আজি ছবি পৰিচালক ৰাজেশ ভূঞা আৰু জুবিন গাৰ্গৰ বন্ধু তথা বাদ্যযন্ত্ৰী ৰাজা বৰুৱাই ফাষ্ট ট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত সাক্ষ্য প্ৰদান কৰিব।
ইপিনে, গুৱাহাটী উচ্চ ন্যায়ালয়ত অভিযুক্ত সন্দিপন গাৰ্গৰ জামিন আবেদনৰ শুনানি কালি সম্পূৰ্ণ হয়। যোৱা কেইবাদিনো ধৰি অভিযুক্ত পক্ষ আৰু চৰকাৰী পক্ষৰ যুক্তি শুনাৰ পিছত উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ৰাজেশ মজুমদাৰৰ বিচাৰপীঠে অভিযুক্ত সন্দিপন গাৰ্গৰ জামিন আবেদনৰ ৰায় সংৰক্ষিত ৰাখে।

By Tarali

Leave a Reply

Your email address will not be published. Required fields are marked *