শ্বাওমি ইণ্ডিয়াই বজাৰত মুকলি কৰিছে আকৰ্ষণীয় নতুন ধ্বজাবাহী স্মাৰ্টফোন শ্বাওমি ১৭টি। লাইকা কোম্পানীৰ সহযোগত যুটীয়াভাৱে প্ৰস্তুত কৰা এই ফোনটোত উন্নত ফটোগ্ৰাফী, নিমজ্জিত ডিচপ্লে প্ৰযুক্তি, শক্তিশালী প্ৰদৰ্শন আৰু দীৰ্ঘস্থায়ী বেটাৰী কাৰ্যকৰিতাৰ এক উৎকৃষ্ট সংমিশ্ৰণ ঘটোৱা হৈছে। শ্বাওমি ১৭টি ফোনটোত লাইকা প্ৰযুক্তিযুক্ত এটা ত্ৰিপল-কেমেৰা চিষ্টেম আছে, যাৰ মূল চেন্সৰটো হৈছে ৫০ মেগাপিক্সেলৰ সন্নিৱিষ্ট কৰা হৈছে। ইয়াৰ উপৰিও, শ্বাওমি টি চিৰিজৰ ইতিহাসত পোনপ্ৰথমবাৰৰ বাবে ইয়াত এটা লাইকা ৫এক্স পেৰিস্কোপ টেলিফটো কেমেৰা অন্তৰ্ভুক্ত কৰা হৈছে। এই ডিভাইচটোত লাইকা লাইভ মমেণ্ট আৰু লাইকা লাইভ পৰ্ট্ৰেইট বৈশিষ্ট্যও প্ৰথমবাৰৰ বাবে প্ৰশস্ত কৰা হৈছে, যাৰ সহায়ত যিকোনো গতিশীল দৃশ্য, আৱেগ-অনুভূতি আৰু চিনেমেটিক পৰ্ট্ৰেইট শ্বটসমূহ অধিক গভীৰ আৰু জীৱন্ত ৰূপত কেপচাৰ কৰিব পৰা যাব।

এই স্মাৰ্টফোনটোত ১২০ হাৰ্টজ ৰিফ্ৰেছ ৰেট আৰু ৩৫০০ নিটছৰ পিক ব্ৰাইটনেছ সম্বলিত এটা ৬.৫৯ ইঞ্চিৰ ১.৫কে এমল্ড ডিচপ্লে দিয়া হৈছে। শ্বাওমিৰ তৰফৰ পৰা জনোৱা অনুসৰি গ্ৰাহকৰ চকুৰ সুৰক্ষাৰ বাবে ইয়াত নতুন ভিজন কেয়াৰ প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে আৰু ইয়াক  টিইউভি ৰিনলেণ্ড ইণ্টেলিজেণ্ট আই কেয়াৰ প্ৰমাণপত্ৰও প্ৰদান কৰা হৈছে। শ্বাওমি হাইপাৰঅ’এছ, শ্বাওমি হাইপাৰএআই, গুগল জেমিনি আৰু গুগল চাৰ্চৰ ছাৰ্কল টু চাৰ্চ প্ৰযুক্তিৰে চালিত এই শ্বাওমি ১৭টি ফোনটোত ৬৭ ৱাটৰ হাইপাৰ চাৰ্জ ছাপ’ৰ্ট থকা এটা ৬৫০০ এমএএইছ চিলিকন-কাৰ্বন বেটাৰী ব্যৱহাৰ কৰা হৈছে। এই মোবাইলটো বেঙুনীয়া, নীলা আৰু ক’লা ৰঙৰ বিকল্পত উপলব্ধ হ’ব।

গুৱাহাটী মহানগৰীৰ বজাৰত এই ফোনটোৰ মুকলিয়ে প্ৰিমিয়াম স্মাৰ্টফোন খণ্ডত প্ৰতিযোগিতা আৰু অধিক তীব্ৰতৰ কৰি তুলিব বুলি আশা কৰা হৈছে, যিহেতু বৰ্তমান সময়ত এআই চালিত ডিভাইচ আৰু উন্নত কেমেৰা প্ৰযুক্তিৰ চাহিদা ক্ৰমান্বয়ে বৃদ্ধি পাইছে। স্থানীয় খুচুৰা বিক্ৰেতাসকলৰ মতে, নিজৰ লাইকা ব্ৰেণ্ডিং, আকৰ্ষণীয় ফাইনেন্সিং সুবিধা আৰু এচিউৰ্ড বাইবেক আঁচনিয়ে উত্তৰ-পূবৰ যুৱ পেচাদাৰী, সমল সৃষ্টিকৰ্তা আৰু প্ৰযুক্তি প্ৰেমীসকলক বিশেষভাৱে আকৰ্ষিত কৰিব পাৰে। শ্বাওমি ১৭টি-ৰ ১২ জিবি ৰেম + ২৫৬ জিবি ষ্টৰেজ ভেৰিয়েণ্টৰ মূল্য ৫৯,৯৯৯ টকা আৰু ১২ জিবি ৰেম + ৫১২ জিবি ষ্টৰেজ মডেলৰ মূল্য ৬৪,৯৯৯ টকা ধাৰ্য কৰা হৈছে। গ্ৰাহকসকলে বেংকৰ জৰিয়তে ৫,০০০ টকাৰ ইনষ্টেণ্ট ডিচকাউণ্ট লাভ কৰিব পাৰিব, যাৰ ফলত ফোন দুটাৰ কাৰ্যকৰী মূল্য ক্ৰমে ৫৪,৯৯৯ টকা আৰু ৫৯,৯৯৯ টকালৈ হ্ৰাস পাব। ইয়াৰ উপৰিও ক্ৰেতাসকলে পুৰণি ফোন এক্সচেঞ্জৰ সুবিধা, এটা বিনামূলীয়া নিশ্চিত বাইবেক আৰু প্ৰিমিয়াম ডিজিটেল চাবস্ক্ৰিপচন লাভ কৰিব। এই স্মাৰ্টফোনটো ১০ জুনৰ পৰা আমাজন, শ্বাওমিৰ অফিচিয়েল ৱেবছাইট আৰু সমগ্ৰ ভাৰতৰে খুচুৰা প্ৰতিষ্ঠানসমূহত বিক্ৰীৰ বাবে উপলব্ধ হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *