মাত্ৰ ২০০ টকাৰ এটা সাধাৰণ লটাৰী কুপনে সলনি কৰি দিলে এটা পৰিয়ালৰ জীৱনৰ গতি। প্ৰায় ৫০ লাখ টকা মূল্যৰ বিলাসী টয়োটা ফৰ্চুনাৰ গাড়ী লাভ কৰিলে ছয় বছৰীয়া এটি কণমানি দেৱশিশুৱে। মধ্যপ্ৰদেশৰ বুৰহানপুৰ জিলাত পোহৰলৈ আহিছে এই বিস্ময়কৰ ঘটনা। পৰিয়ালৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, বুৰহানপুৰৰ চিলমপুৰা অঞ্চলৰ বাসিন্দা মেদাংশ ৰায়কৱাৰ নামৰ শিশুটিয়ে লাভ কৰে এই অবিশ্বাস্য পুৰস্কাৰ। বিগত প্ৰায় এবছৰ পূৰ্বে অভাপুৰী ধামত আয়োজিত এটা গৰ্বা অনুষ্ঠানলৈ গৈছিল শিশুটিৰ আইতাক কিৰণ ৰায়কৱাৰ। তাত আইতাকে নাতিয়েক মেদাংশৰ নামত মাত্ৰ ২০০ টকাৰে ক্ৰয় কৰিছিল এটা লটাৰীৰ টিকট। অভাপুৰীৰ শ্ৰী চৰকাৰ ধামত অনুষ্ঠিত চূড়ান্ত খেলত প্ৰথম পুৰস্কাৰ বিজয়ী হিচাপে শিশুটিৰ নাম ঘোষণা কৰাত আনন্দই নধৰা হয় পৰিয়ালটোৰ। প্ৰথম পুৰস্কাৰ লাভ কৰাৰ খবৰ পোৱাৰ পিছতেই স্থানীয় ৰাইজে ঢোল-দগৰ বজাই এক বিশাল শোভাযাত্ৰাৰে কণমানি বিজয়ীক উষ্ম আদৰণি জনায়। বাহনখন চমজি লোৱাৰ পিছত এক মাংগলিক পূজা সম্পন্ন কৰি পৰিয়ালটোৱে ভগৱানৰ শ্ৰীচৰণত কৃতজ্ঞতা প্ৰকাশ কৰে। সমান্তৰালভাৱে সামাজিক মাধ্যমত এই ঘটনা ভাইৰেল হোৱাৰ পিছতে বহু লোকে আইতাকৰ মৰম আৰু শিশুটিৰ ভাগ্যক প্ৰশংসাৰে উপচাই পেলাইছে। উল্লেখ্য যে, বজাৰত টয়োটা ফৰ্চুনাৰৰ অন-ৰ’ড মূল্য প্ৰায় ৪২ লাখ টকাৰ পৰা ৬১ লাখ টকালৈকে হয়। ২০০ টকাৰ টিকটৰ পৰা ৫০ লাখীয়া বাহন লাভ কৰা এই ঘটনাই সমগ্ৰ অঞ্চলটোতে ব্যাপক চৰ্চা লাভ কৰিছে। Share this:FacebookX Related Post navigation উত্তৰ-পূৰ্বাঞ্চলৰ সংৰক্ষণ গৱেষণাৰ বিশ্বব্যাপী প্ৰভাৱক স্বীকৃতি দিলে ফেল’শ্বিপে