গ্ৰাহক পৰিক্ৰমা বিভাগে শনিবাৰে আইনী মেট্ৰ’লজি কাঠামোৰ অধীনত খোৱা তেল কিছুমান নিৰ্দিষ্ট পৰিমাণত পেকেজিং কৰাটো বাধ্যতামূলক কৰিছে। গ্ৰাহকে বিভিন্ন ব্ৰেণ্ডৰ মাজত দাম সহজে তুলনা কৰি সঠিক সিদ্ধান্ত ল’ব পৰাকৈ চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে। এই উদ্দেশ্যে বিভাগটোৱে মানক আকাৰৰ পেকেট নিৰ্ধাৰণৰ বাবে ‘Standard Operating Procedure’ ৰ নিয়ম সংশোধন কৰিছে। তেল উৎপাদনকাৰী কোম্পানীৰ লগতে আমদানিকাৰকসকলেও পৰৱৰ্তী তিনি মাহৰ ভিতৰত চৰকাৰে নিৰ্ধাৰণ কৰা নতুন নিয়ম মানি চলিব লাগিব। নতুন SOP অনুসৰি, দেশত খোৱা তেলৰ পেকেট এতিয়া কেৱল ৯ টা মানক আকাৰতহে বিক্ৰী কৰিব পাৰিব। এই নতুন নিয়ম পাম তেল, ছয়াবিন তেল, সূৰ্যমুখী তেল, সৰিয়হৰ তেল, বাদামৰ তেল, তিলৰ তেল, ৰাইচ ব্ৰেন তেল, কপাহগুটিৰ তেল, কৰ্ণ তেল আৰু সকলো ধৰণৰ মিশ্ৰিত তেলৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব। নতুন নিয়ম অনুসৰি, খোৱা তেলৰ পেকেটত লিটাৰ বা মিলিলিটাৰত আয়তন উল্লেখ কৰিব লাগিব আৰু ইয়াৰ উপৰি, আইনী মেট্ৰ’লজি নিয়ম, ২০১১ অনুসৰি তেলৰ পৰিমাণ গ্ৰাম বা কিলোগ্ৰামত স্পষ্টভাৱে উল্লেখ কৰিব লাগিব। এই নিয়ম ঘৰুৱা খোৱা তেলৰ লগতে বিদেশৰ পৰা আমদানি কৰা তেলৰ ক্ষেত্ৰতো প্ৰযোজ্য হ’ব। উল্লেখযোগ্য যে বজাৰত কম পৰিমাণৰ, কম মূল্যৰ পেকেটৰ উপলব্ধতা নিশ্চিত কৰিবলৈ চৰকাৰে নতুন নিয়মত কিছু ৰেহাই ঘোষণা কৰিছে। এই ক্ষেত্ৰত ২০০ মিলি বা ২০০ গ্ৰামতকৈ সৰু পেকেটবোৰ চৰকাৰে নিৰ্ধাৰণ কৰা মানক আকাৰৰ পেকেটৰ নিয়মৰ আওতাৰ বাহিৰত ৰখা হৈছে। Share this:FacebookX Related Post navigation প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত ভাৰতৰ বিৰুদ্ধে যিকোনো নিষেধাজ্ঞাৰ ভাবুকি বুমেৰাংহে হ’বঃ পুটিন শ্বাওমি ইণ্ডিয়াই বজাৰত মুকলি কৰিছে আকৰ্ষণীয় নতুন ধ্বজাবাহী স্মাৰ্টফোন শ্বাওমি ১৭টি