অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে আজি এক গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰে। সমগ্ৰ ৰাজ্য জোকাৰি যোৱা এই হাইপ্ৰ’ফাইল গোচৰটোৰ প্ৰধান অভিযুক্ত তথা নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ মুখ্য উদ্যোক্তা শ্যামকানু মহন্তৰ জামিন আবেদন সম্পূৰ্ণৰূপে খাৰিজ কৰে উচ্চ ন্যায়ালয়ে। ইতিপূৰ্বে যোৱা ২৫ মে’ত ন্যায়ালয়ে দুয়ো পক্ষৰ দীঘলীয়া যুক্তি শুনাৰ পিছত জামিনৰ ৰায় সংৰক্ষিত ৰাখিছিল। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ একক বিচাৰপীঠে এই চূড়ান্ত ৰায়দান কৰে। শুনানিকালত ৰাজ্যৰ মহাধিবক্তা দেৱজিৎ ল’ন শইকীয়াই অভিযুক্তৰ জামিনৰ তীব্ৰ বিৰোধিতা কৰি ন্যায়ালয়ত কেতবোৰ গুৰুত্বপূৰ্ণ তথ্য দাঙি ধৰে। চৰকাৰী পক্ষই যুক্তি দৰ্শায় যে ছিংগাপুৰত কণ্ঠশিল্পীগৰাকীৰ মৃত্যু হোৱাৰ পিছতেই শ্যামকানু মহন্তই মালয়েছিয়ালৈ পলায়ন কৰিছিল আৰু এক লুকআউট জাননী জাৰি কৰাৰ পিছতহে তেওঁক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল। এই পৰিস্থিতিত তেওঁক জামিন প্ৰদান কৰিলে গোচৰৰ তদন্ত প্ৰক্ৰিয়াত ব্যাঘাত জন্মোৱাৰ লগতে পুনৰ দেশ এৰি পলায়ন কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। ন্যায়ালয়ে এই যুক্তি গ্ৰহণ কৰি ইতিপূৰ্বে নিম্ন আদালতে প্ৰদান কৰা আদেশকে বাহাল ৰাখে। উচ্চ ন্যায়ালয়ত এই ৰায়দানৰ সমান্তৰালভাৱে, জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰটোৰ সৈতে জড়িত থকা আন ৫ জন অভিযুক্তৰ জামিন আবেদনৰ শুনানিও আজি বিশেষ ফাষ্টট্ৰেক আদালতত অনুষ্ঠিত হয়। এই অভিযুক্তসকল ক্ৰমে শেখৰজ্যোতি গোস্বামী, অমৃতপ্ৰভা মহন্ত, সন্দীপন গাৰ্গ, নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্য। বিশেষ ফাষ্টট্ৰেক আদালতৰ ন্যায়াধীশ শৰ্মিলা ভূঞাৰ সন্মুখত বৰ্তমান এই শুনানি চলি আছে, য’ত চৰকাৰী পক্ষই আটাইকেইজনৰে জামিনৰ তীব্ৰ বিৰোধিতা কৰিছে। উল্লেখ্য যে, ২০২৫ চনৰ ১৯ ছেপ্টেম্বৰত ছিংগাপুৰৰ লাজাৰছ দ্বীপৰ ওচৰৰ সাগৰত সাতুৰি থকা অৱস্থাত অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যু হৈছিল। প্ৰাৰম্ভিক পৰ্যায়ত ইয়াক এক দুৰ্ঘটনাজনিত কাৰণ বুলি ভবা হৈছিল যদিও পৰৱৰ্তী সময়ত আৰক্ষীৰ বিশেষ তদন্তকাৰী দলে ইয়াক এক পৰিকল্পিত অপৰাধ হিচাপে গণ্য কৰে। তদন্তত প্ৰকাশ পোৱা অনুসৰি, সংগ্ৰহ কৰা তথ্যৰ আধাৰত অভিযুক্তসকলে শিল্পীগৰাকীৰ শাৰীৰিক অসুস্থতাৰ কথা জানিও তেওঁক অতিৰিক্ত সুৰাপান কৰিবলৈ দিছিল আৰু কোনো নিৰাপত্তা ব্যৱস্থা নোহোৱাকৈ সাগৰৰ পানীত নামিবলৈ এৰি দিছিল। এই গুৰুতৰ অভিযোগৰ ভিত্তিতেই শেহতীয়াভাৱে আদালতে অভিযুক্তসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। ইফালে, উচ্চ ন্যায়ালয়ৰ আজিৰ এই নিৰ্দেশৰ পিছত প্ৰধান অভিযুক্ত শ্যামকানু মহন্তই কাৰাগাৰতে দিন কটাব লাগিব। Share this:FacebookX Related Post navigation ক্ষেত্ৰীত ট্ৰাকৰ পিছফালে প্ৰচণ্ড খুন্দা তীব্ৰবেগী বলেৰ’ৰ; মহিলাসহ চাৰিজনৰ মৃত্যু