ভাৰতীয় চলচ্চিত্ৰ জগতলৈ আগবঢ়োৱা অসামান্য অৱদানৰ বাবে প্ৰখ্যাত জ্যেষ্ঠ অভিনেতা অনন্ত নাগক ২০২৪ বৰ্ষৰ সন্মানীয় দাদাচাহেব ফাল্কে বঁটাৰ বাবে মনোনীত কৰা হৈছে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে দাদাচাহেব ফাল্কে বঁটা নিৰ্বাচনী সমিতিৰ পৰামৰ্শমৰ্মে এই কথা ঘোষণা কৰে। অহা ২২ ছেপ্টেম্বৰ তাৰিখে গুজৰাটৰ কেৱাডিয়াৰ একতা নগৰত অনুষ্ঠিত হ’বলগীয়া ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত অভিনেতাগৰাকীক এই সন্মান অৰ্পণ কৰা হ’ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যম ‘X’ (পূৰ্বৰ টুইটাৰ)-ৰ জৰিয়তে অনন্ত নাগক অভিনন্দন জনায়। প্ৰধানমন্ত্ৰীয়ে তেওঁৰ বহুমুখী প্ৰতিভা আৰু অভিনয়ৰ গভীৰতাক প্ৰশংসা কৰি লিখে যে ভাৰতীয় চিনেমা, বিশেষকৈ কন্নড় চলচ্চিত্ৰলৈ তেওঁৰ অৱদান অতুলনীয়।১৯৪৮ চনৰ ৪ ছেপ্টেম্বৰত জন্মগ্ৰহণ কৰা অনন্ত নাগে পাঁচ দশকৰো অধিক সময় ধৰি কন্নড়, হিন্দী, তেলুগু, তামিল, মালয়ালম আৰু মাৰাঠী আদিকে ধৰি বিভিন্ন ভাষাৰ ৩০০ তকৈও অধিক ছবিত অভিনয় কৰিছে। ১৮ বছৰ বয়সলৈকে নাট্যমঞ্চত অভিনয় কৰাৰ পিছত তেওঁ ‘সংকল্প’ ছবিৰ জৰিয়তে কন্নড় চিনেমা আৰু শ্যাম বেনেগালৰ ‘অংকুৰ’ৰ জৰিয়তে হিন্দী ছবিত আত্মপ্ৰকাশ কৰে। দূৰদৰ্শনৰ প্ৰখ্যাত ধাৰাবাহিক ‘মালগুডি ডেইজ’ত অভিনয় কৰি তেওঁ ব্যাপক জনপ্ৰিয়তা অৰ্জন কৰিছিল। ইয়াৰ পূৰ্বে তেওঁক ২০২৫ চনত ‘পদ্মভূষণ’ সন্মানেৰে ভূষিত কৰা হৈছিল। তদুপৰি তেওঁ পাঁচবাৰকৈ কৰ্ণাটক ৰাজ্যিক চলচ্চিত্ৰ বঁটা আৰু পাঁচবাৰ ফিল্মফেয়াৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। চলচ্চিত্ৰৰ উপৰিও তেওঁ কৰ্ণাটক বিধান পৰিষদ (১৯৮৮-১৯৯৪) আৰু বিধানসভাৰ (১৯৯৪-১৯৯৯) সদস্য তথা বেংগালুৰু চহৰ উন্নয়ন বিভাগৰ ৰাজ্যিক মন্ত্ৰী হিচাপেও সেৱা আগবঢ়াইছিল। Share this:FacebookX Related Post navigation ছাত্ৰ আন্দোলনৰ স্বতন্ত্ৰতা ৰক্ষাৰ স্বাৰ্থতেই যন্তৰ-মন্তৰলৈ যোৱা নাছিল ৰাহুল গান্ধীঃ আইছা নেত্ৰী নেহা বৰা ২৪ ঘণ্টাও নিটিকিল শৰাইঘাটৰ পুৰণি দলঙৰ মেৰামতি! মুকলিৰ পিছতে সৃষ্টি প্ৰকাণ্ড গাঁত