মোবাইল-ফাৰ্ষ্ট ট্ৰেণ্ডৰ বাবে শেহতীয়াকৈ ভাৰতৰ গেমিং উদ্যোগ যথেষ্ট পৰিমাণে বৃদ্ধি হৈছে। উদ্যোগটোৰে জড়িত বিভিন্নজনে প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি গেমিং কোটি কোটি টকাৰ বজাৰ হ’ব পাৰে। ইয়াৰ মাজতে ভিআইৰ ক্লাউড গেমিঙে গ্ৰাহকক নতুন মাত্ৰা প্ৰদান কৰিবলৈ আত্মপ্ৰকাশ কৰিছে। গ্ৰাহকৰ নিৰন্তৰ বিকশিত প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ আৰু মোবাইল ক্লাউড গেমিং সেৱা- ক্লাউড প্লে আৰম্ভ কৰিবলৈ আগশাৰীৰ টেলিকম অপাৰেটৰ ভিআইয়ে কেয়াৰগেমৰ সৈতে অংশীদাৰিত্ব কৰিছে, যাৰ মুখ্য কাৰ্যালয় আছে পেৰিছত। ক্লাউড প্লেই গ্ৰাহকসকলৰ বাবে বিভিন্ন ধৰণৰ প্ৰিমিয়াম এএএ গেমৰ বৈচিত্ৰ্যপূৰ্ণ পৰিসৰ প্ৰদান কৰিছে, য’ত একচন, দুঃসাহসিক, আৰ্কেড, ৰেচিং, স্পৰ্টছ আৰু ষ্ট্ৰেটেজীো অন্তৰ্ভুক্ত। আনহাতে, লঞ্চ কেটেলগত আছে এছফাল্ট ৯, মডাৰ্ন কম্বেট ৫, শ্বেড’ ফাইট, ষ্টৰ্ম ব্লেডছ, ৰিপটাইড, বীচ্চ বাগী ৰেচিং আৰু গ্ৰেভিটী ৰাইডাৰৰ লগতে ক্লাছিকত আছে কাট দ্য ৰ’প, ছাবৱে চাৰ্ফাৰ্ছ আৰু জেটপেক জয়ৰাইড ইত্যাদি। বৰ্তমান বিনামূলীয়া ট্ৰাইল পিৰিয়ডৰ সৈতে ‘ট্ৰাই এন বাই’ মডেলত উপলব্ধ এই সেৱা। ক্লাউড প্লে মুকলিৰ বিষয়ে ঘোষণা কৰি ভোডাফোন আইডিয়াৰ চিএমঅ’ অবনীশ খোছলাই কয় যে, “ক্লাউড প্লে কেৱল এটা গেম নহয়, ক্লাউড প্লে এনে এখন পৃথিৱীলৈ এক নিৰৱচ্ছিন্ন যাত্ৰা য’ত কল্পনাই প্ৰযুক্তিৰ সৈতে সংগতি ৰাখে। আপোনাৰ গেমৰ সময়ক উন্নীত কৰিবলৈ সাজু হওক আৰু অসাধাৰণ কিবা এটাৰ বাবে অন্বেষণ কৰক ।” ক্লাউড প্লে হৈছে এক চাবস্ক্ৰিপচন ভিত্তিক সেৱা, যাৰ মূল্য প্ৰতিমাহে @ ১০০ টকা(প্ৰিপেইড ব্যৱহাৰকাৰীৰ বাবে মাহিলী ১০৪ টকা ৰিচাৰ্জ)। ব্যৱহাৰকাৰীসকলে চাবস্ক্ৰিপচন পেক ক্ৰয় কৰাৰ পূৰ্বে প্ৰাৰম্ভিক অফাৰ হিচাপে বিনামূলীয়াকৈ সেৱাৰ নমুনা গ্ৰহণ কৰিব পাৰে। Share this:FacebookX Related Post navigation আইএছআৰএলৰ লক্ষ্য হৈছে দেশজুৰি ১৫খন ষ্টেডিয়াম মূল্যায়ন আমিনগাঁৱত STFৰ অভিযান