টিভিএচ মটৰ কোম্পানী আৰু ইণ্ডিয়ান অইল কৰ্পৰেচন লিমিটেড-এ সমগ্ৰ ভাৰতজুৰি বহনক্ষম উপায়েৰে অন্তিম পৰ্যায়ৰ এলপিজি চিলিণ্ডাৰ বিতৰণ প্ৰক্ৰিয়াক প্ৰসাৰিত কৰিবলৈ এক কৌশলগত অংশীদাৰিত্বত উপনীত হৈছে। এই সহযোগিতাৰ অধীনত ইণ্ডিয়ান অইলৰ ব্যাপক বিতৰক নেটৱৰ্কৰ জৰিয়তে টিভিএচ কিং কাৰ্গ’ এইচডি নামৰ বাণিজ্যিক বাহনসমূহ নিয়োজিত কৰা হ’ব। তামিলনাডুৰ কইম্বাটুৰত এই বুজাবুজি চুক্তি স্বাক্ষৰিত হয়, যাৰ দ্বাৰা স্বচ্ছ আৰু অধিক দক্ষ বাণিজ্যিক পৰিবহণৰ লক্ষ্যৰে এক দীৰ্ঘম্যাদী সহযোগিতাৰ সূচনা হৈছে। এই অংশীদাৰিত্বৰ অধীনত গ্ৰাহকৰ ঘৰে ঘৰে চিলিণ্ডাৰ ডেলিভাৰী কৰাৰ বাবে টিভিএচ কিং কাৰ্গ’ এইচডি বাহনসমূহৰ ব্যৱহাৰ সহজসাধ্য কৰি তুলিবলৈ টিভিএচ মটৰে ইণ্ডিয়ান অইলৰ ১৩,০০০তকৈও অধিক এলপিজি বিতৰক নেটৱৰ্কৰ সৈতে একেলগে কাম কৰিব। এই পদক্ষেপৰ উদ্দেশ্য হৈছে কাৰ্বন নিৰ্গমন হ্ৰাস কৰা, কাৰ্যক্ষমতা বৃদ্ধি কৰা, বিতৰকসকলৰ সামগ্ৰিক মালিকীস্বত্বৰ খৰচ হ্ৰাস কৰা আৰু ভাৰত চৰকাৰৰ স্বচ্ছ গতিশীলতাৰ লক্ষ্যসমূহক সমৰ্থন কৰা। ইণ্ডিয়ান অইলৰ বিতৰকসকললৈ বাহন বিতৰণৰ প্ৰথম পৰ্যায় অতি শীঘ্ৰেই আৰম্ভ হ’ব বুলি আশা কৰা হৈছে। টিভিএচ মটৰৰ ব্যৱসায়িক গতিশীলতা শাখাৰ ব্যৱসায়িক মুৰব্বী ৰজত গুপ্তাই কয় যে, এই সহযোগিতাই ব্যৱসায়ীসকলক উৎপাদনশীলতা বৃদ্ধিত সহায় কৰাৰ লগতে বহনক্ষম পৰিবহণ ব্যৱস্থাক অধিক ব্যৱহাৰিক আৰু সুলভ কৰি তুলিব। ইণ্ডিয়ান অইলৰ কাৰ্যবাহী সঞ্চালক বি চি অশোকনে কয় যে, ইলেক্ট্ৰিক কাৰ্গ’ বাহনৰ অন্তৰ্ভুক্তিয়ে এলপিজি বিতৰণ ব্যৱস্থাটোক আধুনিক কৰি তুলিব, বাহনসমূহৰ উৎপাদনশীলতা বৃদ্ধি কৰিব, পৰিচালন ব্যয় হ্ৰাস কৰিব আৰু সমগ্ৰ দেশতে পৰিৱেশ অনুকূল পৰিবহণ ব্যৱস্থাত অৰিহণা যোগাব। গুৱাহাটী মহানগৰীত এই অংশীদাৰিত্বই অসমৰ এলপিজি বিতৰক আৰু বাণিজ্যিক বাহন চালকসকলৰ মাজত আগ্ৰহ সৃষ্টি কৰিব বুলি আশা কৰা হৈছে, য’ত দক্ষ লাষ্ট-মাইল ডেলিভাৰী সেৱাৰ চাহিদা ক্ৰমাগতভাৱে বৃদ্ধি পাই আহিছে। উদ্যোগ বিশেষজ্ঞসকলৰ মতে স্বচ্ছ কাৰ্গ’ বাহনৰ উপলব্ধতাই অঞ্চলটোত বহনক্ষম পৰিবহণ ব্যৱস্থা খৰতকীয়া কৰাত উৎসাহিত কৰিব পাৰে, যাৰ ফলত বিতৰণ প্ৰক্ৰিয়া সুচল হ’ব আৰু স্থানীয় ব্যৱসায়ীসকলৰ পৰিচালন ব্যয় হ্ৰাস পাব। Share this:FacebookX Related Post navigation পুনৰ কৃত্ৰিম বানত বুৰিল যোৰবাট ক’লা পোছাক পিন্ধি বিধানসভাৰ চৌহদত অখিল গগৈৰ প্ৰতিবাদ