ৰাজধানীৰ যন্তৰ-মন্তৰত সমাপ্তি ঘটা ঐতিহাসিক ছাত্ৰ আন্দোলনত ৰাহুল গান্ধীৰ অনুপস্থিতিক লৈ বিৰোধীক ঘেৰিবলৈ চেষ্টা কৰিছিল শাসক পক্ষই। কিন্তু শাসক পক্ষৰ এনে প্ৰচেষ্টাৰ মাজতে এইবাৰ লোকসভাৰ বিৰোধী দলপতিগৰাকীৰ অনুপস্থিতিৰ কাৰণ স্পষ্ট কৰিলে আইছাৰ ৰাষ্ট্ৰীয় সভানেত্ৰী নেহা বৰাই। পৰীক্ষাৰ খেলিমেলি আৰু নিযুক্তিৰ বিসংগতিৰ বিৰুদ্ধে দেশ কঁপোৱা ‘Gen Z’ প্ৰতিবাদৰ সময়ত লোকসভাৰ বিৰোধী দলপতিগৰাকী সোশৰীৰে উপস্থিত নোহোৱাক লৈ সৃষ্টি হোৱা ব্যাপক চৰ্চাৰ মাজতেই সৰৱ হৈ পৰে ছাত্ৰ নেত্ৰীগৰাকী। ছাত্ৰ-ছাত্ৰীৰ এই স্বতঃস্ফূৰ্ত আন্দোলনত শাসক পক্ষই যাতে কোনো ৰাজনৈতিক লেবেল লগাব নোৱাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই বিৰোধী দলপতিগৰাকীয়ে যন্তৰ-মন্তৰলৈ যোৱাৰ পৰা বিৰত আছিল বুলি সদৰী কৰে নেত্ৰীগৰাকীয়ে। বিষয়টো সন্দৰ্ভত নেহা বৰাই কয়, “ৰাহুল গান্ধীয়ে ব্যক্তিগতভাৱে যন্তৰ-মন্তৰত Gen Z প্ৰতিবাদকাৰীসকলৰ সৈতে যোগদান কৰিব বিচাৰিছিল; কিন্তু ছাত্ৰ-ছাত্ৰীসকলৰ এটা স্বতঃস্ফূৰ্ত আন্দোলনক যাতে শাসকে ‘বিৰোধীৰ পৃষ্ঠপোষকতা প্ৰাপ্ত’ বুলি দাগ লগাব নোৱাৰে, সেইবাবেই তেওঁ নিজৰ আগমন স্থগিত ৰাখিছিল।” আন্দোলনৰ আৰম্ভণিৰ পৰাই ছাত্ৰ সমাজে কোনো ৰাজনৈতিক দলৰ বেনাৰ নোলোৱাকৈ নিজৰ দাবীত অটল আছিল বুলি উল্লেখ কৰি নেত্ৰীগৰাকীয়ে কয় যে ৰাহুল গান্ধীয়ে আৰম্ভণিৰে পৰাই এই যুঁজখনলৈ নৈতিক সমৰ্থন আগবঢ়াইছিল। কিন্তু তেওঁ প্ৰতিবাদস্থলীত উপস্থিত হ’লে শাসকে সমগ্ৰ বিষয়টোক বিৰোধী দলৰ ৰাজনৈতিক কুচকাৱাজ বুলি মিছা অপপ্ৰচাৰ চলোৱাৰ পূৰ্ণ সুযোগ পালেহেঁতেন। ছাত্ৰ-ছাত্ৰীৰ ন্যায্য দাবীবোৰ যাতে কোনো ৰাজনৈতিক আক্ৰমণৰ মাজত স্তব্ধ হৈ নপৰে, সেই স্বাৰ্থতেই এই কৌশল অৱলম্বন কৰা হৈছিল বুলি আইছা নেতৃত্বই স্পষ্ট কৰি দিয়ে। Share this:FacebookX Related Post navigation উত্তৰ আৰব সাগৰত ভাৰতীয় নৌসেনাৰ জাহাজত খুন্দা পাক নৌসেনাৰ; নতুন দিল্লীৰ কূটনৈতিজ্ঞক তলব প্ৰখ্যাত অভিনেতা অনন্ত নাগলৈ ২০২৪ বৰ্ষৰ দাদাচাহেব ফাল্কে বঁটা