নিযুক্তিৰ মাত্ৰ এদিন পাছতেই স্থগিতাদেশ জাৰি কৰা হয় চামগুৰিৰ নৱনিৰ্বাচিত বিধায়ক তাঞ্জিল হুছেইনৰ নতুন পদবীত। দেওবাৰে তেওঁক অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ উপ-সভাপতি হিচাপে নিযুক্তি দিয়া হৈছিল। এই খবৰে ব্যাপক চৰ্চা লাভ কৰাৰ মাজতে ২৪ ঘণ্টা নৌহওঁতেই তেওঁৰ সেই নিযুক্তিত স্থগিতাদেশ জাৰি কৰে কেন্দ্ৰীয় নেতৃত্বই। এই ঘটনাই প্ৰদেশ কংগ্ৰেছৰ ভিতৰচ’ৰাৰ তীব্ৰ অন্তৰ্কলহৰ কথাটো যেন পুনৰ এবাৰ প্ৰতিপন্ন কৰিলে। ৰাজনৈতিক মহলত চলি থকা চৰ্চা অনুসৰি, প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ শিবিৰৰ তীব্ৰ আপত্তিৰ বাবেই কংগ্ৰেছ হাই কমাণ্ডে এই কঠোৰ সিদ্ধান্ত লয়। প্ৰদেশ যুৱ কংগ্ৰেছৰ দায়িত্বত থকা নৱনিযুক্ত বিধায়ক জুবেইৰ আলমৰ যোগেদি তাঞ্জিল হুছেইনক এই গুৰুত্বপূৰ্ণ পদত নিযুক্তি দিয়া হৈছিল। কিন্তু এই নিযুক্তিক লৈ প্ৰদেশ যুৱ কংগ্ৰেছৰে এটা শক্তিশালী পক্ষই ক্ষোভ প্ৰকাশ কৰে। তেওঁলোকে এই সন্দৰ্ভত সভাপতি গৌৰৱ গগৈৰ ওচৰত আনুষ্ঠানিকভাৱে আপত্তি দৰ্শায়। পৰৱৰ্তী সময়ত সভাপতি গগৈয়ে এই অসন্তুষ্টিৰ কথা যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতৃত্বক অৱগত কৰাৰ লগে লগেই কেন্দ্ৰই এই নিযুক্তি প্ৰক্ৰিয়া অনিৰ্দিষ্টকাললৈ স্তব্ধ কৰি দিয়ে। ফলত যুৱ কংগ্ৰেছৰ উপ-সভাপতি হোৱাৰ আশাত চেঁচাপানী পৰে নৱনিৰ্বাচিত বিধায়কগৰাকীৰ। উল্লেখ্য যে, যোৱা ৩১ মে’ত যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি তথা প্ৰদেশ যুৱ কংগ্ৰেছৰ দায়িত্বত থকা মিতেন্দ্ৰ দৰ্শন সিঙে এক নিৰ্দেশযোগে তাঞ্জিল হুছেইনক এই নিযুক্তি প্ৰদান কৰিছিল। কিন্তু আচৰিত ধৰণে তাৰ পিছদিনা অৰ্থাৎ সোমবাৰে আন এক জাননীৰ জৰিয়তে তেওঁ নিজেই এই নিযুক্তিত স্থগিতাদেশ জাৰি কৰে। কেন্দ্ৰীয় কাৰ্যালয়ৰ পৰা জাৰি কৰা নতুন নিৰ্দেশনাটোত কোৱা হৈছে যে কৌশলগত দিশৰ প্ৰতি লক্ষ্য ৰাখি পূৰ্বৰ নিযুক্তিপত্ৰখন তাৎক্ষণিকভাৱে স্থগিত কৰা হয়। পৰৱৰ্তী নিৰ্দেশ জাৰি নকৰালৈকে এই নিযুক্তি অবৈধ বুলি গণ্য কৰা হ’ব বুলিও স্পষ্ট কৰি দিয়ে ৰাষ্ট্ৰীয় নেতৃত্বই। সমগ্ৰ সাংগঠনিক পুনৰ্গঠনৰ মূল্যায়ন সম্পূৰ্ণ হোৱাৰ পিছতহে এই সন্দৰ্ভত নতুন সিদ্ধান্ত গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে কেন্দ্ৰীয় সমিতিয়ে। Share this:FacebookX Related Post navigation টিভিএছ মটৰ ২০২৬ চনৰ মে’ মাহত সৰ্বকালৰ সৰ্বোচ্চ মাহেকীয়া বিক্ৰী অৰ্জনৰ কথা সদৰি কৰিছে কঠোৰ পৰিশ্ৰম আৰু পেছাদাৰী সফলতাৰ প্ৰতীক হেলিকপ্টাৰখনৰ সন্মুখতে প্ৰেয়সীক বিবাহৰ প্ৰস্তাৱ সেনাৰ পাইলটৰ