আকাশমাৰ্গত শতাধিক যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰি অসাধাৰণ সাহসিকতা প্ৰদৰ্শন কৰা ফ্লাইডুবাইৰ কেপ্টেইন স্মিত মাচ্চাৰক সন্মানিত কৰিলে সংযুক্ত আৰব আমিৰাত প্ৰশাসনে। দেশখনৰ অন্যতম সন্মানীয় অসামৰিক তথা সামৰিক স্বীকৃতি ‘অৰ্ডাৰ অৱ জায়েদ দ্বিতীয়, প্ৰথম শ্ৰেণী’ সন্মানেৰে ভূষিত কৰা হয় ভাৰতীয় পাইলটগৰাকীক। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হাতত বেল্ট বান্ধি সহকৰ্মীসকলৰ সৈতে অনুষ্ঠানত উপস্থিত হোৱা কেপ্টেইন মাচ্চাৰক প্ৰশংসাৰে উপচাই পেলায় উপস্থিত বিশিষ্ট ব্যক্তিসকলে। আবুধাবিত অনুষ্ঠিত এই বিশেষ সন্মান প্ৰদান অনুষ্ঠানত সংযুক্ত আৰব আমিৰাতৰ ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানে কেপ্টেইন মাচ্চাৰক ব্যক্তিগতভাৱে সাৱটি ধৰি কৃতজ্ঞতা জ্ঞাপন কৰে। অনুষ্ঠানত ডুবাইৰ শাসক শ্বেখ মহম্মদ বিন ৰছিদ আল মাকতুমৰ লগতে দুয়োটা ৰাজপৰিয়ালৰ জ্যেষ্ঠ সদস্যসকল উপস্থিত থাকে। দেশ আৰু সমাজলৈ ব্যতিক্ৰমী আৰু দায়িত্বশীল অৱদান আগবঢ়োৱা ব্যক্তিক প্ৰদান কৰা এই ঐতিহাসিক পদকটি কেপ্টেইনৰ লগতে বিমানখনৰ সাহসিক ক্ৰু সদস্যসকলকো প্ৰদান কৰে ডুবাইৰ ক্ৰাউন প্ৰিন্স শ্বেখ হামদানে। উল্লেখ্য যে, যোৱা ৩০ ছেপ্টেম্বৰত ডুবাইৰ পৰা তেল আভিভ অভিমুখে উৰা মৰা বিমানখনত ওমানৰ সহকাৰী চালকজনে ককপিটৰ ভিতৰতে আকস্মিকভাৱে আক্ৰমণ চলাইছিল। সহকাৰী চালকজনে যাত্ৰীভৰ্তি বিমানখন ধ্বংস কৰাৰ উদ্দেশ্যে এই ভয়ংকৰ কাণ্ড সংঘটিত কৰিছিল বুলি পাছত স্পষ্ট কৰে সংযুক্ত আৰব আমিৰাতৰ এটৰ্নী জেনেৰেল ড° হামাদ ছাইফ আল ছামছিয়ে। তেনে এক মৃত্যুমুখী পৰিস্থিতিত নিজে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ পাছতো অদম্য সাহস প্ৰদৰ্শন কৰি ককপিটৰ দুৱাৰ খুলি দিয়ে কেপ্টেইন মাচ্চাৰে। যাৰ ফলত বিমানখনৰ অন্যান্য কৰ্মী আৰু যাত্ৰীসকলে ক্ষিপ্ৰতাৰে ভিতৰলৈ সোমাই আক্ৰমণকাৰীক কাবু কৰিবলৈ সক্ষম হয় আৰু ১৭৪ গৰাকী যাত্ৰী নিশ্চিত মৃত্যুৰ পৰা ৰক্ষা পৰে। ইফালে ভাৰতীয় পাইলটগৰাকীৰ এনে অভূতপূৰ্ব বীৰত্বক আনুষ্ঠানিকভাৱে স্বীকৃতি জনাইছে ইজৰাইল চৰকাৰেও। দেশখনৰ স্বাধীনতা দিৱসৰ বিশেষ অনুষ্ঠানত অংশ লৈ ঐতিহাসিক মাচাল প্ৰজ্বলন কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে কেপ্টেইন স্মিত মাচ্চাৰকো বিশেষভাৱে আমন্ত্ৰণ জনাইছে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে। জটিল সংকটৰ সময়ত দায়িত্ববোধ আৰু ক্ষিপ্ৰ সিদ্ধান্ত গ্ৰহণেৰে বিশ্বজুৰি প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে এইগৰাকী সাহসী ভাৰতীয় পাইলটে। Share this:FacebookX Related Post navigation এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ উদ্যোগত মহাপ্ৰবন্ধকক সম্বৰ্ধনা অনুষ্ঠান