সুৰা নিষিদ্ধ নাগালেণ্ডত নকল সুৰা পান কৰি মৃত্যুক সাৱটিলে নজনকৈ লোকে। ১০ আৰু ১১ ছেপ্টেম্বৰত টুৱেনচাং চহৰ আৰু চেনদাং চেডল অঞ্চলত সংঘটিত হয় এই শোকাবহ ঘটনা। টুৱেনচাঙৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ে নিশ্চিত কৰা অনুসৰি, এই সকলোকেইটা মৃত্যুৰ সৈতে প্ৰত্যক্ষ বা পৰোক্ষভাৱে সুৰা সেৱনৰ সম্পৰ্ক আছে। মৃতসকলৰ এজন সুৰা বিক্ৰেতাৰ পৰিয়ালৰে সদস্য আছিল আৰু তেওঁ চিপজৰী লৈ আত্মহত্যা কৰা বুলি আৰক্ষীয়ে সন্দেহ কৰিছে। আনহাতে, যিটো পৰিয়ালৰ বাসগৃহৰ পৰা এই সুৰা ক্ৰয় কৰা হৈছিল, সেই একেটা পৰিয়ালৰে তিনিজন লোকৰো এই ঘটনাত মৃত্যু ঘটে।

টুৱেনচাং অসামৰিক চিকিৎসালয়ত কেইবাজনো ৰোগীৰ মৃত্যু হোৱাৰ পিছত ১২ ছেপ্টেম্বৰত আৰক্ষীৰ দৃষ্টিগোচৰ হয় সমগ্ৰ বিষয়টো। মৃত ব্যক্তিকেইজনে সুৰা সেৱন কৰাৰ পিছতেই দৃষ্টিশক্তি ধুঁৱলী হোৱা, তীব্ৰ মূৰৰ বিষ, মূৰ ঘূৰোৱা আৰু বমিৰ দৰে মাৰাত্মক উপসৰ্গসমূহত ভুগিছিল। চিকিৎসাবিজ্ঞানৰ মতে এই লক্ষণসমূহ মিথানলৰ বিষক্ৰিয়াৰ স্পষ্ট সংকেত। আৰক্ষীক খবৰ দিয়াৰ পূৰ্বেই বেছিভাগ মৃতদেহ শেষকৃত্যৰ বাবে লৈ যোৱাৰ বাবে মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰিব পৰা নগ’ল যদিও আৰক্ষীয়ে ফৰেনচিক পৰীক্ষাৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে।

ঘটনাৰ পম খেদি আৰক্ষীয়ে টুৱেনচাং চহৰ আৰু চেনদাং চেডলৰ বিভিন্ন প্ৰান্তত এক ব্যাপক অভিযান চলায়। এই অভিযানত বিভিন্ন স্থানৰ পৰা প্ৰায় ৪৭০ টা বিদেশী সুৰাৰ বটল আৰু বিয়েৰ কেন জব্দ কৰে আৰক্ষীৰ দলে। জব্দ কৰা মেকড’ৱেলছ নামৰ ৰামৰ বটলসমূহ পৰীক্ষা কৰোঁতে পেকেজিং আৰু ল’গ’ত নকল সুৰাৰ স্পষ্ট প্ৰমাণ ধৰা পৰে। আচল বটলৰ তুলনাত নকল বটলৰ ছপা অস্পষ্ট, ঢাকনিৰ লিখনি বেলেগ আৰু তলিৰ বিশেষ ছপা অনুপস্থিত থকাটো নিশ্চিত কৰে অনুসন্ধানকাৰী দলে।

পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি টুৱেনচাং আৰক্ষীয়ে ৰাইজৰ বাবে এক বিশেষ সতৰ্কবাৰ্তা জাৰি কৰিছে। কোনো অননুমোদিত বা সন্দেহজনক স্থানৰ পৰা সুৰা ক্ৰয় নকৰিবলৈ আৰু নকল সুৰা বিক্ৰীৰ সম্ভেদ পালে তৎক্ষণাৎ ওচৰৰ থানাত জনাবলৈ আৰক্ষীয়ে আহ্বান জনায়। একেদৰে সুৰা সেৱনৰ পিছত দৃষ্টিশক্তি ধুঁৱলী হোৱা বা মূৰ ঘূৰোৱাৰ দৰে লক্ষণ দেখা দিলে বিলম্ব নকৰি চিকিৎসালয়ত ভৰ্তি কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে আৰক্ষীয়ে। নকল সুৰাৰ মূল উৎস চিনাক্ত নকৰালৈকে সুৰা সেৱনৰ পৰা বিৰত থাকিবলৈ ৰাইজক সতৰ্ক কৰি দি আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ ক্ষিপ্ৰ তদন্ত অব্যাহত ৰাখিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *