পুনৰ কৃত্ৰিম বানত বুৰিল যোৰবাট । উজনিমুৱা আৰু গুৱাহাটী অভিমুখী হাজাৰ হাজাৰ বাহন আবদ্ধ । পুনৰ উজনি-নামনিমুৱা যাতায়াত ব্যৱস্থা স্তব্ধ হৈ পৰিছে । এজাক মুষলধাৰ বৰষুণৰ পিছতে যোৰাহাটত সাগৰসদৃশ পৰিৱেশৰ সৃষ্টি হৈছে । যোৰাবাট আৰু ইয়াৰ সমীপৱৰ্তী অঞ্চলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ।ৰাষ্ট্ৰীয় ঘাইপথত পানী জমা হোৱাৰ ফলত কেইবাখনো ব্যক্তিগত তথা বাণিজ্যিক বাহন, অট’ৰিক্সা আৰু মটৰ চাইকেল পথৰ মাজতে বিকল হৈ পৰিছে । ফলত কেইবাজনো চালকে নিজৰ বাহন ঠেলি সুৰক্ষিত স্থানলৈ নিয়াৰ বাবে প্ৰচেষ্টা চলাবলগীয়া হৈছে ।বৰষুণ আৰম্ভ হোৱাৰ কিছু সময়ৰ ভিতৰতে পথছোৱাত সাগৰসদৃশ পৰিৱেশৰ সৃষ্টি হৈছে । ফলত উৰণ সেতুৰ তলৰ পথেৰে যান-বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে আৰু সমগ্ৰ অঞ্চলটোত এক তীব্ৰ বিশৃংখল পৰিস্থিতিৰ সৃষ্টি হৈছে ।এনে পৰিস্থিতিত আপুনি যোৰাবাটৰ দিশে গ’লে ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ’ব লাগিব ! যাৰ বাবে যোৰাবাট হৈ নাযাবলৈও ইতিমধ্যে প্ৰশাসনে পৰামৰ্শ জাৰি কৰিছে । গুৱাহাটী আৰক্ষীয়ে সামাজিক মাধ্যমৰ জৰিয়তে বিশেষ পথ নিৰ্দেশনাও জাৰি কৰিছে । Share this:FacebookX Related Post navigation ভিয়েটনামত স্পীডবোট দুৰ্ঘটনা; ১৫ জনৰ মৃত্যুৰ আশংকা, আছিল ৩২ ভাৰতীয় পৰ্যটক সেউজ এলপিজি বিতৰণক ত্বৰান্বিত কৰিবলৈ টিভিএচ মটৰ আৰু ইণ্ডিয়ান অইলৰ সহযোগিতা