পশ্চিম কাৰ্বি আংলং জিলাৰ অভিভাৱক মন্ত্ৰী তথা কৃষি আৰু জলসিঞ্চন বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি জিলাখনত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰে। এই কাৰ্যসূচীসমূহৰ জৰিয়তে জলসিঞ্চন ব্যৱস্থাৰ উন্নয়ন, কৃষিৰ বৈচিত্ৰ্যকৰণ, উন্নয়নমূলক কাম-কাজৰ ত্বৰান্বিতকৰণ আৰু জনসাধাৰণৰ বাবে আন্তঃগাঁথনিগত সা-সুবিধা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।

ভ্ৰমণৰ অংশ হিচাপে মন্ত্ৰীগৰাকীয়ে প্ৰথমে পশ্চিম কাৰ্বি আংলঙৰ ৰংখাং বিধানসভা সমষ্টিৰ অন্তৰ্গত ক’লংগা প্ৰবাহিত জলসিঞ্চন আঁচনি (Flow Irrigation Scheme) পৰিদৰ্শন কৰে। বৰ্তমান এই আঁচনিখনে প্ৰায় ১০০ হেক্টৰ কৃষিভূমিত জলসিঞ্চনৰ সুবিধা প্ৰদান কৰি আহিছে। আঁচনিখনৰ জৰিয়তে প্ৰায় ১,৮০০ হেক্টৰ কৃষিভূমি সামৰি লোৱাৰ সম্ভাৱনা আছে। এই সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি মন্ত্ৰীগৰাকীয়ে অধিক কৃষকক জলসিঞ্চনৰ সুবিধা প্ৰদান কৰাৰ উদ্দেশ্যে এখন বৃহত্তৰ আঁচনিৰ প্ৰস্তাৱ প্ৰস্তুত কৰিবলৈ মুখ্য অভিযন্তাক নিৰ্দেশ দিয়ে।

ইয়াৰ পিছতে মন্ত্ৰীগৰাকীয়ে চাৰোগাঁৱত প্ৰথমটো জলফাইৰ পুলি ৰোপণ কৰি অসমত জলফাই খেতিৰ সম্ভাৱনা পৰীক্ষা কৰাৰ উদ্দেশ্যে গ্ৰহণ কৰা এক পাইলট প্ৰকল্পৰ শুভাৰম্ভ কৰে। ৰাজস্থানৰ পৰা অনা প্ৰায় ১৬,০০০ জলফাইৰ পুলি এই পাইলট প্ৰকল্পৰ অধীনত ৰোপণৰ ব্যৱস্থা কৰা হৈছে। ৰাজ্যখনৰ কৃষি বিভাগে ২০২৫–২৬ বৰ্ষৰ NMEO-OS-ৰ অধীনত অসম কৃষি বিশ্ববিদ্যালয়ৰ কাহিকুছিস্থিত উদ্যানশস্য গৱেষণা কেন্দ্ৰৰ সহযোগত এই পদক্ষেপ গ্ৰহণ কৰিছে। অঞ্চলটোৰ জলবায়ু আৰু কৃষি-পৰিৱেশত জলফাই খেতিৰ উপযোগিতা নিৰূপণ কৰাৰ লগতে কৃষকৰ আয় বৃদ্ধিৰ নতুন সম্ভাৱনা সৃষ্টি কৰাই এই প্ৰকল্পৰ মূল উদ্দেশ্য।

মন্ত্ৰীগৰাকীয়ে পৰৱৰ্তী সময়ত চেংবিৰিৰ প্ৰগতিশীল কৃষক বিমল সিং বে’ৰ ১০০ বিঘা কৃষিভূমিৰ পাম পৰিদৰ্শন কৰে। এই পামখনত তামোল, ৰবৰ, অমিতা, তৈলখেজুৰ, কল, ড্ৰেগন ফল, আনাৰস, ঔষধি উদ্ভিদ আৰু জলকীয়াকে ধৰি বিভিন্ন শস্যৰ খেতি কৰা হৈছে। শ্ৰী বে’ই বৰ্তমান কৃষিকাৰ্যৰ জৰিয়তে মাহে ৩ লাখ টকাতকৈ অধিক উপাৰ্জন কৰি আছে আৰু আগন্তুক তিনিৰ পৰা পাঁচ বছৰৰ ভিতৰত তেওঁৰ মাহিলি উপাৰ্জন কমেও ১০ লাখ টকালৈ বৃদ্ধি কৰাৰ লক্ষ্য লৈছে। কৃষিক্ষেত্ৰত তেওঁৰ উদ্যম আৰু বৈচিত্ৰ্যপূৰ্ণ খেতিৰ প্ৰচেষ্টাক প্ৰশংসা কৰি মন্ত্ৰীগৰাকীয়ে পামখনৰ অধিক উন্নয়নৰ বাবে বিভাগীয় সকলো সম্ভৱপৰ সহায়-সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়ে।

