“কেৱল এটা কবিতা লিখাৰ বাবেই মোক আৰক্ষীয়ে হাৰাশাস্তি কৰি ৬২ দিন কাৰাগাৰত বন্দী কৰি থৈছিল কিয়?” নিষিদ্ধঘোষিত সংগঠন আলফা (স্বাধীন) আৰু সংগঠনটোৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাক প্ৰশংসা কৰা এগৰাকী মন্ত্ৰীৰ প্ৰতি চৰকাৰৰ নমনীয়তাক লৈ এনেদৰেই পোনপটীয়া প্ৰশ্ন উত্থাপন কৰিছে কবি বৰ্ষাশ্ৰী বুঢ়াগোহাঁয়ে। মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে কৰা এনে মন্তব্যক সুৰক্ষা দিয়াৰ অভিযোগ তুলি স্বয়ং মুখ্যমন্ত্ৰীক জবাবদিহি কৰিছে বৰ্ষাশ্ৰীয়ে।

এক প্ৰতিক্ৰিয়াত চৰকাৰৰ দুমুখীয়া ভূমিকাক কঠোৰ সমালোচনা কৰি বৰ্ষাশ্ৰী বুঢ়াগোহাঁয়ে কয়, “শেহতীয়াকৈ মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে আলফা (স্বাধীন) আৰু সংগঠনটোৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱা সন্দৰ্ভত ৰাজহুৱাভাৱে প্ৰশংসাসূচক মন্তব্য কৰা পৰিলক্ষিত হৈছে। তেনেক্ষেত্ৰত ২০২২ চনত কেৱল এটা কবিতাক কেন্দ্ৰ কৰি মোক ৬২ দিন কাৰাগাৰত বন্দী কৰি ৰখা হৈছিল।” নিষিদ্ধ সংগঠন এটাক লৈ কেবিনেট মন্ত্ৰীৰ প্ৰশংসাৰ ক্ষেত্ৰত চৰকাৰৰ নমনীয়তা আৰু সাধাৰণ নাগৰিকৰ ক্ষেত্ৰত কঠোৰ স্থিতিৰ মাজৰ বৈপৰীত্যক লৈ প্ৰশ্ন তোলে কবি বৰ্ষাশ্ৰীয়ে।

কেৱল সেয়াই নহয়, বিগত বৰ্ষত মাৰ্শ্বেল বৰুৱাই জুবিন গাৰ্গৰ প্ৰতিচ্ছবি অংকন কৰা প্ৰসংগও উত্থাপন কৰে বৰ্ষাশ্ৰীয়ে। বৰ্ষাশ্ৰী বুঢ়াগোহাঁইৰ মতে, সেই সময়ত স্বয়ং মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ পৰিৱৰ্তে পৰেশ বৰুৱাৰ প্ৰতিচ্ছবি অংকন কৰিবলৈ পৰামৰ্শ দিছিল।

এক নিষিদ্ধ সংগঠনৰ নেতাক লৈ মুখ্যমন্ত্ৰীয়ে এনে মন্তব্য কৰিব পাৰে যদি, তেন্তে ২০২৪ চনত যোৰহাটৰ দীপাংকৰ শইকীয়াক আলফাৰ সৈতে সম্পৰ্ক থকাৰ সন্দেহত কিয় হাৰাশাস্তি কৰা হৈছিল বুলিও প্ৰশ্ন কৰে বৰ্ষাশ্ৰীয়ে। সেই হাৰাশাস্তি সহ্য কৰিব নোৱাৰিয়েই দীপাংকৰৰ অকাল আৰু কৰুণ পৰিণতি ঘটিছিল বুলি অভিযোগ উত্থাপন কৰে তেওঁ।

ব্যক্তিৰ পৰিচয় আৰু পদবীৰ ভিত্তিত চৰকাৰে আইন প্ৰয়োগৰ ক্ষেত্ৰত বৈষম্যৰ আশ্ৰয় লৈছে নেকি বুলি সোধাৰ লগতে, সাধাৰণ লোকে সামাজিক মাধ্যমত কিবা ক’লেই গৃহ বিভাগ কিয় তৎপৰ হৈ পৰে আৰু মন্ত্ৰীৰ বেলিকা কিয় নমনীয় হয়, সেই সন্দৰ্ভতো চৰকাৰৰ পৰা স্পষ্ট উত্তৰ দাবী কৰে বৰ্ষাশ্ৰী বুঢ়াগোহাঁয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *