পূজা কমিটিৰ ধন লৈ উধাও কলকাতাৰ শিল্পী । ষষ্ঠীলৈ মাজত মাথো তিনি দিন ।  বিমোৰত গুৱাহাটীৰ দুখনকৈ পূজা কমিটি।  মহানগৰীৰৰ  ছাত্ৰীবাৰী দেৱপূজাস্হান
সমিতি আৰু কুমাৰপাৰাৰ  নয়নতৰা ক্লাৱৰ ধন লৈ পলায়ন কলকাতাৰ সুদীপ্ত পালৰ ।
  অসমীয়া ঐতিহ্যৰ আৰু অসমৰ জনগোষ্ঠী সমূহক লৈ আটাইকেইটা জনগোষ্ঠীক চিনাকি কৰাই দিয়াৰ উদ্দেশ্যেৰে এইবাৰৰ পূজাৰ মণ্ডপ নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল ছাত্ৰীবাৰী দেৱপূজাস্হান
সমিতিয়ে ।   এই মণ্ডপ নিৰ্মাণৰ বাবে পালৰ লগত ৮ লাখ টকাৰ এগ্ৰিমেণ্ট কৰা হৈছিল ।তেও সকলো কাম  সম্পূৰ্ণ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে । কিন্তু  মাত্ৰ ৪০%   পেণ্ডেলৰ কাম কৰি ৫লাখ ৩৫ হাজাৰ টকা লৈ পলাই যায় । ঘটনা সন্দৰ্ভতভৰলু থানাত এজাহৰ দাখিল কৰিছে পূজা কমিটিয়ে ৷

By Tarali

Leave a Reply

Your email address will not be published. Required fields are marked *