শেহতীয়া পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনত শোচনীয় পৰাজয় বৰণ কৰাৰ পিছৰে পৰা তীব্ৰ খহনীয়াই জুৰুলা কৰিছে মমতা বেনাৰ্জীৰ দল তৃণমূল কংগ্ৰেছক। দলৰ পৰা বহিষ্কৃত নেতা ঋতব্ৰত বেনাৰ্জীয়ে ইতিমধ্যে বিধায়কসকলৰ মাজত বিভাজন ঘটোৱাৰ পিছত এইবাৰ দিল্লীত দলটোৰ ২১ গৰাকীকৈ লোকসভা সাংসদে এক গোপন বৈঠকত মিলিত হোৱা কাৰ্যই সৰ্বত্ৰে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ৰাজ্যখনৰ মুঠ ৮০ গৰাকী তৃণমূল বিধায়কৰ ভিতৰত ৫৮ গৰাকীয়েই ইতিমধ্যে ঋতব্ৰত বেনাৰ্জীৰ গোটক সমৰ্থন কৰাৰ পাছত এতিয়া দিল্লীত বাহৰ পাতি থকা এই ২১ গৰাকী সাংসদেও দল ত্যাগ কৰাৰ সম্ভাৱনাই দেখা দিছে।

তৃণমূল কংগ্ৰেছৰ মুৰব্বী মমতা বেনাৰ্জী আৰু জ্যেষ্ঠ নেতা অভিষেক বেনাৰ্জীয়ে দিল্লীত উপস্থিত থাকি বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’ৰ গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰাৰ সময়তে দলটোৰ ভিতৰত এই বৃহৎ ভাঙোন প্ৰত্যক্ষ হয়। ইফালে, পশ্চিমবংগৰ নতুন প্ৰেক্ষাপটৰ মাজতে ৰাজ্যখনৰ নতুনকৈ নিৰ্বাচিত মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীও আজি দিল্লী অভিমুখী হোৱা কাৰ্যই ৰাজনৈতিক জল্পনা-কল্পনা বহুগুণে বৃদ্ধি কৰিছে। সংবাদ মাধ্যমৰ খবৰ অনুসৰি, দিল্লীৰ এক তাৰকাযুক্ত হোটেল আৰু চৰকাৰী আৱাসত কেইবাটাও পৰ্যায়ত বৈঠক অনুষ্ঠিত কৰি এই ক্ষুব্ধ সাংসদসকলে পৰৱৰ্তী ৰণনীতি প্ৰস্তুত কৰিব।

এই গুৰুতৰ সংকটৰ মাজতে তৃণমূল কংগ্ৰেছৰ জ্যেষ্ঠ ৰাজ্যসভা সাংসদ সুখেন্দু শেখৰ ৰায়ে দলৰ প্ৰাথমিক সদস্যপদ আৰু সংসদৰ আসন- দুয়োটাৰে পৰা পদত্যাগ কৰে। পদত্যাগ পত্ৰ দাখিল কৰি জ্যেষ্ঠ নেতাজনে কয়, “পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনত ৰাজ্যখনৰ জনসাধাৰণে বিগত ১৫ বছৰৰ দুৰ্নীতি, অৰাজকতা আৰু আইন-শৃংখলাৰ অৱনতিৰ বিৰুদ্ধে বিজেপিৰ সপক্ষে এক ঐতিহাসিক ৰায়দান কৰিলে।” জনতাৰ এই ঐতিহাসিক সিদ্ধান্তক সন্মান জনায় তেওঁ দল আৰু সংসদৰ পৰা আঁতৰি অহাৰ কথা স্পষ্ট কৰে।

উল্লেখ্য যে দিল্লীৰ এই গোপন বৈঠকত কাকলি ঘোষ দস্তিদাৰ, শতাব্দী ৰায়, অসীত মাল, প্ৰসূন বেনাৰ্জী, অৰূপ চক্ৰৱৰ্তী আৰু আবু তাহেৰসহ কেইবাগৰাকীও প্ৰভাৱশালী সংসদ সদস্য উপস্থিত থাকে। এইসকল নেতাই বৰ্তমান লোকসভাৰ অধ্যক্ষ ওম বিৰলাক পত্ৰ প্ৰেৰণ কৰি অভিষেক বেনাৰ্জীৰ নেতৃত্বাধীন সংসদীয় দলৰ পৰা ফালৰি কাটি এক স্বতন্ত্ৰ গোট গঠন কৰা অথবা সমূহীয়াভাৱে পদত্যাগ কৰাৰ দৰে দুটা গুৰুত্বপূৰ্ণ বিকল্পৰ ওপৰত আলোচনা ব্যৱস্থা অব্যাহত ৰাখিছে। সোমবাৰে এই ক্ষুব্ধ সাংসদসকলে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰাৰ সম্ভাৱনা থকা বুলি বিভিন্ন সংবাদ প্ৰতিষ্ঠানে প্ৰকাশ কৰা খবৰে এতিয়া ৰাষ্ট্ৰীয় ৰাজনীতি উত্তপ্ত কৰি তুলিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *