আমেৰিকা,ইজৰাইল,ইৰানৰ মাজত চলি থকা সামৰিক সংঘাতৰ বাবে মানৱ সম্পদৰ লগতে সা-সম্পত্তিৰ বিস্তৰ ক্ষতিৰ উপৰিও দেশখনে যথেষ্ট অৰ্থনৈতিক ব্যয়ৰ সন্মুখীন হ’বলগীয়া হৈছে।মধ্যপ্ৰাচ্যত ষষ্ঠ দিনটোতো বিমান আক্ৰমণ অব্যাহত থকাৰ সময়তে ইৰানে পুৱা ইজৰাইলৰ ওপৰত ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰে ৷ ইপিনে পোহৰলৈ আহিছে আন এক খবৰ। ইৰানৰ ওপৰত আক্ৰমণৰ প্ৰথম ২৪ ঘণ্টাতৰ ভিতৰতেই আমেৰিকাই ব্যয় কৰিছিল ৭৭৯ মিলিয়ন ডলাৰ। ইৰানৰ ওপৰত আক্ৰমণৰ বাবে আমেৰিকাই জেৰাল্ড আৰ ফ’ৰ্ডকে ধৰি দুটাকৈ কেৰিয়াৰ ষ্ট্ৰাইক গ্ৰুপ মধ্যপ্ৰাচ্যত মোতায়েন কৰিছিল। আনফালে,আক্ৰমণৰ পূৰ্বে বিমান,নৌসেনাৰ জাহাজ নিয়োগ,আঞ্চলিক সম্পদ সংগ্ৰহকে ধৰি সামৰিক প্ৰস্তুতিৰ আনুমানিক ব্যয় আছিল প্ৰায় ৬৩ কোটি। ২০২৩ চনৰ ৭ অক্টোবৰত হামাছে ইজৰাইলক আক্ৰমণ কৰি প্ৰায় ১২০০ লোকক হত্যা কৰি ২৫১ জন পণবন্দী লোৱাৰ পাছৰে পৰা আমেৰিকাই ইজৰাইলক ২১.৭ বিলিয়ন ডলাৰৰ সামৰিক সাহায্য প্ৰদান কৰিছে। Share this:FacebookX Related Post navigation ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে বিজেপিৰ প্ৰাৰ্থীৰ নাম ঘোষণা ফুলকবিৰ উপকাৰী গুণৰ বিষয়ে জানেনে