টাটা এআইএ লাইফ ইঞ্চুৰেন্সে ফৰ্চুন গেৰাণ্টি চুপ্ৰিম সঞ্চয় আঁচনিখনক এক ‘হাই লাইফ কভাৰ এণ্ডমেণ্ট অপচন’ৰ সৈতে উন্নত কৰি তুলিছে। ইয়াৰ অধীনত পলিচীৰ নিয়ম আৰু চৰ্তাৱলীৰ সাপেক্ষে, প্ৰথম দিনাৰ পৰাই বাৰ্ষিক প্ৰিমিয়ামৰ ৩০ গুণ জীৱন বীমাৰ আৱৰণ আৰু লগতে এক নিশ্চিত এককালীন মেচ্যৰিটি লাভ আগবঢ়াইছে।এই উন্নীত বিকল্প দীৰ্ঘম্যাদী আৰ্থিক সুৰক্ষা আৰু ভৱিষ্যতৰ গুৰুত্বপূৰ্ণ সময়বোৰৰ বাবে সঞ্চয়ক একেলগ কৰাৰ উদ্দেশ্যে প্ৰস্তুত কৰা হৈছে। যোগ্যতা সাপেক্ষে পলিচীৰ ম্যাদ ২০ৰ পৰা ৫০ বছৰ পৰ্যন্ত হোৱাৰ বিপৰীতে প্ৰিমিয়াম পৰিশোধৰ ম্যাদ ৫ৰ পৰা ১২ বছৰ পৰ্যন্ত হয়। প্ৰিমিয়ামসমূহ বাৰ্ষিক, ষাণ্মাসিক(৬ মহীয়া), ত্ৰৈমাসিক(৩ মহীয়া) বা মাহেকীয়া ৰূপতো পৰিশোধ কৰিব পাৰি।এই প্লেনত অন্তৰ্ভুক্ত হোৱাৰ নূন্যতম বয়স ৩০ দিন আৰু সৰ্বোচ্চ মেচ্যৰিটীৰ বয়স ১০০ বছৰ পৰ্যন্ত হ’ব পাৰে। ইয়াৰ বাৰ্ষিক নূন্যতম প্ৰিমিয়াম হৈছে ২৪,০০০ টকা আৰু আণ্ডাৰৰাইটিঙৰ সাপেক্ষে ইয়াৰ কোনো সৰ্বোচ্চ সীমা নাই। সুৰক্ষা অধিক বৃদ্ধি কৰিবলৈ ইয়াৰ সৈতে বৈকল্পিক ৰাইডাৰো উপলব্ধ আছে।টাটা এআইএ লাইফ ইঞ্চুৰেন্সৰ প্ৰডাক্ট মেনেজমেণ্টৰ চিনিয়ৰ ভি পি তথা মুৰব্বী শ্ৰুতি ওকে এই বিষয়ে সদৰি কৰি কয় যে এই অগ্ৰগতিয়ে ভাৰতীয় পৰিয়ালসমূহৰ ক্ৰমবৰ্ধমান আৰ্থিক পৰিকল্পনাৰ প্ৰয়োজনসমূহ পূৰণ কৰিবলৈ উচ্চ পৰ্যায়ৰ জীৱন সুৰক্ষা আৰু নিশ্চিত সঞ্চয়ৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে।কোম্পানীটোৱে জনোৱা অনুসৰি ৰাইডাৰৰ চৰ্তাৱলীৰ সাপেক্ষে বেনিফিট প্ৰটেকচন ৰাইডাৰ-এ পলিচীধাৰীৰ মৃত্যু বা মাৰাত্মক ৰোগকে ধৰি কিছুমান নিৰ্দিষ্ট পৰিস্থিতিত ভৱিষ্যতৰ প্ৰিমিয়ামসমূহ ৰেহাই দিয়ে। টাৰ্মিনেল ইলনেচ উইথ টাৰ্ম বুষ্টাৰ বেনিফিটৰ জৰিয়তে প্ৰযোজ্য চৰ্তাৱলীৰ সাপেক্ষে সৰ্বমুঠ জীৱন বীমাৰ আৱৰণ বাৰ্ষিক প্ৰিমিয়ামৰ ৪০ গুণ পৰ্যন্ত বৃদ্ধি কৰিব পাৰি।পলিচীধাৰীৰ প্ৰৱেশৰ বয়স, প্ৰিমিয়াম আৰু পলিচীৰ ম্যাদৰ ওপৰত নিৰ্ভৰ কৰি এই প্লেনৰ আনুমানিক আইআৰআৰ(ইণ্টাৰনেল ৰেট অব্ ৰিটাৰ্ন) হৈছে ৭.০৬%। ইয়াৰ প্ৰকৃত লাভ আৰু কৰ ৰেহাইৰ সুবিধাসমূহ পলিচীৰ চৰ্তাৱলী, লিখিত বিধি আৰু প্ৰচলিত আইনৰ সাপেক্ষে হ’ব। Share this:FacebookX Related Post navigation মুম্বাই লিটফেষ্ট ২০২৬ত প্ৰকাশন উদ্যোগৰ ওপৰত বিশেষভাৱে আলোকপাত, সাহিত্যিক উৎকৃষ্টতাক জনালে সন্মান