মহাকাশ বিজ্ঞানৰ ক্ষেত্ৰত ভাৰতৰ আন এক উল্লেখযোগ্য সফলতা। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ISRO-ই সফলতাৰে উৎক্ষেপণ কৰিলে দেশৰ নতুন প্ৰজন্মৰ নেভিগেচন উপগ্ৰহ NVS-03। শুকুৰবাৰে নিশা ১১ বাজি ৫১ মিনিটত অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাস্থিত সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ দ্বিতীয় উৎক্ষেপণ মঞ্চৰ পৰা GSLV-F18 ৰকেটৰ জৰিয়তে মহাকাশলৈ প্ৰেৰণ কৰা হয় উপগ্ৰহটো। ISROৰ তথ্য অনুসৰি, উৎক্ষেপণৰ পিছত GSLV-F18 ৰকেটে NVS-03 উপগ্ৰহটোক নিৰ্ধাৰিত Geosynchronous Transfer Orbit (GTO)-ত সফলতাৰে স্থাপন কৰে। উল্লেখযোগ্য যে, NVS-03 হৈছে ভাৰতৰ দ্বিতীয় প্ৰজন্মৰ NavIC নেভিগেচন উপগ্ৰহ শৃংখলাৰ তৃতীয়টো উপগ্ৰহ। এই উপগ্ৰহটোৱে ভাৰতৰ নিজা উপগ্ৰহভিত্তিক নেভিগেচন ব্যৱস্থা ‘Navigation with Indian Constellation’ (NavIC)-ক অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। উপগ্ৰহটোত ভাৰতত নিৰ্মিত Atomic Clock-ৰ লগতে আন সংগ্ৰহ কৰা Atomic Clock সংযুক্ত কৰা হৈছে। ইয়াৰ উপৰি, পূৰ্বৰ L5 আৰু S ছিগনেলৰ লগতে L1 ছিগনেলৰ সুবিধাও অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ ফলত নেভিগেচন সেৱাৰ সক্ষমতা আৰু অধিক উন্নত হোৱাৰ আশা কৰা হৈছে। NavIC ব্যৱস্থাই ভাৰতৰ মূল ভূখণ্ডৰ লগতে দেশৰ সীমাৰ পৰা প্ৰায় ১,৫০০ কিলোমিটাৰ পৰ্যন্ত অঞ্চলত অৱস্থান নিৰ্ণয়, নেভিগেচন আৰু সময় সম্পৰ্কীয় সেৱা প্ৰদান কৰে। এই সফল উৎক্ষেপণৰ জৰিয়তে ভাৰতৰ নিজা নেভিগেচন ব্যৱস্থাৰ ধাৰাবাহিকতা বজাই ৰখা আৰু আধুনিকীকৰণৰ দিশত আন এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিলে ISRO-ই। ভাৰতৰ মহাকাশ গৱেষণাৰ এই সফলতাই দেশৰ নিজস্ব প্ৰযুক্তিগত সক্ষমতাক অধিক শক্তিশালী কৰাৰ লগতে ভৱিষ্যতৰ মহাকাশ অভিযানৰ বাবেও নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিছে। Share this:FacebookX Related Post navigation হৰমুজ প্ৰণালীত ২৭ ভাৰতীয় থকা তেল পৰিবাহী জাহাজত আক্ৰমণ! মুম্বাই লিটফেষ্ট ২০২৬ত প্ৰকাশন উদ্যোগৰ ওপৰত বিশেষভাৱে আলোকপাত, সাহিত্যিক উৎকৃষ্টতাক জনালে সন্মান