এক বৃহৎ ৰে’ল দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল ওড়িশাৰ ৰাজধানী ভুৱনেশ্বৰ। একেটা ৰে’লপথত মুখামুখি আহি পৰিছিল দুখন ৰে’ল, যাৰ ফলত যাত্ৰী আৰু স্থানীয় লোকসকলৰ মাজত সৃষ্টি হয় তীব্ৰ আতংকৰ। বৃহস্পতিবাৰে ঝাৰপাড়া দলঙৰ সমীপত এই ঘটনা সংঘটিত হয়। প্ৰাথমিক তথ্য অনুসৰি, এখন ৰে’ল ভুবনেশ্বৰৰ পৰা মাঞ্চেশ্বৰ অভিমুখে গৈ আছিল। আনখন ৰে’ল মাঞ্চেশ্বৰৰ পৰা ভুবনেশ্বৰ অভিমুখে আহি আছিল। এটা সময়ত দুয়োখন ৰে’ল একেটা লাইনত মুখামুখি অৱস্থাত উপস্থিত হয়। ফলত সংঘৰ্ষৰ আশংকাই যাত্ৰীসকলৰ মাজত উদ্বেগৰ সৃষ্টি কৰে। ইফালে, ৰে’ল কৰ্মচাৰীৰ সময়োচিত তৎপৰতাত পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনা সম্ভব হয়। ফলত এক সম্ভাৱ্য ভয়ংকৰ দুৰ্ঘটনা এৰাই যোৱাত সক্ষম হয় ৰে’ল কৰ্তৃপক্ষ। ৰে’ল কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে, ঘটনাটোত কোনো লোক হতাহত হোৱা নাই। তথাপিও ব্যস্ত ৰে’লপথটোত সংঘটিত এই ঘটনাই ৰে’ল সুৰক্ষাক লৈ নতুনকৈ প্ৰশ্ন উত্থাপন কৰিছে। কিদৰে দুখন ৰে’ল একেটা লাইনত মুখামুখি অৱস্থাত উপস্থিত হ’ল, সেই বিষয়ত তদন্ত আৰম্ভ কৰিছে ৰে’ল কৰ্তৃপক্ষই। সংকেত ব্যৱস্থা, যোগাযোগ অথবা পৰিচালনাগত কোনো ত্ৰুটি জড়িত আছিল নেকি, সেয়াও খতিয়ান কৰি চোৱা হৈছে। Share this:FacebookX Related Post navigation অৰুণাচলত ভয়ংকৰ ভূমিস্খলন; দ খাৱৈত বাগৰি পৰিল বাহন, নিহত ৩ অবৈধভাৱে মজুত ৩৩টা গেছ চিলিণ্ডাৰ; কাজিৰঙাৰ দুই ভাতৃক ৬ মাহৰ কাৰাদণ্ডৰ শাস্তি আদালতৰ