পুনৰ নীপকোৱে খুলি দিছে তিনিখনকৈ গেট । এৰি দিছে দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ গেটেৰ পানী । দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ জলস্তৰ বৃদ্ধি পোৱাৰ বাবে এই গেট তিনিখন খুলি দিয়া হৈছে ।বৃহস্পতিবাৰে পুৱাৰ তথ্য অনুসৰি প্রতি ছেকেণ্ডত ৯৪ হাজাৰ লিটাৰকৈ পানী এৰিছে নীপকোৱে । উল্লেখযোগ্য যে উজনি অসমৰ কেইবাখনো জিলাত ভয়াৱহ বান পৰিস্থিতিৰ মাজতেই নীপকোৱে প্ৰথম অৱস্থাত ৪ খনকৈ গেটেৰে পানী এৰিছিল যদিও পৰৱৰ্তী সময়ত বৰষুণ কমাৰ ফলত বন্ধ কৰিছিল এই গেটসমূহ ।কিন্তু বুধবাৰে অসমৰ লগতে নাগালেণ্ডতো অতিপাত বৰষুণ হোৱাৰ ফলত পুনৰ তিনিখনকৈ গেটেৰে নীপকোৱে পানী এৰি দিয়ে । ইয়াৰ ফলত পুনৰ উজনি অসমত বানৰ আশংকা কৰা হৈছে । কিয়নো নীপকোৱে পানী এৰি দিলেই গোলাঘাট জিলাৰ সৰুপথাৰ সমষ্টিৰ দৈয়াং নৈৰ জলস্তৰ বৃদ্ধি পায় । Share this:FacebookX Related Post navigation ৰাজ্যত আকৌ বানে প্ৰলয় সৃষ্টি কৰাৰ আশংকা জুনিয়ৰ প্ৰগ্ৰেমৰ জৰিয়তে তৃণমূল পৰ্যায়ৰ মটৰস্পৰ্টছক শক্তিশালী কৰিছে টিভিএছ মটৰে আপাচে