কলকাতাৰ পৰা শ্বিলঙলৈ উৰা মৰাৰ পূৰ্বে ইণ্ডিগোৰ এখন বিমানত বোমা থকাৰ ভাবুকিভৰা পত্ৰ উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি শনিবাৰে নেতাজী সুভাষ চন্দ্ৰ বসু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। কলকাতাৰ পৰা শ্বিলং অভিমুখী ৬ই-৭৩০৪ নম্বৰৰ বিমানখনৰ শৌচাগাৰত এগৰাকী বিমান কৰ্মীয়ে হাতেলিখা এখন সন্দেহজনক পত্ৰ প্ৰত্যক্ষ কৰাৰ পিছতে সমগ্ৰ প্ৰক্ৰিয়াটোত যতি পৰে। এই ঘটনাক কেন্দ্ৰ কৰি বিমানবন্দৰ কৰ্তৃপক্ষ আৰু নিৰাপত্তা সংস্থাসমূহৰ মাজত তৎপৰতা বৃদ্ধি পায়।

বিমানখনত বোমা থকাৰ সম্ভাৱনীয়তাৰ কথা উল্লেখ থকা পত্ৰখন উদ্ধাৰ হোৱাৰ লগে লগে বিমানখনক নিৰাপদ স্থানলৈ লৈ যোৱা হয়। যাত্ৰী আৰু বিমানখনৰ সুৰক্ষা নিশ্চিত কৰিবলৈ নিৰ্ধাৰিত মানক কাৰ্যপ্ৰণালী অনুসৰি প্ৰয়োজনীয় সকলো সাৱধানতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে। নিৰাপত্তা বাহিনীয়ে বৰ্তমান বিমানখনত পুংখানুপুংখভাৱে তালাচী চলাই থকাৰ লগতে যাত্ৰীসকলক নিৰাপদ স্থানত ৰখা হৈছে।

বিমানবন্দৰ কৰ্তৃপক্ষই জনোৱা মতে, এই ভাবুকিৰ আঁৰত থকা প্ৰকৃত কাৰণ আৰু পত্ৰখন কোনে লিখিছিল, সেই সন্দৰ্ভত তদন্ত আৰম্ভ কৰা হৈছে। বিমানখনৰ উৰণৰ পূৰ্বে নিৰাপত্তাৰ প্ৰতিটো দিশ পৰীক্ষা কৰি থকা হৈছে যাতে যাত্ৰীসকলৰ সুৰক্ষাত কোনো ত্ৰুটি নাথাকে। এই ঘটনাই শনিবাৰে পুৱা কলকাতা বিমানবন্দৰৰ বিমান চলাচলত সাময়িকভাৱে প্ৰভাৱ পেলায়।

Leave a Reply

Your email address will not be published. Required fields are marked *