ৰেনল্ট গ্ৰুপৰ পূৰ্ণ মালিকানাধীন সহযোগী প্ৰতিষ্ঠান ৰেনল্ট ইণ্ডিয়াই মে’ মাহত ধাৰাবাহিকভাৱে নৱম মাহৰ বাবে পাইকাৰী বিক্ৰী বৃদ্ধি কৰিবলৈ সক্ষম হৈছে, যি বৃদ্ধিৰ ধাৰা ২০২৩ চনৰ ছেপ্টেম্বৰ মাহৰ পৰা অব্যাহত আছে। ২০২৫ চনৰ ছেপ্টেম্বৰৰ পৰা ২০২৬ চনৰ মে’ মাহৰ ভিতৰত ৰেনল্ট ইণ্ডিয়াই সৰ্বমুঠ ৩৮,২২৫ ইউনিট বিক্ৰী কৰিবলৈ সক্ষম হয়, যি যোৱা বছৰৰ একেটা সময়ৰ তুলনাত ৪৬% শক্তিশালী অধিক। ‘বাহন’ৰ তথ্য অনুসৰি, মে’ মাহত ৰেনল্ট ইণ্ডিয়া আছিল ইতিবাচক খুচুৰা বিক্ৰী বৃদ্ধি পোৱা ভাৰতৰ মাত্ৰ দুটা যাত্ৰীবাহী বাহন নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ ভিতৰত অন্যতম। কোম্পানীটোৱে এই মাহত পাইকাৰী বিক্ৰীত বছৰেকীয়া হিচাপত ৬৪% বৃদ্ধিৰ কথাও প্ৰকাশ কৰে, যিয়ে গ্ৰাহকৰ চাহিদা আৰু ভাৰতীয় বজাৰত ৰেন’ল্টৰ বৰ্ধিত উপস্থিতি স্পষ্ট কৰি তোলে। এই নিৰন্তৰ বৃদ্ধিয়ে ভাৰতীয় গ্ৰাহকৰ মনঃপুত হোৱা সামগ্ৰী আগবঢ়োৱাৰ ক্ষেত্ৰত ৰেনল্ট ইণ্ডিয়াৰ নিৰন্তৰ প্ৰচেষ্টাকেই প্ৰতিফলিত কৰিছে আৰু ইয়াৰ লগতে বিশ্বৰ অন্যতম প্ৰতিযোগিতামূলক অটোমোটিভ বজাৰত ৰেনল্টৰ স্থিতি শক্তিশালী কৰিছে। Share this:FacebookX Related Post navigation জেন জি ভ্ৰমণকাৰীসকলে বাৰ্ষিক দীঘলীয়া ছুটী বাদ দি বাছি লৈছে স্বতঃস্ফূৰ্ত চুটি ভ্ৰমণ, এয়াৰবিএনবিৰ প্ৰতিবেদনত প্ৰকাশ টিভিএছ মটৰ ২০২৬ চনৰ মে’ মাহত সৰ্বকালৰ সৰ্বোচ্চ মাহেকীয়া বিক্ৰী অৰ্জনৰ কথা সদৰি কৰিছে