ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত। এইবাৰ নগাঁও জিলাৰ কামপুৰত বন্যহস্তীৰ আক্ৰমণত প্ৰাণ হেৰুৱাবলগীয়া হ’ল মহিলাসহ দুজনকৈ লোকে। অঞ্চলটোত দীৰ্ঘ সময় ধৰি অব্যাহত থকা বন্যহস্তীৰ উপদ্ৰৱে এতিয়া সাধাৰণ ৰাইজক আতংকিত কৰি ৰাখিছে। কামপুৰ বন সংমণ্ডল কাৰ্যালয়ৰ অন্তৰ্গত কন্দপাৰা আৰু ৰাংলা বস্তি গাঁৱত আজি পুৱতি নিশা এই ঘটনা সংঘটিত হয়। বন্য হস্তীৰ আক্ৰমণত নিহত লোক দুজনক ক্ৰমে চহাজ উদ্দিন আৰু হানুফা খাতুন বুলি চিনাক্ত কৰা হৈছে। স্থানীয় ৰাইজে সদৰী কৰা মতে, নিশাৰ ভাগত বন্য হস্তীৰ জাকটোৱে জনাঞ্চলত প্ৰৱেশ কৰিছিল। নিহত হানুফা খাতুনৰ পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি, এটা বনৰীয়া হাতীয়ে তেওঁক ঘৰৰ পৰা টানি উলিয়াই আনি আক্ৰমণ কৰে। এই আক্ৰমণৰ ফলত অঞ্চলটোৰ আন কেইবাগৰাকীও লোক আহত হৈছে। প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি, বনৰীয়া হাতীৰ জাকটোৱে সমগ্ৰ নিশা ধৰি কেইবাটাও আৱাসিক এলেকাত উপদ্ৰৱ চলোৱাৰ ফলত স্থানীয় লোকৰ ঘৰ-দুৱাৰ আৰু সা-সম্পত্তিও ক্ষতিগ্ৰস্ত হয়। আহত লোকসকলক উদ্ধাৰ কৰি চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে। এই ঘটনাই সমগ্ৰ কামপুৰ অঞ্চলত এক শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে। ইফালে, বৰ্তমান বন বিভাগৰ কৰ্মী আৰু স্থানীয় প্ৰশাসনে সমগ্ৰ পৰিস্থিতি পৰ্যবেক্ষণ কৰিছে। হাতীৰ জাকে কৰা ক্ষয়-ক্ষতিৰ পৰিমাণ নিৰূপণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষই ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে। অঞ্চলটোত দীৰ্ঘদিন ধৰি চলি অহা মানুহ-হাতীৰ সংঘাতৰ স্থায়ী সমাধানৰ বাবে স্থানীয় ৰাইজে প্ৰশাসনক দাবী জনাইছে। Share this:FacebookX Related Post navigation জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ; উচ্চ ন্যায়ালয়ত খাৰিজ মূল অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন গোৱালপাৰাত বিদ্যুৎস্পৃষ্ট হৈ গৰ্ভৱতী বন্যহস্তীৰ মৃত্যু