অলেখ প্ৰাৰ্থনা আৰু চিকিৎসা বিজ্ঞানৰ সহায়ত সুদীৰ্ঘ ১০ বছৰীয়া প্ৰতীক্ষাৰ অন্তত জন্ম পাইছিল দেৱশিশুটিয়ে। চাহু পৰিয়ালৰ আলাসৰ লাড়ু হৈ জন্মগ্ৰহণ কৰা শিশুটিৰ নাম ৰখা হৈছিল আভিয়ান। কিন্তু নিষ্ঠুৰ নিয়তিয়ে সহ্য নকৰিলে পৰিয়ালটোৰ মুখত বিৰিঙি উঠা সেই হাঁহি। পৌৰ নিগমে যোগান ধৰা দূষিত পানী সেৱনৰ ফলত মাত্ৰ ৬ মাহ বয়সতে মৃত্যুক কোলাত শুই পৰিল দেৱশিশুটি।

মধ্যপ্ৰদেশৰ ইন্দোৰৰ এই মৰ্মান্তিক ঘটনাই এতিয়া শোকস্তব্ধ কৰিছে সকলোকে। দেৱশিশুটিৰ মৃত্যুত ভাগি পৰা পৰিয়ালটোৱে ইতিমধ্যে প্ৰত্যাখান কৰিছে ৰাজ্য চৰকাৰে প্ৰদান কৰা ২ লাখ টকাৰ ক্ষতিপূৰণ। শিশুটিৰ আইতাকে সংবাদ মাধ্যমৰ আগত কয় যে কোনো ধৰণৰ ধনে তেওঁলোকৰ সন্তানক ঘূৰাই আনিব নোৱাৰে।

প্ৰাপ্ত তথ্য অনুসৰি, যোৱা ২৯ ডিচেম্বৰত শিশুটিৰ মৃত্যু হৈছিল। পৌৰ নিগমৰ টেপৰ পানীৰে গাখীৰ গুলি খুওৱাৰ পাছতে শিশুটি ডায়েৰিয়াত আক্ৰান্ত হৈছিল বুলি পৰিয়ালে অভিযোগ কৰিছে। ইন্দোৰৰ ভাগীৰথপুৰা অঞ্চলত বিগত কেইবাদিনো ধৰি পানীৰ দূষণৰ ফলত এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। যদিও স্থানীয় ৰাইজে এই মহামাৰীসদৃশ পৰিস্থিতিত ১৫ জনৰ মৃত্যু হোৱা বুলি দাবী কৰিছে, স্বাস্থ্য বিভাগে এতিয়ালৈকে মাত্ৰ ৪ জনৰহে মৃত্যু নিশ্চিত কৰিছে।

তদুপৰি, যোৱা ৯ দিনত এই অঞ্চলটোৰ ১,৪০০ তকৈও অধিক লোক বমি আৰু ডায়েৰিয়াত আক্ৰান্ত হৈছে। স্বাস্থ্য বিভাগৰ সূত্ৰই জনোৱা মতে, বৰ্তমানো ২৭২ জন ৰোগী চিকিৎসালয়ত ভৰ্তি হৈ আছে, যাৰ ভিতৰত ৩২ জনৰ অৱস্থা সংকটজনক হোৱাৰ বাবে আই চি ইউত চিকিৎসা চলি আছে। এই ঘটনাই চহৰখনৰ খোৱাপানী যোগান ব্যৱস্থাৰ শোচনীয় ৰূপটো উদঙাই দিছে।

ইফালে, চৰকাৰী পক্ষই মৃতকৰ পৰিয়াললৈ আৰ্থিক সাহায্য ঘোষণা কৰিছে যদিও চাহু পৰিয়ালৰ দৰে আন কেইবাটাও পৰিয়ালে প্ৰশাসনৰ গাফিলতিৰ বিৰুদ্ধেহে ক্ষোভ উজাৰিছে। স্থানীয় ৰাইজৰ মতে, চৰকাৰে এতিয়া উচিত পদক্ষেপ গ্ৰহণ কৰা উচিত যাতে দূষিত পানীৰ বাবে আৰু কোনো মাতৃৰ কোলা উদং নহয়। বৰ্তমান সমগ্ৰ অঞ্চলটোত বিশেষজ্ঞ চিকিৎসকৰ এটা দলে পৰিস্থিতি নিৰীক্ষণ কৰি আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *