টিভিএছ মটৰ কোম্পানীয়ে ভাৰতৰ যুৱ ৰেচিং প্ৰতিভাক চিনাক্ত আৰু উদযাপনৰ উদ্দেশ্যে এক তৃণমূল পৰ্যায়ৰ মটৰস্পৰ্টছ পদক্ষেপ— টিভিএছ আপাচে জুনিয়ৰ প্ৰগ্ৰেম মুকলি কৰিছে। এই কাৰ্যসূচীৰ অংশ হিচাপে কোম্পানীটোৱে মাদ্ৰাজ মটৰ স্পৰ্টছ ক্লাৱক ১০ খন টিভিএছ আপাচে আৰআৰ ২০০ মিনি মটৰচাইকেল আগবঢ়াইছে। এমএমএচচিয়ে এই মটৰচাইকেলসমূহ এক সুপৰিকল্পিত ৰাইডাৰ ডেভেলপমেণ্ট প্ৰগ্ৰেমৰ অধীনত ১০ৰ পৰা ১৪ বছৰ বয়সৰ উদীয়মান ৰেচাৰসকলক প্ৰশিক্ষণ দিবলৈ ব্যৱহাৰ কৰিব।

এই পদক্ষেপৰ অধীনত মাদ্ৰাজ ইণ্টাৰনেচনেল কাৰ্টিং এৰিনাত পেছাদাৰী প্ৰশিক্ষণ প্ৰদান কৰা হ’ব। ইয়াত অংশগ্ৰহণকাৰীসকলে অভিজ্ঞ প্ৰশিক্ষক আৰু টিভিএছ ৰেচিং চেম্পিয়নসকলৰ তত্ত্বাৱধানত বিশেষভাৱে প্ৰস্তুত কৰা আপাচে আৰআৰ ২০০ মিনি মটৰচাইকেলৰ সহায়ত প্ৰশিক্ষণ লাভ কৰিব। এই কাৰ্যসূচীয়ে এক নিয়ন্ত্ৰিত পৰিৱেশত অনুশাসন, সঠিকতা, নিয়ন্ত্ৰণ আৰু সুৰক্ষাৰ দৰে ৰেচিঙৰ মূল কথাবোৰ বিকশিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। টিভিএছ মটৰে জানিবলৈ দিয়ে যে এই কাৰ্যসূচীয়ে যুৱ ৰাইডাৰসকলৰ বাবে এক স্পষ্ট পথ সৃষ্টি কৰিব— য’ত আপাচে জুনিয়ৰ প্ৰগ্ৰেমৰ পৰা টিভিএছ অ’এমচি ৰুকী কেটেগৰী, আৰআৰ ৩১০ এক্সপাৰ্ট কেটেগৰী আৰু টিভিএছ ৰেচিং ইণ্টাৰনেচনেল চেম্পিয়নশ্বিপলৈ নিজকে প্ৰস্তুত কৰিব পাৰিব। টিভিএছ মটৰ কোম্পানীৰ প্ৰিমিয়াম বিজনেছ শাখাৰ মুৰব্বী বিমল চুম্বলীয়ে এই পদক্ষেপ সন্দৰ্ভত মন্তব্য কৰি কয় যে, এই কাৰ্যসূচীয়ে ১৫ বছৰৰ অনুৰ্ধ্বৰ (প্ৰতিযোগিতামূলক ৰেচিঙৰ বয়সতকৈ কম) শিশুসকলৰ বাবে পদ্ধতিগত ৰেচিং প্ৰশিক্ষণৰ অভাৱ পূৰণ কৰিব আৰু ভাৰতৰ তৃণমূল পৰ্যায়ৰ মটৰস্পৰ্টছ পৰিৱেশতন্ত্ৰক শক্তিশালী কৰিব।

গুৱাহাটী মহানগৰীতো এই পদক্ষেপে উত্তৰ-পূৰ্বাঞ্চলৰ যুৱ প্ৰেমিৰ মাজত মটৰস্পৰ্টছৰ প্ৰতি অধিক আগ্ৰহ সৃষ্টি কৰিব বুলি আশা কৰা হৈছে, য’ত মটৰচাইকেল চলোৱাৰ সংস্কৃতি ক্ৰমাৎ বৃদ্ধি পাইছে। উদ্যোগ পৰ্যবেক্ষকসকলৰ মতে, এনে পদক্ষেপে পেছাদাৰী ৰেচিঙত অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰাৰ লগতে অঞ্চলটোৰ উদীয়মান ৰাইডাৰসকলৰ মাজত সুৰক্ষিত আৰু দায়িত্বশীলভাৱে গাড়ী চলোৱাৰ সজাগতাও বৃদ্ধি কৰিব পাৰে। টিভিএছ আপাচেয়ে এইবাৰ ৰেচিং-অনুপ্ৰাণিত প্ৰদৰ্শনৰ ২০ বছৰ সম্পূৰ্ণ কৰিছে, সমগ্ৰ বিশ্বৰ ৯০ খন দেশত ৭ মিলিয়নতকৈও অধিক ৰাইডাৰৰ এক বৃহৎ নেটৱৰ্ক গঢ়ি তুলিছে। কোম্পানীটোৱে উচ্চ প্ৰদৰ্শনক্ষম মটৰচাইকেল উৎপাদন আৰু ভৱিষ্যতৰ ৰেচিং প্ৰতিভা গঢ়ি তুলিবলৈ নিজৰ ট্ৰেক টু ৰোড দৰ্শনক আগুৱাই লৈ গৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *