বিৰোধী ‘ইণ্ডিয়া’ মৰ্চাই চলোৱা শেহতীয়া প্ৰতিবাদী পদযাত্ৰাক লৈ দিল্লী আৰক্ষীয়ে দুটা গোচৰ পঞ্জীয়ন কৰিছে। দ্য ইণ্ডিয়ান এক্সপ্ৰেছৰ এক প্ৰতিবেদন অনুসৰি, কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ নেতৃত্বত ওলোৱা এই পদযাত্ৰাটো কোনো ধৰণৰ প্ৰশাসনিক অনুমতি অবিহনে অনুষ্ঠিত হৈছিল। পদযাত্ৰাৰ সময়ত এখন ট্ৰাকেৰে আৰক্ষীৰ বেৰিকেড ভাঙি ক্ষতিসাধন কৰাৰ লগতে পথত গ্ৰাফিটি (চিত্ৰ) অঁকাৰো অভিযোগ উত্থাপিত হৈছে। বৰাখাম্বা ৰোড আৰু তিলক মাৰ্গ আৰক্ষী থানাত এই গোচৰসমূহ ৰুজু কৰা হৈছে। ‘চলো দিল্লী’ প্ৰতিবাদী পদযাত্ৰাত ইণ্ডিয়া মৰ্চাৰ শীৰ্ষ নেতাসকলে অংশগ্ৰহণ কৰি বিৰোধী ঐক্য প্ৰদৰ্শন কৰে। এই পদযাত্ৰা বৰাখাম্বা ৰোডৰ পৰা আৰম্ভ হৈ ভাৰতৰ উচ্চতম ন্যায়ালয়ত সামৰণি পৰে। মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰক পদৰ পৰা অপসাৰণ কৰা আৰু ভোটাৰ তালিকাৰ বিশেষ বিশেষ সংশোধন প্ৰক্ৰিয়া বাতিল কৰাৰ দাবী জনায় প্ৰতিবাদকাৰীসকলে। ভোটাৰ তালিকাৰ বিশেষ সংশোধন (SIR) সংক্ৰান্তত নিৰ্বাচন আয়োগৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই ১১ গৰাকী বিৰোধী নেতাই উচ্চতম ন্যায়ালয়ত এক আবেদন দাখিল কৰিছে। Share this:FacebookX Related Post navigation মহিলা আৰু শিশু বিকাশ বিভাগৰ প্ৰথমখন ত্ৰৈমাসিক নিউজলেটাৰ আৰু সামাজিক আচৰণ পৰিৱৰ্তন সম্পৰ্কীয় কৌশলপত্ৰ মুকলি মন্ত্ৰী অজন্তা নেওগৰ পূজা কমিটিৰ ধন লৈ উধাও কলকাতাৰ শিল্পী