টিভিএছ মটৰ কোম্পানীয়ে ২০২৬ চনৰ মে’ মাহত সৰ্বকালৰ সৰ্বোচ্চ মাহেকীয়া বিক্ৰী অৰ্জনৰ কথা সদৰি কৰিছে। কোম্পানীটোৱে মুঠ ৫,৬৬,৫৮৫ ইউনিট বাহন বিক্ৰী কৰিছে, যি যোৱা বছৰৰ একেটা মাহতে বিক্ৰী হোৱা ৪,৩১,২৭৫ ইউনিটৰ তুলনাত ৩১ শতাংশ বৃদ্ধি প্ৰদৰ্শন কৰিছে। কোম্পানীটোৱে জনোৱা মতে, ২০২৬ৰ মে’ত মুঠ দুচকীয়া বাহনৰ বিক্ৰী ৩১ শতাংশ বৃদ্ধি পাই ৫,৪৩,১১১ ইউনিট হৈছে, যি এবছৰৰ পূৰ্বে ৪,১৬,১৬৬ ইউনিট আছিল। ঘৰুৱা দুচকীয়া বাহনৰ বিক্ৰীয়েও ২৪ শতাংশৰ শক্তিশালী বৃদ্ধি পঞ্জীয়ন কৰি ২০২৫-ৰ মে’ৰ ৩,০৯,২৮৭ ইউনিটৰ পৰা ৩,৮৪,৫৬৫ ইউনিটলৈ বৃদ্ধি পাইছে। এই মাহত মটৰচাইকেলৰ বিক্ৰী ৩০ শতাংশ বৃদ্ধি পাই ২,৭৩,৮০২ ইউনিট হৈছে, আনহাতে স্কুটাৰৰ বিক্ৰী ৩২ শতাংশ বৃদ্ধি পাই ২,২০,৭৪০ ইউনিট হৈছে। টিভিএছ মটৰৰ ইলেক্ট্ৰিক বাহন শিতানটোৱে নিজৰ শক্তিশালী গতি অব্যাহত ৰাখিছে, যোৱা বছৰৰ মে’ মাহত ইভি বাহনৰ বিক্ৰী ২৭,৯৭৬ ইউনিটৰ তুলনাত ৫৬ শতাংশ বৃদ্ধি পাই ৪৩,৬৩২ ইউনিট হৈছে, যাৰ ফলত ই কোম্পানীটোৰ এইপৰ্যন্ত সৰ্বোচ্চ ইভি বিক্ৰী প্ৰদৰ্শন হৈছে। আন্তঃৰাষ্ট্ৰীয় ব্যৱসায়ো আন এক অন্যতম প্ৰধান বিকাশৰ কাৰক হিচাপে আত্মপ্ৰকাশ কৰিছে, য’ত বিদেশত মুঠ বিক্ৰী ২০২৫ৰ মে’ত ১,১৮,৪৩৭ ইউনিটৰ পৰা ৪৯ শতাংশ বৃদ্ধি পাই অভিলেখসংখ্যক ১,৭৫,৯৯১ ইউনিট হৈছেগৈ। আন্তঃৰাষ্ট্ৰীয় দুচকীয়া বাহনৰ বিক্ৰী ৪৮ শতাংশ বৃদ্ধি পাই ১,৫৮,৫৪৬ ইউনিট হৈছে। গুৱাহাটী মহানগৰীত স্কুটাৰ, মটৰচাইকেল আৰু ইলেক্ট্ৰিক বাহনৰ ক্ৰমবৰ্ধমান গ্ৰাহকৰ চাহিদাই অসম তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত বিক্ৰীৰ শক্তিশালী ধাৰাত অৰিহণা যোগাইছে। ব্যক্তিগত গতিশীলতাৰ প্ৰতি ক্ৰমাৎ বৃদ্ধি পোৱা আগ্ৰহ আৰু ইভি গ্ৰহণৰ সম্প্ৰসাৰণে অঞ্চলটোত টিভিএছ সামগ্ৰীৰ অধিক চাহিদাক সমৰ্থন কৰিব বুলি আশা কৰা হৈছে। কোম্পানীটোৰ তিনিচকীয়া বাহনৰ খণ্ডটো শক্তিশালী ৫৫ শতাংশ বৃদ্ধি হৈছে, য’ত বিক্ৰী এবছৰৰ পূৰ্বৰ ১৫,১০৯ ইউনিটৰ পৰা বৃদ্ধি পাই ২৩,৪৭৪ ইউনিট হৈছেগৈ। Share this:FacebookX Related Post navigation ৰেন’ল্টৰ একেৰাহে নৱম মাহৰ বাবে পাইকাৰী বিক্ৰীত ব্যৱসায়িক বৃদ্ধিৰ অভিলেখ