হামৰেণত মন্ত্ৰীগৰাকীয়ে চহৰখনৰ নিৰ্মাণ আৰু উন্নয়ন কাৰ্যসূচীৰ অধীনত নিৰ্মাণ কৰা ছয় আলিৰ পৰা চাৰ্কিট হাউছলৈ যোৱা পথ আৰু এছ বি আই এটিএমৰ পৰা হাৰলংজুভেলৈ যোৱা পথটো উদ্বোধন কৰে। ইয়াৰ উপৰি তেওঁ নৱনিৰ্মিত অতিথিশালা তথা সন্মিলন কক্ষ উদ্বোধন কৰাৰ লগতে হামৰেণত নতুন চাৰ্কিট হাউছ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে।

পৰৱৰ্তী সময়ত মন্ত্ৰীগৰাকীয়ে নৱনিৰ্মিত অতিথিশালা তথা সন্মিলন কক্ষত পশ্চিম কাৰ্বি আংলং জিলাৰ বিভিন্ন বিভাগৰ মুৰব্বীসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকত মিলিত হয়। বৈঠকত জিলাখনৰ চলি থকা উন্নয়নমূলক কাম-কাজৰ অগ্ৰগতি আৰু বিভিন্ন বিভাগৰ অগ্ৰাধিকাৰপ্ৰাপ্ত বিষয়সমূহ পৰ্যালোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে পথ নিৰ্মাণৰ কামসমূহ ত্বৰান্বিত কৰি নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে। লগতে কৃষকসকলৰ অধিক লাভৰ স্বাৰ্থত জিলাখনৰ জলসিঞ্চনৰ সম্ভাৱনাসমূহ সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰিবলৈ জলসিঞ্চন বিভাগক নিৰ্দেশ দিয়ে।

পাহাৰীয়া জিলাখনত কৃষি আৰু কৃষি-সংলগ্ন খণ্ডৰ বিপুল সম্ভাৱনাৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কেইবাটাও কৃষি, শস্যৰ বৈচিত্ৰ্যকৰণ, তৈলখেজুৰ, আগৰ আৰু অন্যান্য উপযোগী উচ্চ মূল্যৰ শস্যৰ খেতি সম্প্ৰসাৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এনে পদক্ষেপে কৃষকৰ উপাৰ্জন বৃদ্ধি কৰাৰ লগতে বহনক্ষম জীৱিকাৰ নতুন সুযোগ সৃষ্টি কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে।

মন্ত্ৰীগৰাকীয়ে সকলো বিভাগকে সমন্বিত আৰু ফলাফলমুখী দৃষ্টিভংগীৰে কাম কৰিবলৈ, জনসাধাৰণৰ প্ৰয়োজনীয়তাক অগ্ৰাধিকাৰ দিবলৈ আৰু চৰকাৰী আঁচনি তথা সুবিধাসমূহ প্ৰতিগৰাকী যোগ্য হিতাধিকাৰীৰ ওচৰলৈ লৈ যাবলৈ নিৰ্দেশ দিয়ে। জিলাখনৰ কৃষি সম্ভাৱনাৰ সদ্ব্যৱহাৰ, আন্তঃগাঁথনিৰ উন্নয়ন আৰু চৰকাৰী কল্যাণমূলক আঁচনিসমূহৰ ফলপ্ৰসূ ৰূপায়ণৰ জৰিয়তে সামগ্ৰিক উন্নয়ন ত্বৰান্বিত কৰাৰ লগতে জনসাধাৰণৰ জীৱন-জীৱিকাৰ মান উন্নত কৰাৰ ওপৰতো তেওঁ গুৰুত্ব আৰোপ কৰে।

আজিৰ কাৰ্যসূচীসমূহত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, অসম বিধানসভাৰ উপাধ্যক্ষ ড° হাব্বে টেৰন, অন্যান্য বিধায়ক আৰু কাৰ্যবাহী সদস্যসকলৰ লগতে বিভিন্ন বিভাগৰ বিষয়া আৰু অন্যান্য স্থানীয় প্ৰতিনিধি উপস্থিত আছিল ।

Leave a Reply

Your email address will not be published. Required fields are marked *