মণিপুৰত সন্ত্ৰাসবাদীৰ অতৰ্কিত আক্ৰমণত প্ৰাণ হেৰুৱাবলগীয়া হ’ল অসম ৰাইফলছৰ দুজন জোৱান। সোমবাৰে উখৰুল জিলাত সংঘটিত এই আক্ৰমণত কেইবাজনো আন জোৱানো আহত হয়। আৰক্ষীৰ তথ্য অনুসৰি, দুপৰীয়া প্ৰায় ১.৩০ বজাত নুংসাং খং অঞ্চলত ৪০ অসম ৰাইফলছৰ এটা কনভয় লক্ষ্য কৰি সন্দেহযুক্ত সন্ত্ৰাসবাদীয়ে গুলীবৰ্ষণ কৰে। আক্ৰমণত ঘটনাস্থলীতেই দুজন জোৱান নিহত হয় আৰু কেইবাজনো জোৱান আঘাতপ্ৰাপ্ত হয়। ঘটনাৰ পিছতে সমগ্ৰ অঞ্চলটো ঘেৰি ধৰি ব্যাপক তালাচী অভিযান আৰম্ভ কৰে নিৰাপত্তা বাহিনীয়ে। আক্ৰমণকাৰীক বিচাৰি অভিযান অব্যাহত থকা বুলি আৰক্ষীয়ে জনায়। ইফালে, এই আক্ৰমণৰ তীব্ৰ গৰিহণা দিয়ে মণিপুৰৰ গৃহমন্ত্ৰী গোবিন্দদাস কন্থৌজামে। সামাজিক মাধ্যম ‘এক্স’ত প্ৰকাশ কৰা এক বাৰ্তাত তেওঁ কয়, “উখৰুলৰ নুংসাং খঙত ৪০ অসম ৰাইফলছৰ কনভয়ৰ ওপৰত সংঘটিত এই অতৰ্কিত আক্ৰমণৰ ঘটনাত মই গভীৰভাৱে মৰ্মাহত।” আক্ৰমণৰ সৈতে জড়িত লোকসকলৰ বিৰুদ্ধে আইন অনুসৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও আশ্বাস দিয়ে গৃহমন্ত্ৰীগৰাকীয়ে। উল্লেখ্য যে, ২০২৩ চনৰ মে’ মাহত আৰম্ভ হোৱা মেইটেই আৰু কুকি-জো জনগোষ্ঠীৰ জাতিগত সংঘৰ্ষৰ পিছৰে পৰা মণিপুৰৰ স্পৰ্শকাতৰ অঞ্চলসমূহত অব্যাহত আছে নিৰাপত্তা বাহিনীৰ তালাচী আৰু এলেকা নিয়ন্ত্ৰণ অভিযান। এই সংঘৰ্ষত এতিয়ালৈকে ২৬০ জনতকৈ অধিক লোকৰ মৃত্যু ঘটাৰ লগতে হাজাৰ হাজাৰ লোক গৃহহীন হৈছে। Share this:FacebookX Related Post navigation অসম বিধানসভাৰ কাৰ্যবিৱৰণীত সংযোজন হ’ল হিন্দী ভাষা; বাজেট অধিৱেশনৰ পৰাই আৰম্ভ নতুন ব্যৱস্থা আলফা (স্বা)ৰ সৈতে যোগাযোগ আৰু ধন দাবীৰ অভিযোগ! ডিব্ৰুগড়ত এজনক গ্ৰেপ্তাৰ