মাৰাত্মক কৰ্কট ৰোগৰ চিকিৎসা অধিক সুলভ কৰি তুলিবলৈ এক ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে ঔষধ মূল্য নিৰ্ধাৰক সংস্থাই। দেশৰ ৰাষ্ট্ৰীয় ঔষধ মূল্য নিৰ্ধাৰণ প্ৰাধিকৰণে (এন পি পি এ) বুধবাৰে ৫৪৩টা কৰ্কট ৰোগৰ ঔষধ ব্ৰেণ্ডৰ সৰ্বোচ্চ খুচুৰা মূল্য সংশোধন কৰে। সংশোধিত এই নতুন তালিকাত কেতবোৰ অতি প্ৰয়োজনীয় ঔষধৰ দাম পূৰ্বৰ তুলনাত ৯০ শতাংশৰো অধিক হ্ৰাস পাইছে। অহা ৯ নৱেম্বৰৰ পৰা সমগ্ৰ দেশজুৰি এই নতুন মূল্য কাৰ্যকৰী হ’ব। মূল্য সংশোধনৰ তথ্য অনুসৰি, স্তন কৰ্কট ৰোগৰ চিকিৎসাত ব্যৱহৃত পলবচিক্লিবৰ এটা ব্ৰেণ্ডৰ নিৰ্ধাৰিত পেকেটৰ মূল্য ৪০,৪২১ টকাৰ পৰা হ্ৰাস পাই হৈছেগৈ মাত্ৰ ২,২৭০ টকা। একেদৰে সমৰ্থ লাইফ ছায়েন্সেছ প্ৰাইভেট লিমিটেডে প্ৰস্তুত কৰা থায়োটেপা নামৰ কেম’থেৰাপী ঔষধৰ ১০০ মিলিগ্ৰাম ভাইলৰ মূল্য ৮০,০৭২ টকাৰ পৰা পোনে পোনে ৭,১৫০ টকালৈ নামি আহিছে। ইয়াৰ উপৰিও ডাচাটিনিব, লেনভাটিনিব, এবিৰেটেৰন আৰু অলাপৰিব আদিৰ দৰে জীৱনদায়িনী ঔষধেও সংশোধিত তালিকাত যথেষ্ট সস্তা ৰূপ পাইছে। অৱশ্যে এম এছ ডি ফাৰ্মাৰ কিট্ৰুডা, স্তন কৰ্কটৰ আন এবিধ ঔষধ ৰিবচিক্লিব (পূৰ্বৰ মূল্য ২৪,৪৩৫ টকা)কে ধৰি টেগ্ৰিছ’, টেচেণ্ট্ৰিক, ডাৰ্জালেক্স আৰু ইমফিঞ্জিৰ দৰে কেইবাটাও অতি ব্যয়বহুল মূল ব্ৰেণ্ডৰ মূল্যত কোনো সালসলনি ঘটা নাই। সৰ্বোচ্চ ন্যায়ালয়ে কৰ্কট ঔষধৰ অত্যধিক মূল্য আৰু যোগান শৃংখলাত নিৰ্ধাৰণ কৰা মুনাফাক লৈ উদ্বেগ প্ৰকাশ কৰাৰ পিছতেই এই ব্যৱস্থা হাতত লৈছে নিয়ন্ত্ৰক সংস্থাই। ৰাজহুৱা স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি এন পি পি এ-য়ে যোৱা ১৭ অক্টোবৰত ১৩৭টা তালিকা বহিৰ্ভূত কৰ্কট ৰোগৰ ঔষধৰ বাণিজ্যিক লাভৰ সীমা সৰ্বোচ্চ খুচুৰা মূল্যৰ ৩০ শতাংশত আৱদ্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। যোৱা ২৭ অক্টোবৰলৈকে বিভিন্ন ফাৰ্মা প্ৰতিষ্ঠানে দাখিল কৰা সংশোধিত তথ্যৰ ভিত্তিত প্ৰকাশ কৰা হৈছে এই প্ৰথমখন মূল্য তালিকা। ইফালে ব্যৱসায়িক লাভৰ হাৰ সীমিত কৰি ঔষধ সস্তা কৰা সত্ত্বেও দেশত কৰ্কট চিকিৎসাৰ সামগ্ৰিক ব্যয়ক লৈ প্ৰশ্ন উত্থাপন কৰিছে স্বাস্থ্য কৰ্মীসকলে। অল ইণ্ডিয়া ড্ৰাগ একশ্যন নেটৱৰ্কৰ সহ-আহ্বায়ক এছ শ্ৰীনিবাসনে প্ৰকাশ কৰা মতে, কেৱল বাণিজ্যিক মুনাফা কমাই দিলেই সকলো ঔষধ সাধাৰণ ৰোগীৰ ক্ৰয়ক্ষমতাৰ ভিতৰলৈ নাহিব। ২০১৩ চনৰ ঔষধ মূল্য নিয়ন্ত্ৰণ নিৰ্দেশনাৱলীৰ সাধাৰণ গড় সূত্ৰ সলনি কৰি ১৯৯৫ চনৰ খৰচভিত্তিক সূত্ৰ প্ৰয়োগ কৰিলেহে এনে ব্যয়বহুল ঔষধৰ দাম বাস্তৱিকভাৱে হ্ৰাস পাব বুলি তেওঁ মত পোষণ কৰে। Share this:FacebookX Related Post navigation আকাশমাৰ্গত যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰা ভাৰতীয় পাইলটক ডুবাইৰ সন্মান! অৰ্ডাৰ অৱ জায়েদ প্ৰদান ৰাষ্ট্ৰপতিৰ