দুমাহত প্ৰায় সাত-আঠ কোটি টকা ব্যয় কৰি কৰা বৃহৎ মেৰামতি কাৰ্য মুকলি হোৱাৰ ২৪ ঘণ্টা নৌহওঁতেই ফোঁপোলা স্বৰূপ ওলাই পৰিল ঐতিহাসিক পুৰণি শৰাইঘাট দলঙৰ।

বিগত ১৩ জুলাইৰ পৰা সুদীৰ্ঘ দুটা মাহ ধৰি সাধাৰণ যান-বাহনৰ চলাচল সম্পূৰ্ণৰূপে স্তব্ধ কৰি উত্তৰ-পূব সীমান্ত ৰে’লৱেই দলংখনৰ উপৰিভাগ মেৰামতি আৰু সংস্কাৰ সাধন কৰিছিল। প্ৰায় ৬০ দিনৰ অন্তত ১৫ ছেপ্টেম্বৰত দলংখন আনুষ্ঠানিকভাৱে মুকলি কৰি দিয়াৰ পিছতেই সৃষ্টি হয় এক চৰম হতাশাজনক পৰিস্থিতিৰ।

বাহন চলাচল আৰম্ভ হোৱাৰ মাত্ৰ কেইঘণ্টামানৰ ভিতৰতেই নৱনিৰ্মিত পথছোৱাত খহনীয়া সদৃশ অৱস্থাৰ সৃষ্টি হয়। পুৱাৰ ভাগত তীব্ৰবেগী গাড়ী-মটৰ পাৰ হোৱাৰ লগে লগেই বহু ঠাইত পিট্‌চ আৰু আলকতৰাৰ প্ৰলেপ চপৰা-চপৰে উফৰি পৰি পুনৰ পুৰণি গাঁতৰ উন্মেষ ঘটে।

দলং পৰিদৰ্শন কৰি এগৰাকী সাংবাদিকে ক্ষোভ উজাৰি কয়, “দুমাহত ৮ কোটি টকা খৰচ কৰি কৰা কাম ২৪ ঘণ্টাও নিটিকিল! পুৱা গাড়ী চলাৰ লগে লগেই দলঙৰ আলকতৰা-মচলা উফৰি গাত ওলাই পৰিল। যদি এনেকুৱাকৈয়ে কাম কৰিব লগা আছিল, তেন্তে দুমাহ ধৰি ৰাইজক ইমান কষ্ট দি দলংখন বন্ধ ৰখাৰ কি প্ৰয়োজন আছিল?”

উল্লেখযোগ্য যে, দুমাহ জোৰা এই কামৰ সময়ছোৱাত সমগ্ৰ গুৱাহাটী তথা উত্তৰ গুৱাহাটী সংযোগী যাতায়াত ব্যৱস্থাত কেৱল এখনমাত্ৰ দ্বিতীয় শৰাইঘাট দলঙৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হোৱাত জনসাধাৰণে দিনে-নিশাই তীব্ৰ যানজঁটৰ যমৰ-যাতনা ভুগিবলগীয়া হৈছিল।

দীৰ্ঘদিনীয়া কষ্টৰ পিছত দলংখন মুকলি হোৱাৰ লগে লগে স্বস্তিৰ আশা কৰা ৰাইজৰ বাবে এই নিম্নমানৰ নিৰ্মাণকাৰ্যই এতিয়া চৰম ক্ষোভৰ কাৰণ হৈ পৰিছে। সামাজিক মাধ্যমত সাধাৰণ পথচাৰী তথা সচেতন নাগৰিকে ৰে’ল বিভাগৰ অভিযান্ত্ৰিক শাখাৰ এনে অপৰিপক্ক আৰু দায়িত্বহীন কাম-কাজৰ তীব্ৰ বিৰোধিতা কৰিছে।

ব্ৰহ্মপুত্ৰৰ বুকুৰ এই ঐতিহাসিক সংযোগস্থলীত চৰকাৰী পুঁজিৰ এনে অপচয়ে এতিয়া ৰে’ল প্ৰশাসনক জবাবদিহিৰ কাঠগড়াত থিয় কৰাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *