ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত থকা হাতী-মানুহৰ সংঘাতৰ মাজতে অব্যাহত আছে বন্যহস্তীৰ অস্বাভাৱিক মৃত্যুৰ ধাৰা। এইবাৰ গোৱালপাৰা জিলাৰ মৰনৈ অঞ্চলত খাদ্যৰ সন্ধানত জনাঞ্চললৈ আহি বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হ’ল এটা গৰ্ভৱতী বন্যহস্তীৰ। গাঁৱৰ মাজত থকা বিদ্যুৎ পৰিবাহী তাঁৰৰ সংস্পৰ্শলৈ অহাৰ পিছতে হস্তীটোৰ থিতাতে মৃত্যু ঘটে। জানিব পৰা মতে, বুধবাৰে নিশা ওচৰৰে এখন বনাঞ্চলৰ পৰা অকলশৰীয়া হাতীটোৱে খাদ্যৰ সন্ধানত মৰনৈৰ জনাঞ্চলত প্ৰৱেশ কৰিছিল। গাঁৱৰ মাজেৰে পাৰ হৈ যোৱাৰ সময়তে বন্যহস্তীটো হঠাতে এডাল বিদ্যুৎ পৰিবাহী তাঁৰত লাগি ধৰে। নিশাৰ ভাগতে ঘটনা সন্দৰ্ভত খবৰ পাই বন বিভাগৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে। বৃহস্পতিবাৰে পুৱা বন বিভাগে মৃত হাতীটোৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰে। এই পৰীক্ষাতে স্পষ্ট হয় যে মৃত হাতীটো গৰ্ভৱতী আছিল। ইয়াৰ পিছতে বন বিভাগৰ নিয়ম আৰু বন্যপ্ৰাণী নীতি অনুসৰি গৰ্ভস্থ পোৱালিটোৰ সৈতে হস্তীটোক পুতি থোৱা হয়। স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে, খাদ্যৰ সংকটৰ বাবেই বন্যহস্তীসমূহে সঘনাই বনাঞ্চলৰ পৰা ওলাই আহি জনাঞ্চলত প্ৰৱেশ কৰিবলগীয়া হৈছে। আনহাতে, কি পৰিস্থিতিত হাতীটোৱে বিদ্যুতৰ তাঁৰত স্পৰ্শ কৰিলে, সেই সমগ্ৰ বিষয়টোৰ ওপৰত বন বিভাগে এক তদন্ত আৰম্ভ কৰিছে। একেলগে বিদ্যুতৰ লাইনটোৰ উৎস আৰু ইয়াৰ সুৰক্ষা ব্যৱস্থাও পৰীক্ষা কৰা হ’ব বুলি কৰ্তৃপক্ষই জানিবলৈ দিয়ে। Share this:FacebookX Related Post navigation কামপুৰত বন্যহস্তীৰ আক্ৰমণত নিহত মহিলাসহ দুজন