ৱেবৰ্ছ কন ফেষ্টিভেল ইণ্ডিয়াই ২০২৭ চনৰ ২৭ আৰু ২৮ মাৰ্চত নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া উদ্বোধনী সংস্কৰণৰ বাবে কে-পপ আৰু ভাৰতীয় তাৰকা শিল্পীৰ তালিকাখন ঘোষণা কৰিছে। এই মহোৎসৱ দক্ষিণ কোৰিয়াৰ বাহিৰত প্ৰথমটো সংস্কৰণ হিচাপে চিহ্নিত হ’ব। আন্তঃৰাষ্ট্ৰীয় শিল্পীসকলৰ তালিকাত এনহাইপেন, টুমৰু এক্স টুগেডাৰ, লে চেৰাফিম হোৱাছা, এৰিক নাম, বুমজু, দায়ং, লি হ্যুন, কেটছআইৰ লাৰা আৰু ৰিয়া ৰাজ অন্তৰ্ভুক্ত আছে। সমসাময়িক সংগীত শৈলীৰ বিভিন্ন ধাৰাক প্ৰতিনিধিত্ব কৰি ভাৰতীয় শিল্পী গিনি, কিং, ৰঞ্জ এক্স ক্লিফ্ৰ, ৰেবল আৰু ডিজে জেলোৱেও ইয়াত অনুষ্ঠান পৰিৱেশন কৰিব। হাইব ইণ্ডিয়া আৰু বুক মাই শ্ব’ লাইভে যুটীয়াভাৱে হাইব আৰু ৱেবৰ্ছৰ সৈতে এই উৎসৱৰ প্ৰযোজনা কৰিব। এই মহোত্সৱৰ বাবে কিয়া ইণ্ডিয়া, মাষ্টাৰকাৰ্ড, প্ৰজেক্ট বি আৰু চেমচাং গেলেক্সীয়ে সহযোগিতা কৰিছে, আনহাতে নংছিমো সহযোগী অংশীদাৰ হ’ব। হাইব ইণ্ডিয়াৰ ব্যৱসায়িক উন্নয়ন বিভাগৰ মুৰব্বী সাৰ্থক আৰোৰাই কয় যে, এই মহোৎসৱে শিল্পী আৰু অনুৰাগীসকলক ব্যক্তিগতভাৱে একত্ৰিত কৰিব আৰু ভাৰতৰ ক্ৰমবৰ্ধমান কে-পপ সম্প্ৰদায়ৰ সমৰ্থনক স্বীকৃতি দিব।বুক মাই শ্ব’ৰ লাইভ ইভেণ্টৰ মুখ্য ব্যৱসায়িক বিষয়া নমন পুগালীয়াই জনোৱা অনুসৰি এই অনুষ্ঠানে ভাৰতীয় দৰ্শকৰ বাবে গোলকীয় উৎসৱৰ অভিজ্ঞতা প্ৰদান কৰিব। উল্লেখ্য যে, মাষ্টাৰকাৰ্ড কাৰ্ডধাৰীসকলে ২৭ অক্টোবৰৰ পৰা টিকটৰ আগতীয়া বিক্ৰীত বিশেষ সুযোগ লাভ কৰিব আৰু ইয়াৰ পিছত ৩০ অক্টোবৰৰ পৰা সাধাৰণ টিকটৰ বিক্ৰী আৰম্ভ হ’ব। টিকটসমূহ কেৱল বুক মাই শ্ব’ৰ জৰিয়তেহে উপলব্ধ হ’ব। পৰৱৰ্তী আপডেটসমূহ হাইব ইণ্ডিয়া, ৱেবৰ্ছ জ’ন কমিউনিটী আৰু বুক মাই শ্ব’ লাইভ চেনেলৰ জৰিয়তে সদৰি কৰা হ’ব। Share this:FacebookX Related Post navigation ফিলিপ্ছ হোম এপ্লায়েন্সৰ দুৰ্গোৎসৱৰ অফাৰ, দৈনিক প্ৰতি ঘণ্টাত লাভ কৰিব সোণ আৰু হীৰা জিকাৰ সুযোগ খুচুৰা ঋণ ২৭% বৃদ্ধিৰ বাবে এলএণ্ডটি ফাইনেঞ্চে দ্বিতীয় ত্ৰৈমাসিকত অৰ্জন কৰিছে অভিলেখসংখ্যক ৯৭৫ কোটি টকা