স্পেইনত সংঘটিত হৈছে এক ভয়ংকৰ ৰে’ল দুৰ্ঘটনা। দুখন হাই-স্পীড ট্ৰেইনৰ মুখামুখি সংঘৰ্ষৰ ফলত কমেও ৬৮ জন লোকৰ মৃত্যু হোৱা বুলি প্ৰকাশিত তথ্যত উল্লেখ কৰা হৈছে। এই শোকাৱহ ঘটনাই সমগ্ৰ দেশখনতে গভীৰ শোকৰ ছাঁ পেলাইছে।

উল্লেখযোগ্য যে, চলিত বৰ্ষত স্পেইনত সংঘটিত হোৱা এয়া দ্বিতীয়টো ভয়ংকৰ ৰে’ল দুৰ্ঘটনা। একেটা বছৰত পুনৰ এনে দুৰ্ঘটনা সংঘটিত হোৱাক লৈ ৰে’লৰ সুৰক্ষা ব্যৱস্থা আৰু যাত্ৰীসকলৰ নিৰাপত্তাক লৈ উদ্বেগ বৃদ্ধি পাইছে।দুৰ্ঘটনাটোৰ পিছতে উদ্ধাৰকাৰী দলে ধ্বংসস্তূপৰ মাজত মৃতদেহৰ সন্ধান অব্যাহত ৰাখিছে। মৃতকৰ সংখ্যা আৰু অধিক বৃদ্ধি পাব পাৰে। ইফালে এই শোকাৱহ দুৰ্ঘটনাৰ পাছতে প্ৰধানমন্ত্ৰীয়ে শোক ব্যক্ত কৰি আগন্তুক কেইটামান দিনলৈ নিৰ্বাচনৰ সকলো প্ৰচাৰ কাৰ্যসূচী বাতিল কৰিছে।

দুখন দ্ৰুতবেগী ৰে’লৰ সংঘৰ্ষৰ ফলত ব্যাপক ক্ষয়-ক্ষতিৰ খবৰ পোহৰলৈ আহিছে। দুৰ্ঘটনাটোৰ প্ৰকৃত কাৰণ, আহত লোকৰ সংখ্যা আৰু উদ্ধাৰ অভিযানৰ শেহতীয়া স্থিতিৰ বিষয়ে অধিক তথ্যৰ বাবে কৰ্তৃপক্ষৰ আনুষ্ঠানিক বিবৃতিৰ প্ৰয়োজন।

Leave a Reply

Your email address will not be published. Required fields are marked *