এগৰাকী বিশেষ ব্যক্তিক লৈ এতিয়া সামাজিক মাধ্যমত নেটিজেনৰ বৃদ্ধি পাইছে অত্যুৎসাহ। তিনি শক্তিশালী দেশৰ ৰাষ্ট্ৰপ্ৰধানৰ ৰসাল আলাপৰ সময়ত কাষতে মুখত হাঁহি লৈ থিয় হৈ থকা ব্যক্তিজন কোন, সেয়া জানিবলৈ ব্যগ্ৰ হৈ পৰিছে সকলো। ব্ৰিকছ সন্মিলনৰ এক বিশেষ মুহূৰ্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন আৰু চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে পৰস্পৰৰ হাত ধৰি থকা দৃশ্যৰ সমীপতে দেখা গৈছিল এই যুৱকজনক। সামাজিক মাধ্যমত ফটোখন ভাইৰেল হৈ পৰাৰ লগে লগে ব্যক্তিজনৰ অৱয়ব আৰু সাজ-পোছাকক লৈ বিভিন্নজনে নানা মন্তব্য কৰিবলৈ আৰম্ভ কৰে। কিন্তু বহুল চৰ্চিত এই ব্যক্তিগৰাকী কোনো সাধাৰণ লোক নহয়। তেওঁ হৈছে ২০১৭ বেচৰ ভাৰতীয় বৈদেশিক সেৱাৰ এগৰাকী সুদক্ষ বিষয়া সিদ্ধাৰ্থ বাবু। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ত ইউৰোপ আৰু ইউৰেচিয়া বিষয়ৰ উপ-সচিব হিচাপে কৰ্মৰত বিষয়াগৰাকীয়ে প্ৰধানমন্ত্ৰী মোদীৰ গুৰুত্বপূৰ্ণ কূটনৈতিক বৈঠকত দ্বিভাষিক বা অনুবাদকৰ দায়িত্ব পালন কৰিছিল। বিদেশী ৰাষ্ট্ৰনায়কসকলৰ সৈতে আলোচনাৰ সময়ত শব্দৰ প্ৰকৃত অৰ্থ, ভাৱ আৰু দৃষ্টিভংগী সঠিকভাৱে উপস্থাপন কৰাটো অতি সংবেদনশীল কাম। সিদ্ধাৰ্থ বাবুৱে কেৱল এক ভাষাক আন এটা ভাষালৈ ৰূপান্তৰ কৰাই নহয়, আলোচনাৰ সঠিক ভাবাৰ্থ ফুটাই তোলাৰ দায়িত্বও পালন কৰে। সেইবাবেই বিশ্বৰ শীৰ্ষ নেতাসকলৰ সৈতে হোৱা উচ্চস্তৰীয় বৈঠকত প্ৰধানমন্ত্ৰীৰ নিচেই কাষতে তেওঁক দেখা পোৱা গৈছিল। কেৰালাৰ কোচিৰ বাসিন্দা সিদ্ধাৰ্থ বাবুৱে মেকানিকেল ইঞ্জিনিয়াৰিঙৰ শিক্ষা সমাপ্ত কৰি আৰম্ভণিতে ব্যক্তিগত খণ্ডত কৰ্মজীৱন আৰম্ভ কৰিছিল। পৰৱৰ্তী সময়ত ২০১৬ চনত সংঘ লোকসেৱা আয়োগৰ অসামৰিক সেৱা পৰীক্ষাত অৱতীৰ্ণ হৈ তেওঁ সৰ্বভাৰতীয় পৰ্যায়ত ১৫ সংখ্যক স্থান দখল কৰিবলৈ সক্ষম হয়। প্ৰশাসনিক সেৱা লাভৰ সম্পূৰ্ণ সুযোগ থকাৰ পিছতো আন্তঃৰাষ্ট্ৰীয় পৰিক্ৰমা আৰু বৈদেশিক নীতিৰ প্ৰতি থকা গভীৰ আকৰ্ষণৰ বাবেই তেওঁ ভাৰতীয় বৈদেশিক সেৱাক অগ্ৰাধিকাৰ দিয়ে। ২০১৭ চনৰ ডিচেম্বৰত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ত প্ৰশিক্ষণ আৰম্ভ কৰা সিদ্ধাৰ্থই ২০১৮ৰ পৰা ২০২২ চনলৈ চীনৰ বেইজিঙত থকা ভাৰতীয় দূতাবাসত দ্বিতীয় আৰু তৃতীয় সচিবৰ দায়িত্ব বহন কৰে। চীনৰ পৰৱৰ্তী সময়ত ২০২২ৰ পৰা ২০২৪ চনলৈ আমেৰিকাৰ কেলিফৰ্ণিয়াৰ মণ্টেৰী কাউণ্টিত বাণিজ্যিক দূত হিচাপে কাৰ্যনিৰ্বাহ কৰে এই যুৱ বিষয়াগৰাকীয়ে। তাৰ পিছতে নতুন দিল্লীলৈ উভতি আহি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ অৱৰ সচিব আৰু পৰৱৰ্তী সময়ত ইউৰোপ আৰু ইউৰেচিয়া সংক্ৰান্তিয় দায়িত্বত নিযুক্তি লাভ কৰে। চীনা আৰু ইংৰাজী ভাষাত বিশেষ দখল থকাৰ বাবেই ব্ৰিকছ সন্মিলনত চীনৰ ৰাষ্ট্ৰপতি আৰু অন্যান্য নেতাসকলৰ সৈতে হোৱা আলোচনাত প্ৰধানমন্ত্ৰীৰ অনুবাদক হিচাপে তেওঁ উপস্থিত আছিল। যাৰ পৰিচয়ক লৈ ইণ্টাৰনেটত হাজাৰটা প্ৰশ্নৰ উদয় হৈছিল, সেই যুৱকজন প্ৰকৃততে দেশৰ বৈদেশিক নীতিৰ এগৰাকী গুৰুত্বপূৰ্ণ পৰিচালক বুলি স্পষ্ট হোৱাৰ পিছত সামাজিক মাধ্যমত সৃষ্টি হৈছে নতুন কৌতুহলৰ। Share this:FacebookX Related Post navigation নকল সুৰা পান কৰি ৯ জনৰ মৃত্যু; নাগালেণ্ডৰ টুৱেনচাঙত জব্দ ৪৭০ টা সুৰাৰ বটল আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা চলাই নিহত ৰামানুজ গোস্বামী; মৃতদেহ চমজি ল’বলৈ অস্বীকাৰ পৰিয়ালৰ